কৃষি মন্ত্ৰালয়

কৃষি গৱেষণাৰ বাবে পুঁজিৰ আৱণ্টন

Posted On: 15 SEP 2020 4:05PM by PIB Guwahati

২০১৭-১৮ বিত্তীয় বৰ্ষত কৃষি গৱেষণা আৰু শিক্ষা শিতানত দেশৰ সৰ্বমুঠ ঘৰুৱা উত্পাদনৰ ০.৬৭শতাংশ ব্যয় কৰা হৈছিল।

ৰাজকোষৰ ধনৰ পৰ্যাপ্ততাৰ ওপৰত ভিত্তি কৰিহে কৃষিখণ্ডত ব্যয় কৰা হয়। বিগত বছৰচেৰেকত কৃষি গৱেষণা আৰু পৰীক্ষা শিতানত ৰাজকোষৰ ধনৰ ব্যয়ৰ পৰিমাণ উল্লেখনীয় পৰিমাণে বৃ্দ্ধি কৰা হৈছে। এই পৰিমাণ বৰ্তমানৰ মূল্যমানৰ হিচাপত ২০১৪-১৫ বৰ্ষৰ ১১৫.৪৪ বিলিয়ন টকাৰ বিপৰীতে ২০১৭-১৮বৰ্ষত এই পৰিমাণ হয়গৈ ১৭৩.৬০বিলিয়ন টকা। 

কৃষি গৱেষণাৰ মান উন্নত কৰা আৰু এই সংক্ৰান্তীয় উত্তৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ এক জ্ঞান-ভাণ্ডাৰ গঢ়ি তোলাৰ বাবে বিভাগটোৱে এক পৰিকল্পনা যুগুতাই ইয়াৰ বাবে পুঁজিৰ প্ৰস্তাৱ প্ৰেৰণ কৰে। ইফালে বিভাগৰ তৰফৰ পৰা কৃষি গৱেষণাৰ বুনিয়াদী, ৰণকৌশলগত আৰু কৃষিৰ বিকশিত নোহোৱা বিষয়-বস্তু সন্দৰ্ভত গৱেষণাৰ কৰ্ম পৰিকল্পনা যুগুতোৱাৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক ভাবে প্ৰস্তাৱ আহ্বান কৰে। এই আহ্বানৰ প্ৰতি এনএআৰএছ, আইআইটি-ৰ দৰে দেশৰ অগ্ৰণী আৰু স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠানে সঁহাৰি জনায়। চৰকাৰে বৰ্তমানে থকা কৃষি গৱেষণাৰ আন্তঃগাঁথনি উন্নত কৰা, কৃষি গৱেষণাৰ মান আৰু অধিক উন্নত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখে। প্ৰশাসনীয় পদ্ধতিকে ধৰি কৃষি-গৱেষণাৰ সামগ্ৰিক পদ্ধতি কম্পিউটাৰাইজড আৰু ডিজিটাইজড কৰাৰ লগতে উপকৰণ আৰু ৰসায়ণ আদিৰো আধুনিকীকৰণত বিশেষ ভাবে মনোনিৱেশ কৰে।

গৱেষণাৰ ফলাফলগত উত্তৰণৰ লক্ষ্যৰে কৃষিকে ধৰি বিজ্ঞানৰ সকলো ক্ষেত্ৰত ভাৰত চৰকাৰে বিদেশী গৱেষণা প্ৰতিষ্ঠান-বিশ্ববিদ্যালয় আদিৰে জোঁট বন্ধনৰ পদক্ষেপ গ্ৰহণ কৰে। চিজিআইএআৰ প্ৰতিষ্ঠানসমূহ, এফএঅ, ইউএনআইডিঅ, অইচিডি, ৱেষ্ট আফ্ৰিকা এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটী প্ৰগ্ৰেম(ডব্লিউএএপিপি), কেনছাছ ষ্টেট ইউনিভাৰ্চিটী-ইউএছএ, আফ্ৰিকান-এছীয়ান ৰুৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন(এএআৰডিঅ), ছাৰ্ক ৰিজিঅনেল নেটৱৰ্ক, আইচিআৰআইএছএটি, চিআইএমএমওৱাইটি, এআইটি, চিআইআৰএডি, আইডিআৰচি, আইআৰআৰআই, এছএআৰইচি আৰু ইউএছএআইডি আদি ইউৰোপ, আমেৰিকা, আফ্ৰিকা আৰু অন্যান্য এছীয় দেশৰ প্ৰতিষ্ঠান-সংস্থাসমূহৰে দেশৰ কৃষি গৱেষণা প্ৰতিষ্ঠানসমূহে বিভিন্ন কাৰ্যক্ৰমৰ বাবে জোঁট বান্ধিছে।

আজি লোকসভাত প্ৰদান কৰা এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে।

 

****

 

APS/SG/KB



(Release ID: 1654727) Visitor Counter : 99