বিত্ত মন্ত্ৰালয়

পশ্চিম বংগত আয়কৰ বিভাগৰ অভিযান

Posted On: 06 NOV 2020 3:11PM by PIB Guwahati

পশ্চিম বংগৰ এগৰাকী বিশিষ্ট কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে কালি অৰ্থাত ৫-১১-২০২০তাৰিখে আয় কৰ বিভাগে অভিযান চলায়। বিশেষ সূত্ৰই দিয়া তথ্যৰ পম খেদি যোৱা বিভাগৰ অভিযানকাৰী দলে ব্যৱসায়ীগৰাকীৰ ৰাণীগঞ্জ, আছানচোল, পুৰুলীয়া আৰু কলকাটাত থকা ঘৰ আৰু কাৰ্যালয় চৌহদত একে সময়তে অভিযানৰ পদক্ষেপ গ্ৰহণ কৰে। ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে হিচাপ বহিৰ্ভূত ধন আহৰণ কৰা আৰু এই ধন বিভিন্ন কাম-কাজত ব্যৱহৃত কৰাৰ তথ্য লাভ কৰা হৈছে।

অভিযানৰ সময়ত প্ৰায় ১৫০ কোটি টকা পৰিমাণৰ পুঁজি বিনিয়োগ কৰা বুলি আৰু ইয়াৰে ১৪৫ কোটি টকা পৰিমাণৰ বিনিয়োগ ইতিমধ্যে বিক্ৰী কৰা বুলি দেখুওৱা নথি-পত্ৰ জব্দ কৰা হয়। অৱশ্যে এই সকলো লেনদেন ভুৱা বুলি অভিযুক্তৰ তৰফৰ ইতিমধ্যে জবানবন্দী দিয়া হৈছে।

তদুপৰি ব্যৱসায়ীগৰাকীৰ চৌহদৰ পৰা ৭.৩ কোটি টকা পৰিমাণৰ হিচাপ বহিৰ্ভুত ধন জব্দ কৰাৰ লগতে কেতবোৰ সন্দেহযুক্ত নথি-পত্ৰও উদ্বাৰ কৰা হয়। এই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।

****

RM/KMN



(Release ID: 1670865) Visitor Counter : 152