মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

প্ৰধানমন্ত্রী ‘মৎস সম্পদ যোজনা’ৰ কেবিনেটৰ অনুমোদন-এই আঁচনিয়ে ভাৰতৰ মৎস খণ্ডত বহনক্ষম আৰু দায়িত্বশীল উন্নয়নৰ জৰিয়তে ‘নীল বিপ্লৱ’ৰ সূচনা কৰিব

प्रविष्टि तिथि: 20 MAY 2020 2:26PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজিপ্ৰধানমন্ত্রী সম্পদ যোজনা(পিএমএমএছৱাই) ৰূপায়ণত অনুমোদন জনাইছে। ভাৰতত ক্ষেত্র বহনক্ষম আৰু দায়িত্বশীল উন্নয়নৰ জৰিয়তে নীল বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে এই আঁচনিত গ্ৰহণ কৰা হৈছে৷ এই আঁচনিত প্ৰধানকৈ দুটা বিষয় আছে-এটা হৈছে 'কেন্দ্রীয় খণ্ডৰ আঁচনি', আনটো হৈছে 'কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি' এই আঁচনিত ২০,০৫০ কোটি টকা বিনিয়োগ ধাৰ্য কৰা হৈছে, যাৰ ভিতৰত কেন্দ্রই ৯,৪০৭ কোটি টকা আৰু ৰাজ্যসমূহে ৪,৮৮০ কোটি আৰু উপভোক্তাই ৫,৭৬৩ কোটি টকা বিনিয়োগ কৰিব৷

২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে বছৰৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হ’ব৷

এই পিএমএমএছৱাই আঁচনিখন ৰূপায়ণ হ’ব

(ক)কেন্দ্রীয় খণ্ডৰ আঁচনি (খ) কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি দুই পৃথক পাদানৰ সহায়ত৷ কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিত আকৌ দুটা ভাগ আছে— এটা হ’ল বেচৰকাৰী হিতাধিকাৰীভিত্তিক আৰু আনটো হ’ল হিতাধিকাৰীভিত্তিক। এই আঁচনিত মূলত তিনিটা লক্ষ্য ধাৰ্য কৰা হৈছে-

১৷ পাদন আৰু পাদনশীলতা বৃদ্ধি

২৷ আন্তঃগাঁথনি আৰু শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা

৩৷ পালন ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ আন্তঃগাঁথনি

পূঁজি আৱণ্টন পদ্ধতিঃ পিএমএমএছৱাই ৰূপায়ণ হ’ব নিম্নোলিখিত আৱণ্টন পদ্ধতিত-

কেন্দ্রীয় খণ্ডৰ আঁচনি

ক৷ সম্পূৰ্ণ আঁচনি/ইউনিটৰ ব্যয় কেন্দ্রীয় চৰকাৰে বহন কৰিব৷

খ৷ যদি প্ৰত্যক্ষ উপভোগকাৰীভিত্তিক আঁচনি যেনে ৰাষ্ট্ৰীয় উন্নয়ন বোর্ডৰ অন্তর্ভূক্ত কেন্দ্রীয় চৰকাৰৰ অধীনস্ত পৃথক/সমূহৰ দ্বাৰা পৰিচালিত কার্যক্ৰম আঁচনি সাধাৰণ শ্রেণীৰ লোকৰ বাবে আঁচনি/ইউনিটৰ ব্যয়ৰ ৪০ শতাংশ পর্যন্ত সাহায্য আগবঢ়াব কেন্দ্রীয় চৰকাৰ তথা এছচি, এছটি শ্রেণীৰ মহিলাসকলৰ বাবে ৬০ শতাংশলৈকে সহায় আগবঢ়োৱা হ’ব৷

কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিৰ পাদানৰ অধীনত বেচৰকাৰী হিতাধিকাৰী কার্যকলাপৰ বাবে সম্পূ্ৰ্ণ আঁচনি/ইউনিট ব্যয় কেন্দ্ৰ/ৰাজ্যৰ মাজত নিম্নোলিখিত উপায়েৰে ভাগ কৰা হ’ব-

ক৷ উত্তৰ-পূব আৰু হিমালয় পাদদেশৰ ৰাজ্যসমূহৰ ক্ষেত্রত ৯০ শতাংশ কেন্দ্রীয় অংশ আৰু ১০ শতাংশ ৰাজ্যসমূহে আগবঢ়াব৷

খ৷অন্যান্য ৰাজ্যৰ ক্ষেত্রত ৬০ শতাংশ কেন্দ্ৰ আৰু ৪০ শতাংশ ৰাজ্যসমূহে প্ৰদান কৰিব৷

গ৷ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০০ শতাংশই কেন্দ্রীয় চৰকাৰে আগবঢ়াব৷ কেন্দ্ৰীয় শাসিত অঞ্চলত কোনো ব্যয়ৰ ভাগ-বতৰা নহয়৷

লাভালাভ

       ১. ম খণ্ডত গুৰুত্বপূর্ণ সমস্যা সমাধান হ’ব আৰু ইয়াৰ সম্ভাৱনীয়তা উপলব্ধি কৰিব পৰা যাব৷

২৷ বহনক্ষম আৰু দায়িত্বশীল পালনৰ জৰিয়তে ২০২৪-২৫ বিত্তীয় বৰ্ষত ২২ মিলিয়ন মেট্রিক টনৰ মাছ উপাদন লক্ষ্যত উপনীত হোৱাৰ বাবে বার্ষিক প্রায় শতাংশ হাৰত মাছৰ পাদন আৰু পাদনশীলতা বৃদ্ধি কৰিব পৰা যাব৷

৩৷ মান সম্পন্ন মাছৰ উপৰি মাছ ধৰাৰ দক্ষতা আৰু কার্যকৰী জলজ স্বাস্থ্য ব্যৱস্থাপনাৰ উন্নতিসাধন হ’ব৷

৪৷আধুনিক আন্তঃগাঁথনি গঢ়ি তোলা সম্ভৱ হ’ব৷

৫৷ মাছ ধৰা আৰু মাছ ধৰাৰ সৈতে জড়িত প্রায় ১৫ লাখ মীন পালক, সজীৱি, কর্মী, বিক্রেতা আৰু চহৰ আৰু গ্রামীণ এলেকাত অন্যান্য ব্যক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে লাভজনক কর্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু তেওঁলোকৰ আয় বৃদ্ধি হ’ব৷
৬৷
খণ্ড বিনিয়োগ বৃদ্ধি আৰু মাছ তথা ৰাষ্ট্ৰীয় সামগ্ৰীৰ প্ৰতিযোগিতা সৃষ্টি হ’ব৷
৭৷ ২০২৪ চনৰ ভিতৰত সজীৱি, মীন পালক আৰু শ্ৰমিকৰ আয় দুগুন হ’ব৷
৮৷ সজীৱি তথা শ্ৰমিকসকলে সামাজিক, শাৰীৰিক তথা অর্থনৈতিক সুৰক্ষা লাভ কৰিব৷


***********

VRRK/SH/DB


(रिलीज़ आईडी: 1626150) आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Odia , English , Urdu , हिन्दी , Punjabi , Gujarati , Kannada