নৌ-পৰিবহন মন্ত্ৰালয়

কলকাতা পোৰ্ট ট্ৰাষ্টৰ নাম শ্যামা প্ৰসাদ মুখাৰ্জী ট্ৰাষ্ট নামেৰে নামাংকৃত কৰাৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 03 JUN 2020 5:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট সভাই আজি কলকাতা পোৰ্ট ট্ৰাষ্টৰ নাম শ্যামা প্ৰসাদ মুখা্ৰ্জী ট্ৰাষ্ট হিচাপে নতুনকৈ নামাকৰণৰ এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

কলকাতা পোৰ্টৰ ন্যাসৰক্ষী পৰিষদৰ যোৱা ২৫ ফেব্ৰুৱাৰী, ২০২০ত অনুষ্ঠিত সভাই বিশিষ্ট অইনজ্ঞ, শিক্ষাবিদ, চিন্তানায়ক আৰু জননেতা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেশৰ প্ৰতি আগবঢ়াই থৈ যোৱা অনবদ্য অৰিহণাৰ স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে কলকাতা পোৰ্ট ট্ৰাষ্টৰ নাম শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্ট হিচাপে ঘোষণা কৰাৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰিছিল। 

যোৱা ১২ জানুৱাৰী, ২০২০তাৰিখে অনুষ্ঠিত কলকাতা পোৰ্টৰ ডেৰশবছৰীয়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত কলকাতাবাসীৰ হেপাহৰ প্ৰতি লক্ষ্য ৰাখি  ন কৈ নামকৰণ কৰাৰ কথা উল্লেখ কৰি সেইদিনাই ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাংকৃত কৰাৰ কথা ঘোষণা কৰা হৈছিল। পশ্চিমবংগৰ সুযোগ্য সন্তান, দেশ একত্ৰীকৰণৰ অগ্ৰণী নেতা, বংগৰ বিকাশৰ স্বপ্নদ্ৰষ্টা, দেশৰ উদ্যোগীকৰণৰ অনুপ্ৰেৰণাদাতা তথা দেশৰ বিশিষ্ট আইনজ্ঞ আছিল এইগৰাকী ব্যক্তি।

***

KB


(रिलीज़ आईडी: 1629203) आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu