মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

শিক্ষা পৰ্ব উদ্যোগৰ অধীনত ‘ভাৰতীয় ভাষাৰ প্ৰচাৰ’ শীৰ্ষক ৱেবিনাৰ

प्रविष्टि तिथि: 17 SEP 2020 7:15PM by PIB Guwahati

শিক্ষা পৰ্ব উদ্যোগৰ অধীনত ১৬ ছেপ্টেম্বৰ,২০২০ত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজেছ-এ ভাৰতীয় ভাষাৰ প্ৰচাৰ শীৰ্ষক বিষয়ত এক ৱেবিনাৰৰ আয়োজন কৰে। শিক্ষা পৰ্বৰ অধীনত নতুন শিক্ষানীতি(এনইপি ২০২০)ৰ প্ৰধান বৈশিষ্ট্যসমূহ দাঙি ধৰিবলৈ শিক্ষা মন্ত্ৰালয়ে ৱেবিনাৰৰ এক শৃংখলাৰ আয়োজন কৰিছে।

 

ভাষা হৈছে শিক্ষা নীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজেছ-এ সকলো ভাৰতীয় ভাষাৰ প্ৰচাৰৰ বাবে কাম কৰে। মন্ত্ৰালয়ৰ কাৰ্যসূচীৰ অংশ হিচাপে চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজেছ-এ নতুন শিক্ষানীতি(এনইপি ২০২০)ৰ দৃষ্টিকোণৰ পৰা ভাৰতীয় ভাষাসমূহৰ প্ৰচাৰৰ দিশত মনোনিৱেশ কৰাৰ বাবে এই ৱেবিনাৰৰ আয়োজন কৰিছিল। এই ৱেবিনাৰৰ উদ্দেশ্য আছিল নতুন শিক্ষানীতি(এনইপি ২০২০)ৰ ভাষাৰ উপাদানসমূহ দৃষ্টিগোচৰ কৰা।

 

চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজেছৰ সঞ্চালক অধ্যাপক ডি.জি. ৰাওৰ অধ্যক্ষতাত অনুষ্ঠিত ৱেবিনাৰত নতুন শিক্ষানীতি(এনইপি ২০২০)ৰ ওপৰত চাৰিগৰাকী বিশিষ্ট পণ্ডিতে বাখ্যা আগবঢ়ায়। বিশেষজ্ঞ বক্তাসকলৰ মাজত আছিল অধ্যাপক উদয়া নাৰায়ণ সিং আৰু অধ্যাপক অদেশ কুমাৰ মিশ্ৰ(দুয়োগৰাকী চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজেছৰ প্ৰাক্তন সঞ্চালক), পদ্মশ্ৰী অধ্যাপক অনভিতা অব্বী আৰু বিশিষ্ট দ্ৰাবিড়িয়ান ভাষাবিদ অধ্যাপক জি. উমামহেশ্বৰা ৰাও। এই ৱেবিনাৰৰ সমন্বয়ক আছিল ডঃ নাৰায়ণ কুমাৰ চৌধুৰী।

 

তেওঁলোকৰ আলোচনাৰ মূল থীমসমূহ তলত উল্লেখ কৰা হলঃ

 

১)নতুন শিক্ষানীতি(এনইপি ২০২০)ত ভাৰতীয় ভাষাৰ প্ৰচাৰৰ সুযোগ

 

২)ভাষা পৰিস্থিতি বিজ্ঞান আৰু থলুৱা সংস্কৃতি সংৰক্ষণ

 

৩)মাতৃভাষা বজাই ৰখা আৰু শিক্ষাৰ মাধ্যম

 

৪)ভাৰতীয় ভাষাৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ

 

অধ্যাপক ইউ. এন সিঙে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ে যে বহু ভাষাবাদ ভাৰতৰ বাবে বোজা নহয় আৰু প্ৰতিটো প্ৰধান ভাষাই আন ভাষাৰ সংযোগ হিচাপে কাম কৰে। তেওঁ আৰু কয় যে সকলোৰে প্ৰচাৰৰ বাবে এটি মানসম্পন্ন কৌশল নাথাকিব পাৰে কাৰণ কিছু স্থানত ঘৰুৱা ভাষাই কাম কৰিব যদিও আন কিছু স্থানত মাতৃভাষা, স্থানীয় ভাষাই কাম কৰিব।

 

 

অধ্যাপক অদেশ কুমাৰ মিশ্ৰই এই বিষয়টি দাঙি ধৰে যে প্ৰতিটো মাতৃভাষাৰ এটা ভাষাৰ মৰ্যাদা নাথাকিলেও প্ৰতিটো ভাষাই এটা মাতৃভাষা। এটা ভাষাৰ বিভিন্ন বৈচিত্ৰ্য থাকিব পাৰে আৰু কেৱল মাত্ৰ এটা বৈচিত্ৰ্যই ভাষাৰ শিখৰত প্ৰৱেশ কৰে। তেওঁ বিশেষভাৱে স্কুলীয়া শিক্ষাৰ প্ৰসংগত ভাষা আৰু মাতৃভাষাসমূহক লৈ আলোচনা কৰে।

 

অধ্যাপক অনভিতা অব্বীয়ে কয় যে প্ৰতিটো ভাষাই অনন্য আৰু সম্প্ৰদায়ৰ অনুভূতি আৰু ধাৰণা কঢ়িয়াই আনে ভাৰতত বহু ভাষা বহু শতিকা ধৰি জীয়াই আছে।

 

অধ্যাপক জি. ইউ. ৰাৱে ভাৰতত ভাষা প্ৰযুক্তিৰ সামগ্ৰিক দৃশ্যপটৰ বিষয়ে আলোকপাত কৰে।

 

 **********

MC/AKJ/AK/KG

 


(रिलीज़ आईडी: 1655958) आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी