হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ব্যয়সাধ্য ভাড়াত আবাসিক চৌহদ (ARHCs) ৰ বাবে ৩১ জুলাই তাৰিখে আৰম্ভ কৰা হৈছে প্ৰকল্প

নগৰীয়া প্ৰব্ৰজক/দৰিদ্ৰলৈ ব্যয়সাধ্য ভাড়াতে থকাৰ সুবিধা

প্ৰাৰম্ভিক পৰ্যায়ত ২.৯৫ লাখ হিতাধিকাৰী লাভৱান্বিত হ’ব

Posted On: 16 SEP 2020 5:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী আবাস যোজনা – নগৰৰ অধীনত ব্যয়সাধ্য ভাড়াত আবাসিক চৌহদ প্ৰকল্প আৰম্ভ কৰা হৈছে। বিগত ৩১ জুলাইত এই প্ৰকল্পৰ সূচনা কৰা হয়। মূলতঃ চহৰত প্ৰব্ৰজক/দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক ব্যয়সাধ্য মূল্যত ভাড়াৰ বিনিময়ত থাকিবলৈ সুবিধা প্ৰদানৰ উদ্দেশ্যে এই প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্প বাস্তৱায়িত কৰিবৰ বাবে সুনিৰ্দিষ্ট গাউডলাইনো প্ৰকাশ কৰা হৈছে আৰু সেয়া সকলো ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।

আনকি কেন্দ্ৰীয় আবাস তথা নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সৈতে সকলো ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চলৰ চুক্তি স্বাক্ষৰ সন্দৰ্ভত এক প্ৰস্তাৱিত খচৰা ৰাজ্য চৰকাৰবোৰলৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰী, বেচৰকাৰী অংশীদাৰীত্বত এই আবাসিক চৌহদ গঢ়ি তোলা হ’ব। এই প্ৰকল্পৰ বাবে ২০২২ চনৰ মাৰ্চ মাহ পৰ্যন্ত সময়সীমা ধাৰ্য কৰা হৈছে। ইয়াৰ বাবে ৬০০ কোটি টকা ইতিমধ্যেই আবণ্টন কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰকল্পৰ অধীনত ২.৫৯ লাখ হিতাধিকাৰী উপকৃত হ’ব।

এই প্ৰকল্পৰ অধীনত মডেল-১ অনুসৰি বিভিন্ন চহৰত আবাসিক চৌহদবোৰ গঢ়ি তোলা হ’ব। মডেল-২  অনুসৰি ৪০,০০০ ছিংগল বা ডবল বেডৰুমৰ নতুন ঘৰ আৰু ১,০০,৮০০ ড’ৰমেটৰি বেড নিৰ্মাণৰো লক্ষ নিৰ্ধাৰণ কৰা হৈছে।

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা জনাইছে কেন্দ্ৰীয় আবাস আৰু নগৰ উন্নয়ন দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে।

*****

RJ/RP/RD



(Release ID: 1655954) Visitor Counter : 191


Read this release in: English , Marathi , Bengali , Tamil