ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

বিজয়পুৰৰ এনএফএল গোটে জৈৱ পচনশীল বৰ্জ্যৰ পৰা সাৰ উৎপাদন কৰিব

উদ্যানৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাৰ লগতে নগৰৰ পৰা সৃষ্টি হোৱা আৰু জৈৱিকভাৱে নিষ্কাশনযোগ্য আৱৰ্জনা প্ৰতিদিনে ২০০০ কিলোগ্ৰামকৈ পুনৰ্নবীকৰণ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে প্ৰকল্পটোৱে

Posted On: 22 AUG 2020 12:47PM by PIB Guwahati

সাৰ দপ্তৰৰ অধীনস্থ ৰাষ্ট্ৰীয় সংস্থা নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডে (এনএফএল) মধ্যপ্ৰদেশৰ বিজয়পুৰত এটা জৈৱ আৱৰ্জনা ৰূপান্তৰশীল সাৰ কাৰখানা গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে। জৈৱ পচনশীল আৱৰ্জনা পদাৰ্থবোৰ এই কাৰখানালৈ লৈ আহি তাত যিবোৰ অংশ পচনশীল নহয় সেইবোৰ পৃথক কৰা হ’ব, তাৰ পিছত ১০ দিন ধৰি পচনশীল অংশটোক সাৰত পৰিণত কৰা হ’ব।

স্বচ্ছ ভাৰতৰ উদ্যোগত চহৰবোৰৰ জৈৱ পচনশীল আৱৰ্জনাবোৰৰ পৰা দৈনিক ২ হাজাৰ কেজি সাৰ উৎপাদন কৰাৰো পৰিকল্পনা হাতত লোৱা হৈছে। এই আৱৰ্জনাৰ মাজত উদ্যানৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাও থাকিব। উৎপাদিত সাৰ বিভিন্ন উদ্যান আৰু ৰাজহুৱা স্থানতো ব্যৱহাৰৰ লগতে জনসাধাৰণে বিচাৰিলে তেওঁলোকৰ ব্যক্তিগত বাগানতো এইবোৰ ব্যৱহাৰ কৰিব পাৰিব।

বিজয়পুৰ এনএফএলৰ মুখ্য মহা প্ৰবন্ধক শ্ৰী জগদীপ শ্বাহ সিং-এ প্ৰস্তাৱিত এই জৈৱ আৱৰ্জনা ৰূপান্তৰশীল সাৰ কাৰখানাৰ ভিতৰত আয়োজন কৰা পূজাতো অংশগ্ৰহণ কৰে।

*****

RCJ/RKM/RD



(Release ID: 1648121) Visitor Counter : 147