উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

‘লক্ষ্যস্থান উত্তৰ-পূৱ-২০২০’ মহোত্সৱৰ লগ’ আৰু গীত মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙে

কভিড-উত্তৰ কালত ভাৰতৰ প্ৰিয় পৰ্যটন আৰু ব্যৱসায়িক লক্ষ্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিব উত্তৰ-পূৰ্বাঞ্চলেঃ ডাঃ জীতেন্দ্ৰ সিং

দেওবাৰে আনুষ্ঠানিকভাৱে এই মহোত্সৱ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে

Posted On: 21 SEP 2020 5:01PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী, ব্যক্তিগত, ৰাজহুৱা অভিযোগ,পেন্সন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙে আজি এক ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে লক্ষ্যস্থান উত্তৰ-পূৱ-২০২০ উত্সৱৰ লগ আৰু গীত মুকলি কৰে।

 

চাৰিদিনীয়া উক্ত অনুষ্ঠান অহা ২৭ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ডাঃ জীতেন্দ্ৰ সিং। ৩০ ছেপ্টেম্বৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু। আনহাতে সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীজ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী।

 

অনুষ্ঠানত মত ব্যক্ত কৰি ডাঃ জীতেন্দ্ৰ সিঙে কয় যে কভিড-উত্তৰ কালত ভাৰতৰ প্ৰিয় পৰ্যটন আৰু ব্যৱসায়িক লক্ষ্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিব উত্তৰ-পূৰ্বাঞ্চলে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানৰ ক্ষেত্ৰত ভোকেল ফৰ লোকেলৰ প্ৰতি গুৰুত্ব আৰোপ কৰাত এক গুৰুত্বপূৰ্ণ ইঞ্জিনৰ দৰে হব। তেওঁ কয়, বিদেশৰ কোনো স্থানলৈ নগৈ প্ৰতিগৰাকী লোকক স্থানীয় পৰ্যটনস্থল সমূহ অন্বেষণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰাৰ বাবে গ্ৰহণ কৰা হৈছে লক্ষ্যস্থান উত্তৰ-পূৱ-২০২০ মহোত্সৱৰ দৰে প্ৰচেষ্টা। মন্ত্ৰীগৰাকীয়ে কয়, জনসাধাৰণে স্থানীয় অঞ্চল ভ্ৰমণ, আৰু স্থানীয় অন্বেষণৰ বাবে সংকল্প লব লাগে, যাৰ ফলত স্থানীয় পৰ্যটন আৰু আতিথ্য উদ্যোগৰ বিকাশ হব। ইয়াৰ উপৰি তেওঁ কয় যে অধিকাংশ কৰণামুক্ত হৈ উত্তৰ-পূৰ্বাঞ্চলে বিশ্বৰ ভিতৰতে এক নিৰাপদ আৰু অতি আকৰ্ষণীয় পৰ্যটন স্থল প্ৰদান কৰিছে।

 

ডাঃ জীতেন্দ্ৰ সিঙে কয় উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ আন অঞ্চলক ইয়াৰ সংস্কৃতি, ব্যঞ্জন, উদ্যমিতা কৌশল, প্ৰাকৃতিক বৈশিষ্ট্য আৰু এনে এক সমাজৰ পৰা শিকাৰ সুযোগ প্ৰদান কৰে যিখন অতি শংখলাবদ্ধ, শিক্ষিত আৰু অগ্ৰগামী। তেওঁ কয়, বাঁহ, হস্তশিল্প, হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰত এই অঞ্চল ব্যৱসায়িকভাৱে অতীজৰে পৰা সমৃদ্ধিশালী।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই লক্ষ্যস্থান উত্তৰ-পূৱ-২০২০ মহোত্সৱ বিগত কেইবাবছৰ ধৰি দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত আহিছে । ২০১৯চনত বাৰাণসীৰ পৰা নতুন দিল্লীৰ ইণ্ডিয়া গেটলৈকে নাইবা চণ্ডীগড় আদিত অনুষ্ঠিত হৈৱা এই মহোত্সৱ এইবাৰ আপোনাসৱৰ গৃহভূমিত অনুষ্ঠিত হব। তেওঁ কয়, এই মহোত্সৱ কেৱল মাত্ৰ পৰ্যটনক কেন্দ্ৰ কৰি নহয়, ই এই অঞ্চলটোৰ অনাৱিস্কৃত সম্ভাৱনাৰ সুযোগ গ্ৰহণ কৰিবলৈ বিচৰা সংস্থা আৰু বিশেষভাৱে তৰুণ উদ্যোগশীল ব্যক্তিসকলৰ বাবে এক আমন্ত্ৰণ।

 

ডাঃ জীতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত সকলোধৰণৰ প্ৰচেষ্টা হাতত লৈছে। ৰেলে পথেই হওক বিমান পথেই হওক বা পথ যোগাযোগ ব্যৱস্থাই হওঁক, যোৱা ৬বছৰত কৰা ৰূপান্তৰ নজিৰবিহীন। তেওঁ কয় যে যোৱা ৬বছৰত কেৱল মাত্ৰ উন্নয়ন ব্যৱধানসমূহেই সফলভাৱে পূৰণ হোৱা নাই, উত্তৰ-পূৰ্বাঞ্চললে মানসিক আত্মবিশ্বাসো অৰ্জন কৰিছে।

 

লক্ষ্যস্থান উত্তৰ-পূৱ-২০২০ৰ লগ

 

 *******

RM/KMN/KG

 



(Release ID: 1657459) Visitor Counter : 164


Read this release in: English , Hindi , Manipuri