কৃষি মন্ত্ৰালয়

দেশখনত জলসিঞ্চনে সামৰি লোৱা ভূমি

Posted On: 23 SEP 2020 1:43PM by PIB Guwahati

ভূমি ব্যৱহাৰৰ পৰিসংখ্যা অনুসৰি, ২০১৩-১৪ ৰপৰা ২০১৫-১৯ লৈ দেশখনত জলসিঞ্চনে সামৰি লোৱা মুঠ এলেকা ৰাজ্য অনুসৰি পৰিশিষ্ট-I ত সন্নিৱিষ্ট কৰা হৈছে।

কৃষি ভূমিত জলসিঞ্চনৰ কাৰ্যক্ৰম ৰাজ্য চৰকাৰৰ নিজা সম্পদ আৰু অগ্ৰাধিকাৰ সাপেক্ষে তেওঁলোকৰদ্বাৰা পৰিকল্পনা, পুঁজি যোগান, সম্পাদনা আৰু পৰিচালনা কৰা হয়। তেওঁলোকৰ প্ৰচেষ্টাত অৰিহণা যোগান আৰু বহনক্ষম উন্নয়নক প্ৰোৎসাহন আৰু জল সম্পদৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ অৰ্থে ভিন্ন আঁচনি আৰু কাৰ্যক্ৰমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য চৰকাৰসমূহলৈ কাৰিকৰী সহায় আৰু আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে।

দেশখনৰ সকলো কৃষিজাত ফাৰ্মত সুৰক্ষিত জলসিঞ্চন নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা ২০১৫-১৬ত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)ৰ শুভাৰম্ভ কৰা যায় আৰু গ্ৰাম্য সমৃদ্ধি সমৃদ্ধ কৰাৰ লক্ষ্য়েৰে ‘পাৰ ড্ৰপ ম’ৰ ক্ৰপ’ প্ৰৱৰ্তন কৰা হয়। পিএমকেএছৱাইৰ চাৰিটা উপাংশ হৈছেঃ এচিলাৰেটেড ইৰিগেশ্যন বেনিফিটছ প্ৰগ্ৰেম (AIBP), হৰ খেত ক’ পানী (HKKP), পাৰ ড্ৰপ ম’ৰ ক্ৰপ আৰু ৱাটাৰছেদ ডেভলপমেন্ট। পিএমকেএছৱাই এ নিশ্চিত জলসিঞ্চনৰ বাবে উৎস সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰাই নহয়, বৰঞ্চ ‘জল সঞ্চয়’ আৰু ‘জল সিঞ্চন’ৰ জৰিয়তে ক্ষুদ্ৰ স্তৰত বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে সুৰক্ষিত জলসিঞ্চনত গুৰুত্ব আৰোপ কৰে। পিএমকেএছৱাই এ ৰাজ্যিক পৰ্যায়ৰ পৰিকল্পনা গ্ৰহণ আৰু সেই অনুসৰি প্ৰকল্প ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিতত জিলা জলসিঞ্চন পৰিকল্পনা আৰু ৰাজ্যিক জলসিঞ্চন পৰিকল্পনাৰ ভিত্তিত ৰাজ্যসমূহে নিজা জলসিঞ্চনৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হয়।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে পিএমকেএছৱাই ৰ উপাংশ পাৰ ড্ৰপ ম’ৰ ক্ৰপ (PDMC) ৰূপায়ণ কৰে যাৰ লক্ষ্য হৈছে যথাযথ/ক্ষুদ্ৰ জলসিঞ্চনৰ জৰিয়তে ফাৰ্ম পৰ্যায়ত পানীৰ ব্যৱহাৰৰ কাৰ্যকাৰিতা। উপলব্ধ জলৰ উৎসৰ ব্যৱহাৰ অনুকূলিত কৰিবলৈ যথাযথ জলসিঞ্চন (ড্ৰিপ আৰু স্প্ৰিৰিংকলাৰ জলসিঞ্চন প্ৰণালী) আৰু উত্তম ‘অন-ফাৰ্ম’ জল ব্যৱস্থাপনা অনুশীলনক প্ৰোৎসাহিত কৰাৰ ওপৰিও, এই উপাংশই ক্ষুদ্ৰ জলসিঞ্চনক সমৃদ্ধ কৰিবলৈ ক্ষুদ্ৰ পৰ্যায়ৰ জল ভাণ্ডাৰ বা জল সংৰক্ষণ/ব্যৱস্থাপনা ক্ৰিয়া-কলাপক প্ৰশস্ত কৰি তুলিছে।

নিম্ন উল্লেখিত তালিকাত যোৱা তিনিটা বছৰত পিডিএমচিৰ অধীনত আবৃত এলেকা আৰু কেন্দ্ৰই মুকলি কৰি দিয়া ধনৰ পৰিসংখ্যা দাঙি ধৰা হৈছেঃ

বছৰ

মুকলি

(কোটি টকাত)

সফলতা

(ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ) (লাখ হেক্টৰ)

2017-18

2819.49

10.48

2018-19

2918.38

11.58

2019-20

2700.01

11.72

উৎসঃ কৃষি সহযোগিতা ও কৃষক কল্যাণ বিভাগ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

টোকাঃ ২০২০-২১ৰ সময়ছোৱাত, এই কাৰ্যক্ৰমৰ বাবে ৪০০০.০০ কোটি টকা আবন্টন দিয়া হৈছে।

আজি ৰাজ্য সভাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে এটা লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

****

APS/SG/RC/SB

পৰিশিষ্ট-I

২০১৩-১৪ ৰপৰা ২০১৫-১৬ লৈ ৰাজ্য-ভিত্তিক জলসিঞ্চনে সামৰি লোৱা মুঠ এলেকাৰ সৱিশেষ (শেহতীয়া উপলব্ধ)

(হাজাৰ হেক্টৰ)

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত

2013-14

2014-15

2015-16

 

অন্ধ্ৰ প্ৰদেশ

3014

2927

2743

 

অৰুণাচল প্ৰদেশ

57

56

56

 

অসম

303

296

297

 

বিহাৰ

2933

2987

2958

 

চত্তীশগড়

1462

1468

1476

 

গোৱা

38

39

39

 

গুজৰাট

4233

4233

4233

 

হাৰিয়ানা

2931

2974

2956

 

হিমাচল প্ৰদেশ

114

117

120

 

জম্মু ও কাশ্মীৰ

323

325

356

 

ঝাৰখণ্ড

217

207

213

 

কৰ্ণাটক

3556

3589

3243

 

কেৰালা

397

414

414

 

মধ্য প্ৰদেশ

9455

9584

9284

 

মহাৰাষ্ট্ৰ

3248

3244

3215

 

মণিপুৰ

69

69

73

 

মেঘালয়

68

81

80

 

মিজোৰাম

16

16

16

 

নাগালেণ্ড

91

97

104

 

উৰিষ্যা

1245

1259

1230

 

পঞ্জাৱ

4143

4118

4137

 

ৰাজস্থান

7650

7882

7938

 

ছিকিম

13

12

16

 

তামিল নাডু

2679

2726

2833

 

তেলেংগানা

2289

1726

1486

 

ত্ৰিপুৰা

78

79

81

 

উত্তৰাখণ্ড

328

330

330

 

উত্তৰ প্ৰদেশ

14027

14389

14231

 

পশ্চিম বংগ

3099

3102

3105

 

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

0

0

0

 

চণ্ডীগড়

0

0

0

 

দাদৰা ও নগৰ হাভেলি

4

4

5

 

দমন ও ডিউ

 

 

 

 

দিল্লী

22

22

22

 

লক্ষদ্বীপ

 

 

 

 

পুডুচেৰী

13

13

13

 

সৰ্ব ভাৰত

68117

68384

67300

উৎসঃ অৰ্থনৈতিক আৰু পৰিসংখ্যা সঞ্চালকালয়, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

টোকা ‘০’ ই ৫০০ হেক্টৰৰ কম এলেকাক সূচিত কৰিছে।

*****



(Release ID: 1658457) Visitor Counter : 160


Read this release in: English , Manipuri , Tamil