গৃহ মন্ত্ৰালয়

কাশ্মীৰত শান্তি স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ

Posted On: 16 SEP 2020 3:28PM by PIB Guwahati

২০১৯চনৰ ৫আগষ্টৰ পৰা ২০২০চনৰ ১০ ছেপ্টেম্বৰলৈ জম্মু আৰু কাশ্মীৰত নিহত হোৱা আৰু শ্বহীদ ঘোষণা কৰা  সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীৰ সংখ্যা তলত দিয়া ধৰণৰ:

বিৱৰণ

সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনা

যুদ্ধ বিৰতি উলংঘণ

সাধাৰণ নাগৰিক নিহত

45

26

শ্বহীদ ঘোষিত নিৰাপত্তাৰক্ষী

49

25

 

চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ নীতি গ্ৰহণ কৰিছে আৰু এই কথা নিশ্চিত কৰাৰ বাবে সুৰক্ষা সম্পৰ্কীয় উপকৰণৰ শক্তি বৰ্দ্ধন কৰা, ৰাষ্ট্ৰ বিৰোধী শক্তিৰ বিৰুদ্ধে প্ৰণয়ন কৰা আইন কঠোৰ ভাবে বলবত্ কৰা, সন্ত্ৰাসবাদী সংগঠনে সৃষ্টি কৰা প্ৰত্যাহ্বান যথোচিত ভাবে মোকাবিলা কৰিব পৰাকৈ টহল আৰু এলেকা অবৰোধ কৰাৰ দৰে বিধি-ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। ইফালে সন্ত্ৰাসবাদীক সহায় আগবঢ়োৱাসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে। সেইদৰে, আইন বলবত্কাৰী এজেন্সীসমূহেও যাৱতীয় ব্যৱস্থা গ্ৰহণৰ উপৰি আৰক্ষী আৰু নাগৰিকৰ মাজত বিভিন্ন পৰ্যায়ত সম্পৰ্ক ঘনিষ্ঠ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা, জম্মু আৰু কাশ্মীৰত কৰ্তব্যৰত নিৰাপত্তাবাহিনীৰ সকলো গোটৰ মাজত তত্কালীন ভাবে চোৰাংচোৱাৰ তথ্য সৰবৰাহ কৰা, সন্ত্ৰাসবাদী অধ্যুষিত এলেকাসমূহত নিৰাপত্তাৰক্ষীৰ পৰীক্ষণ চকীৰ সংখ্যা বঢ়োৱা, টহলৰ মাত্ৰা বৃদ্ধি কৰাৰ দৰে বিধি-ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে।

ইফালে জম্মু আৰু কাশ্মীৰৰ সামগ্ৰিক উন্নয়ণ সাধন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে পিএমডিপি-২০১৫ৰ অধীনত ৮০,০৬৮ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। এই পেকেজত পথ নিৰ্মাণ, শক্তি উত্পাদন আৰু সংপ্ৰেৰণ, স্বাস্থ্য আন্ত্ঃগাঁথনি নিৰ্মাণ, দুখন এইমছ্, আইআইটি আৰু আইআইএম স্থাপন কৰা আৰু পৰ্যটন উদ্যোগৰে জড়িত ৬৩টা উন্নয়ণী প্ৰকল্প অন্তৰ্ভুক্ত হৈ আছে। এই মুহূৰ্তত প্ৰকল্পসমূহৰ কাম-কাজ বিভিন্ন পৰ্যায়ত অব্যাহত আছে। হিমায়ত্ আৰু পিএমকেভিওৱাই-ৰ দৰে বিভিন্ন আঁচনিৰ অধীনত জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্থাপন দিয়াৰ প্ৰক্ৰিয়াও অব্যাহত ৰখা হৈছে।

যুৱ-প্ৰজন্মক মূলসূতিৰে সংপৃক্ত কৰাৰ বাবে ৱতন কো জানো কাৰ্যক্ৰম, ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান কাৰ্যক্ৰম, ক্ৰীড়াৰ লগতে চিএপিএফ-ৰ দৰে সামাজসেৱামূলক কাৰ্যক্ৰম ৰূপায়ণৰো ব্যৱস্থা কৰা হৈছে।

ৰাজ্য সভাত আজি প্ৰদান কৰা এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জি কিষণ ৰেড্ডীয়ে।

NW/RK/PK/DDD/376/KB



(Release ID: 1655324) Visitor Counter : 111


Read this release in: English , Bengali , Tamil , Telugu