শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

কৰ্মসংস্থানৰ সুযোগ সৃষ্টি

Posted On: 16 SEP 2020 4:55PM by PIB Guwahati

বিশ্বজুৰি ক’ৰোনা সংক্ৰমণ বা ক’ভিড-১৯ অতিমাৰী আৰু তাৰ বাবে দিয়া লকডাউনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাক আঘাত কৰিছে। ক’ভিড-১৯ ৰ ফলত বৃহৎ সংখ্যক প্ৰব্ৰজক শ্ৰমিক বাধ্য হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্যলৈ উভতি গৈছে। ক’ভিড-১৯ ৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলাত কেন্দ্ৰ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ তৰফৰ পৰা ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হৈছে। অৰ্থনীতি, আন্তঃগাঁথনি,ব্যৱস্থাপনা, চাহিদা আৰু দিক নিৰ্দেশক জনসংখ্যাতত্ত্বক সমূখত ৰাখি দেশৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থানৰ লক্ষ্যৰেই আত্মনিৰ্ভৰ ভাৰতৰ সূচনা হৈছে।

ক’ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ প্ৰশমিত কৰিবলৈ কেন্দ্ৰ চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা (পিএমজিকেৱাই) মুকলি কৰিছে। দৰিদ্ৰ লোকসকল এই কঠিন সময়ত, অত্যাৱশ্যকীয় পণ্য সামগ্ৰী ক্ৰয়ৰ বাবে যাতে অসুবিধাত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ হাতত খাদ্য আৰু ধন তুলি দিবলৈকে এই যোজনাৰ সূচনা কৰা হয়।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ভাৰত চৰকাৰে কৰ্মচাৰী ভৱিষ্য নিধিৰ (ইপিএফ) নিয়োগকাৰীৰ ১২% আৰু কৰ্মচাৰীৰ ১২% মুঠ ২৪% মজুৰি একত্ৰিত কৰি মাৰ্চ ২০২০ পৰা আগষ্ট ২০২০ পৰ্যন্ত প্ৰদান কৰিছে। এই সুযোগ লাভ কৰিছে সেই সকলো সংস্থাই, যাৰ ১০০ গৰাকী কৰ্মচাৰী আছে আৰু ৯০% কৰ্মচাৰী বা শ্ৰমিকৰ মাহেকীয়া মজুৰি ১৫ হাজাৰ টকাতকৈ কম।

 

ইপিএফৰ অধীনত থকা সংস্থাবোৰৰ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ উভয়েই বাধ্যতামূলক ভৱিষ্য নিধিৰ (পিএফ) ধন জমা দিয়ে, মজুৰিৰ ১২% ৰ পৰা এতিয়া তিনি মাহৰ বাবে ১০% কৰা হৈছে।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ কৰ্মসংস্থান নিশ্চয়তা প্ৰকল্পত (এমজিএন আৰইজিএছ) অধিক কৰ্মী নিয়োগৰ লক্ষ্যৰে চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ (পিএমএমৱাই) মাধ্যমেৰে স্ব-নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। পিএমএমৱাইৰ অধীনত সূক্ষ্ম উদ্যোগীসকলক ব্যক্তিগতভাৱে সহায়ক হোৱাকৈ ১০ লাখ টকাৰ ঋণ দিয়াৰ ব্যবস্থা কৰা হৈছে যাতে তেওঁলোকে তেওঁলোকৰ ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰে।

যিসকল লোকে পদপথত ব্যৱসায় কৰে, তেনে প্ৰায় ৫০ লাখ ব্যৱসায়ীক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী এছভিএ নিধিৰ মাধ্যমেৰে সহায়ক মূলধন হিচাপে এবছৰৰ বাবে ১০ হাজাৰ টকাৰ ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

শ্ৰম আৰু কৰ্মসংস্থান মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গাংৱাৰে আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য জনায়।

****

RCJ/IA/RD



(Release ID: 1655952) Visitor Counter : 96


Read this release in: English , Marathi , Bengali