কয়লা মন্ত্ৰালয়
কয়লাৰ চাহিদা পূৰ কৰিবৰ বাবে ৱেষ্টাৰ্ণ ক’লফিল্ড লিমিটেডে এতিয়াৰে পৰা ৰে’লযোগে প্ৰেৰণ কৰিব দুগুণ পৰিমাণৰ কয়লা
Posted On:
09 SEP 2020 5:36PM by PIB Guwahati
ক’ল ইণ্ডিয়া লিমিটেড চমুকৈ চিআইএলৰ সহায়ক কোম্পানী ৱেষ্টাৰ্ণ ক’লফিল্ড লিমিটেড (WCL) এ এক অভিলাষী কাৰ্যপন্তা হাতত লৈছে আৰু তাৰ বাব পৰিকল্পনাও সাজু কৰি তুলিছে। এই পৰিকল্পনা অনুসৰি বিদ্যুৎক্ষেত্ৰত উপভোক্তাসকলৰ অতিৰিক্ত চাহিদা পূৰণ কৰিবৰ বাবে WCL এ ৰে’লযোগে পূৰ্বতকৈ দুগুণ পৰিমাণৰ কয়লা প্ৰেৰণ কৰিব।উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে অহা ২০২১ চনৰ জানুৱাৰী মাহৰ পৰাই প্ৰতিদিনে ৫০ ৰেক কয়লা পৰিবহন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ সৈতে সম্বন্ধীয় গতিবিধিবোৰ সুব্যৱস্থাপিত কৰিবৰ বাবে মিছন ১০০ দিনৰ কাৰ্যপন্থা প্ৰস্তুত কৰা হৈছে।
WCL এ অলপতে মধ্য, পশ্চিম আৰু দক্ষিণ ভাৰতৰ বিদ্যুৎ উপভোক্তাসকলক অতি সুলভ মূল্যতে অতিৰিক্ত কয়লা উপলব্ধ কৰাইছে। মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যসমূহৰ বিদ্যুৎ উৎপাদক কোম্পানীবোৰ তথা NTPC আৰু IPP ৰ সৈতে আলোচনাৰ কৰাৰ পিছত WCL এ আশা কৰিছে যে CIL আৰু HCCL ৰ অন্য সহায়ক কোম্পানীবোৰৰ পৰা সালসলনি কৰাৰ পিছত এই উপভোক্তাসকলৰ পৰা প্ৰতিবছৰে প্ৰায় ২৫ মিলিয়ন টন অতিৰিক্ত কয়লাৰ প্ৰয়োজন সৃষ্টি হ’ব।
চাহিদাৰ ক্ষেত্ৰত ব্যাপক বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি WCL এ আগন্তুক জাকনুৱাৰী মাহৰ পৰা প্ৰতিদিনে ৫০ ৰেক কয়লা প্ৰেৰণ কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ বাবে ক্ৰেশ্বিং, পৰিবহন আৰু লোডিংৰ সুবিধা বৃদ্ধি কৰা হ’ব। ইয়াৰ ফলত ৫ ছেপ্তেম্বৰৰ পৰা ১৫ ডিচেম্বৰ, ২০২০ লৈ চলিবলগীয়া এই মিছন ১০০ দিনৰ কাৰ্যক্ৰমণিকাৰ মাজতে কৰ্মৰাজি সম্পাদন কৰা হ’ব। চলিত বৰ্ষটোত গড় লোডিং বৃদ্ধি কৰি প্ৰতিদিনে ৪০ ৰেক আৰু সৰ্বাধিক ৫০ ৰেক পৰ্যন্ত কৰা হ’ব। ২০১৯-২০ ত প্ৰতিদিনৰ গড় ২৩ ৰেক আৰু সৰ্বাধিক ২৯ ৰেক আছিল। কয়লাৰ চাহিদা কম হোৱাৰ বাবে চলিত বৰ্ষত ইয়াৰ গড় হ্ৰাস পাই প্ৰতিদিনে গড়ে ১৯ ৰেক হৈছেগৈ।
WCL, চেণ্ট্ৰেল ৰে’লৱে (CR) ৰ মাধ্যমেৰে প্ৰায় ৯০% কয়লা প্ৰেৰণ কৰে। ৰে’লেৰে SECR আৰু SCR ৰ মাধ্যমেৰে এই কয়লাসমূহ প্ৰেৰণ কৰা হয়। ৫০ ৰেকৰ পৰা ৪৩-৪৪ ৰেক CR ৰ, ৪-৫ ৰেক SECR ৰ, আৰু ২ ৰেক SCR ৰ হ’ব। CR বিষয়াসকলৰ সৈতে আয়োজিত এক বৈঠকত ছাইণ্ডিংছৰ সৰ্বাধিক ব্যৱহাৰ, ৰে’লৱেৰ গুডছ শ্বেডৰ ব্যৱহাৰ, পৰ্যাপ্ত ৰেকৰ উপলব্ধতা আৰু ইয়াৰ সময় সন্দৰ্ভত এক বিস্তৃত পৰিকল্পনা যুগুত কৰা হৈছে। CR এ ৰে’ল কয়লাৰ সমন্বয়েৰে ৰেক প্ৰেৰণ দুগুণ কৰিবৰ বাবে WCL ক সকলোধৰণৰ সাহায্য আগবঢ়াব ইতিমধ্যেই আশ্বাস প্ৰদান কৰিছে।
আটাইকেইটা ক্ষেত্ৰৰে মহাপ্ৰবন্ধকসকল, সম্বন্ধিত SDO সকলক আগন্তুক ১০০ দিনৰ ভিতৰত কয়লাৰ ষ্টক আৰু ছাইণ্ডিংছৰ মাজৰ পথছোৱাৰ তদাৰক তথা ৱে-ব্ৰীজৰ সৈতে কয়লাৰ অতিৰিক্ত ক্ৰেশ্বিং আৰু পৰিবহনৰ বাবে যাৱতীয় প্ৰক্ৰিয় পূৰণ কৰিবৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে।
WCL এ ২০১৯-২০ ৰ সময়ছোৱাত ৫৭.৬ মিলিয়ণ টন কয়লা উৎপাদন কৰিছে আৰু ৫২.৫ মিলিয়ন টন কয়লা প্ৰেৰণ কৰিছে। ২০২০-২১ ৰ আৰম্ভণিতে ১৪ মিলিয়ন টনতকৈ অধিক কয়লা ষ্টক আৰু চলিত বৰ্ষত ৬২ মিলিয়ন টন কয়লা উৎপাদনৰ লক্ষ্যৰে কোম্পানীৰ হাতত উপভোক্তাসকলৰ বাবে ৭৫ মিলিয়ন টনতকৈও অধিক কয়লা উপলব্ধ হ’ব। WCL এ ২০২৩-২৪ পৰ্যন্ত উৎপাদন ৭৫ মিলিয়ন টন আৰু তাৰ পিছত ২০২৬-২৭ পৰ্যন্ত ইয়াৰ পৰিমাণ ১০০ মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে। দেশৰ শক্তি বা বিদ্যুৎৰ চাহিদা পূৰণ কৰিবৰ বাবে কয়লাৰ উৎপাদন ক্ষীপ্ৰতৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজনীয়তা আছে।
***
RJ/NG/RM/RD
(Release ID: 1652868)
Visitor Counter : 134