প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গ্ৰামীণ ভাৰতক ঐতিহাসিক উৎসাহ যোগোৱাৰ বাবে কেবিনেট বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কৃষকসকলক লাভান্বিত কৰা আৰু কৃষি খণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ

অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনৰ জৰিয়তে কৃষকসকলৰ বাবে নিয়ামক পৰিৱেশৰ উদাৰীকৰণ

কৃষিজাত সামগ্ৰীৰ বাধামুক্ত আন্তঃৰাজ্যিক আৰু অন্তঃৰাজ্যিক ব্যৱসায়ত উদ্গনি যোগাবলৈ অধ্যাদেশ জাৰি কৰিবলৈ অনুমোদন

সংসাধন, সমূহ, পাইকাৰী বিক্ৰেতা, বৃহৎ খুচুৰা বিক্ৰেতা, ৰপ্তানিকাৰীসকলক লৈ কৃষকসকলৰ সবলীকৰণ

Posted On: 03 JUN 2020 5:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৩ জুন, ২০২০ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত একাধিক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিবোৰে দীৰ্ঘ সময়ৰ বাবে ভাৰতৰ কৃষকসকলক সহায় কৰাৰ লগতে কৃষিখণ্ডৰো পৰিৱৰ্তন সাধন কৰিব৷

 

অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ ঐতিহাসিক সংশোধনঃ

কেবিনেটে আজি অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ ঐতিহাসিক সংশোধনত অনুমোদন জনায়৷ কৃষি খণ্ডৰ পৰিৱৰ্তন আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত এয়া এক দূৰদৰ্শী পদক্ষেপ৷

পটভূমিঃ

ভাৰতত যথেষ্ট পৰিমাণে কৃষিজাত সামগ্ৰীৰ পাদন ৰাহি হৈ যায় যদিও শীতলীকৰণ গৃহ, সংসাধন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিনিয়োগৰ অভাৱত কৃষকে পাদিত শস্যৰ উচিত মূল্য পাবলৈ সক্ষম নহয়৷ কাৰণ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ গৃহীত নোহোৱাকৈ থকা বিষয়টোৱে তেওঁলোকক নিৰুসাহিত কৰি আহিছে৷ বিশেষকৈ ক্ষয়িষ্ণু সামগ্ৰীৰ ক্ষেত্ৰত কৃষকসকলে অধিক পৰিমাণে লোকচানৰ সন্মুখীন হয়৷ যদি পৰ্যাপ্ত সংসাধন সুবিধা থাকে, তেতিয়া ব্যাপক হাৰত এই লোকচান হোৱাটো ৰোধ কৰিব পৰা যায়৷

লাভালাভ

অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধনৰ জৰিয়তে কেতবোৰ সামগ্ৰী যেনে-ধান, যৱ, ঘেঁহু, মাহজাতীয় শস্য, তৈলবীজ, খোৱা তেল, পিয়াঁজ আৰু আলুক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে৷ এই ব্যৱস্থাই ব্যক্তিগত বিনিয়োগকাৰীসকল অত্যাধিক নিয়ামক হস্তক্ষেপৰ ভয়ৰ পৰা মুক্ত হৈ পৰিব৷

পাদন, মজুতকৰণ, পৰিবহণ, বিতৰণ আৰু যোগান ধৰাৰ স্বাধীনতা লাভ কৰি ব্যাপক হাৰত পাদন কৰা সম্ভৱ হৈ পৰিব আৰু ইয়াৰ সমান্তৰালভাৱে কৃষি খণ্ডত ব্যক্তিগত/প্ৰত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা শীতলীকৰণ গৃহত বিনিয়োগ বৃদ্ধি আৰু খাদ্য যোগান শৃংখলাৰ আধূনিকীকৰণত সহায় ব৷

উপভোক্তাৰ স্বাৰ্থ ৰক্ষা কৰা

চৰকাৰে নিয়ামক ব্যৱস্থা উদাৰ কৰাৰ লগতে উপভোক্তাৰ স্বাৰ্থ সুৰক্ষাও সুনিশ্চিত কৰিছে৷ সংশোধনৰ অধীনত এই ব্যৱস্থা কৰা হৈছে যেনে- দুৰ্ভিক্ষ, যুদ্ধ, অভূতপূৰ্ব মূল্যবৃদ্ধি আৰু প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ সময়ত কৃষিজাত সামগ্ৰী নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ অৱশ্যে, মূল্য শৃংখলাৰ কোনো অংশীদাৰৰ ক্ষমতা আৰু কোনো ৰপ্তানিকাৰকৰ ৰপ্তানিৰ চাহিদাক মজুতকৰণৰ প্ৰতিবন্ধকতাৰ পৰা ৰেহাই প্ৰদান কৰা , যাতে কৃষিখণ্ডত বিনিয়োগৰ ক্ষেত্ৰত তেওঁলোক নিৰুসাহিত নহয়৷ ঘোষিত সংশোধন মূল্যৰ লগতে কৃষ আৰু উপভোক্তা উভয়ৰে বাবে সহায়ক ব৷ ইয়াৰ সমান্তৰালভাৱে মজুতকৰণৰ সুবিধাৰ অভাৱৰ বাবে বপৰা কৃষিজাত সামগ্ৰীৰ লোকচান ৰোধ কৰিব পৰা যাব৷

কৃষিজাত সামগ্ৰী অবাধ ব্যৱসায়

কেবিনেটে কৃষিজাত সামগ্ৰীৰ বাণিজ্য আৰু ব্যৱসায়(সংবৰ্ধন আৰু সুবিধা)অধ্যাদেশ ২০২০ত অনুমোদন জনায়৷

পটভূমি

বিভিন্ন ধৰণৰ নিয়ামক নিষেধাজ্ঞাৰ বাবে দেশৰ কৃষকসকলে নিজৰ উপাদিত সামগ্ৰী বিক্ৰী কৰাত যথেষ্ট অসুবিধাই দেখা দিয়ে৷ জাৰিকৃত কৃষি উপাদন বিপণন সমিতিসূহে বজাৰ ক্ষেত্ৰৰ বাহিৰৰ কৃষকসকলক উপাদিত সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধানিষেধ আছে৷ তেওঁলোকে নিজৰ উপাদিত সামগ্ৰী চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত ক্ৰেতাকহে বিক্ৰী কৰাটো বাধ্যতামূলক৷ তদুপৰি, এখন ৰাজ্যই আন এখন ৰাজ্যত এনে সামগ্ৰী বিক্ৰীটো নিষেধাজ্ঞা আছে৷

লাভালাভঃ

এই অধ্যাদেশ কাৰ্যকৰী লে কৃষকসকলৰ বাবে এক সুগম আৰু মুক্ত পৰিৱেশ গঢ় লৈ উঠিব, যাৰ জৰিয়তে তেওঁলোকে সুবিধা অনুসৰি কৃষিজাত সামগ্ৰী কিনা-বেচাৰ স্বাধীনতা লাভ কৰিব৷ তদুপৰি, ইখন ৰাজ্যই সিখন ৰাজ্যত অনায়াসে এনে সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ পৰিবহণ ব্যয় হ্ৰাস পোৱাৰ লগতে অধিক দাম লাভ কৰাত সহায় কৰিব৷  এই সামগ্ৰীসমূহৰ সুগম ব্যৱসায় সুনিশ্চিত কৰাৰ বাবে এক -মঞ্চ স্থাপনৰো প্ৰস্তাৱ লোৱা হৈছে৷৷

এক দেশ এক কৃষি বজাৰ

অধ্যাদেশৰ মূল উদ্দেশ্য হৈছে এপিএমচি ব্যজাৰসমূহত নিৰ্দিষ্ট সীমাৰ বাহিৰৰ কৃষকসকলে ব্যৱসায়ৰ অতিৰিক্ত সুবিধা লাভ কৰিব, যাৰদ্বাৰা তেওঁলোকে প্ৰতিযোগিতামূলক পৰিৱেশত তেওঁলোকে নিজৰ পাদিত সামগ্ৰী উচিত মূল্য লাভ কৰিব পাৰে৷

সংসাধন, সমূহ, পাইকাৰী বিক্ৰেতা, বৃহ খুচুৰা বিক্ৰেতা, ৰপ্তানিকাৰীসকলক লৈ কৃষকসকলৰ সবলীকৰণ

‘দৰ নিশ্চিতকৰণ আৰু কৃষিজাত সেৱাৰ সন্দৰ্ভত কৃষক(সবলীকৰণ আৰু সুৰক্ষা)চুক্তি অধ্যাদেশ, ২০২০’ত কেবিনেটৰ অনুমোদন

পটভূমিঃ

ভাৰতীয় কৃষিক সৰু আকাৰৰ ভিত্তিত খণ্ডিত খেতি হিচাপে শ্ৰেণীকৰণ কৰা হয় আৰু বতৰৰ ওপৰত নিৰ্ভৰ, উপাদনৰ অনিশ্চয়তা আৰু বজাৰৰ অনিশ্চয়তাই এইবোৰক কিছুপৰিমাণে দুৰ্বল কৰি তোলে৷ এই কৃষি ব্যৱস্থা আশংকাপূৰ্ণ আৰু ব্যয় তথা উপাদন ব্যৱস্থাৰ দিশতো প্ৰভাৱশূন্য৷

লাভালাভ

এই অধ্যাদেশে কৃষকক শোষণৰ ভয় অবিহনে সমতাৰ আধাৰত সংসাধনকৰ্তা, সমূহ, পাইকাৰী বিক্ৰেতা, বৃহ খুচুৰা বিক্ৰেতা, ৰপ্তানিকাৰক আদিৰ সৈতে জড়িত হোৱাত সক্ষম কৰি তুলিব৷ ইয়াৰ দ্বাৰা আধূনিক কৌশল আৰু উন্নত সামগ্ৰী লাভ কৰাটো সুনিশ্চিত কৰিব৷ ইয়াৰ দ্বাৰা বিপণন ব্যয়ো হ্ৰাস পোৱাৰ লগতে কৃষক আয় বৃদ্ধি পাব৷

কৃষকৰ কল্যানৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ চৰকাৰ

কৃষি আৰু আনুষংগিক কাম-কাজৰ সৈতে জড়িত লোকসকলক উসাহ যোগোৱাৰ বাবে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে একাধিক পদক্ষেপ ষোষণা কৰা হৈছে৷ ইয়াৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৰেহাইমূলক ঋণ, কৃষি আন্তঃগাঁথনি প্ৰকল্পৰ বাবে বিত্তীয় সুবিধা, প্ৰধানমন্ত্ৰী মস সম্পদ যোজনাৰ আৰু মীনপালনক শক্তিশালী কৰাৰ বাবে অন্যান্য উপায়, ঠেং আৰু মুখৰ ৰোগ আৰু ব্ৰুছিলিছিছৰ প্ৰতিৰোধী টীকাকৰণ, হাৰ্বেল খেতিৰ প্ৰতি উসাহ যোগোৱা, মৌপালনক উসাহ যোগোৱা আৰু সেউজ অভিযানৰ দৰে ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে৷

পিএম কিষাণৰ জৰিয়তে ৯.২৫ কোটিতকৈ অধিক কৃষক পৰিয়াল উপকৃত হৈছে আৰু লকডাউনৰ সময়ছোৱাত এই পৰিয়ালসমূহক ১৮,৫১৭ কোটি টকা বিতৰণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত দাবীকৃত ৬০০৩.৬ কোটি টকা প্ৰদান কৰা হৈছে৷

এইবোৰ চৰকাৰে গ্ৰহণ কৰা শেহতীয়া এলানি উল্লেখযোগ্য পদক্ষেপ, যিবোৰে ভাৰতৰ পৰিশ্ৰমী কৃষকসকলৰ প্ৰতি আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহকে প্ৰতিফলিত কৰিছে৷

****

VRRK/SH/DB



(Release ID: 1629128) Visitor Counter : 238