তীখা মন্ত্ৰালয়

তীখা উদ্যোগৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ

Posted On: 14 SEP 2020 3:28PM by PIB Guwahati

তীখা নিৰ্মাণ প্ৰক্ৰিয়াত ডিজিটেল আৰু এনালাইটিক্ছৰ অন্তৰ্ভুক্তিৰ বাবে ভাৰতীয় তীখা উদ্যোগসমূহে নিম্নোক্ত পদক্ষেপসমূহ গ্ৰহণ কৰিছে-

  • কিউআৰ কোড ভিত্তিক টেগৰ প্ৰৱৰ্তন যাতে গুণগতমান অনুসৰণ কৰিব পাৰি
  • ৰেক ৰিটেনচন সময় হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীকৃত য়াৰ্ড ব্যৱস্থাপনাৰ প্ৰৱৰ্তন
  • চূড়ান্ত যৌগ আৰু চূড়ান্ত গ্ৰেডভিত্তিক কনভাৰ্টাৰ এনালাইছিছ ঠাৱৰ কৰিবলৈ এছএমএছভিত্তিক অনুধাৱন ব্যৱস্থা
  • সামগ্ৰীৰ গুণগতমান উন্নত কৰিবলৈ কক, পেলেট আৰু ছিনটাৰৰ গুণগতমানৰ অনুকূলন
  • ককৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ লো নিৰ্মাণ প্ৰক্ৰিয়াৰ মডেলিং

উদ্যোগটোৰ ষ্টেকহ’ল্ডাৰ, গৱেষণা লেব আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক তীখা মন্ত্ৰালয়ৰ গৱেষণা আৰু বিকাশ আঁচনিৰ সংবদ্ধ অংশ হিচাপে গণ্য কৰা হ’ব আৰু লো তথা তীখা খণ্ডৰ প্ৰযুক্তিগত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে এই বিকাশ আৰু গৱেষণামূলক পদক্ষেপসমূহ বিবেচনা কৰা হ’ব৷

কেন্দ্ৰীয় তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি লোকসভাত লিখিত ৰূপত এই তথ্য প্ৰকাশ কৰে৷

*****

YKB/TFK/MANN



(Release ID: 1654334) Visitor Counter : 125


Read this release in: English , Manipuri , Punjabi , Tamil