তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘লকডাউন’ৰ সময়ত ৰাজ্যত খাদ্য সামগ্ৰীৰ নাটনি হোৱা বুলি প্ৰচাৰিত বাতৰি ‘ভুৱা’ বুলিলে অৰুণাচল প্ৰদেশ চৰকাৰে

অৰুণাচল প্ৰদেশৰ পৰা তথ্যানুসন্ধান প্ৰতিবেদন

Posted On: 21 APR 2020 5:22PM by PIB Guwahati

লকডাউনএ সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিত হোৱা প্ৰচণ্ড খাদ্য সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ অৰুণাচল প্ৰদেশৰ একাংশ লোকে ৰজা ফেঁটী সাপ মাৰি ভক্ষণ কৰিবলগীয়াত পৰিছে বুলি কেতবোৰ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছে। স্বাভাৱিকতেই এই বাতৰিয়ে সকলোকে স্তম্ভিত কৰি তোলাৰ মুহূৰ্তত অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে অৰুণাচল প্ৰদেশৰ প্ৰতিখন জিলাতে পৰ্যাপ্ত পৰিমাণে চাউল-পাতি মজুত আছে আৰু ইয়াৰে অন্ততঃ তিনিটা মাহৰ বাবে ৰাজ্যবাসীয়ে নিশ্চিন্তে চলিব পাৰিব।

  লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ দুৰ্গম অঞ্চলসমূহলৈ চাউল আৰু অনান্য খাদ্য-সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰা এএন-৩২ আৰু অন্য হেলিকপ্টাৰসমূহ ধাৰাবাহিকভাৱে চলাই ৰখা হৈছে। ইফালে প্ৰয়োজনত ৰাজ্য চৰকাৰেও এই কামৰ বাবে নিজৰ হেলিকাপ্টাৰো ব্যৱহাৰ কৰি আছে।

    আনহাতে, ৰাজ্যখনৰ বিভিন্ন জিলাৰ মুকলি বজাৰসমূহত বিক্ৰী কৰাৰ বাবে ভাৰতীয় খাদ্য নিগমে ১০০০মেট্ৰিক টনৰো অধিক চাউল যোগান ধৰিছে। তদুপৰি, পি এম জি কে ৱাই আঁচনিৰ অধীনস্থ হিতাধিকাৰীসকলক বিতৰণ কৰাৰ বাবে ভাৰত চৰকাৰেও ইতিমধ্যে ১২,০০০মেট্ৰিক টনৰো অধিক চাউল আৱণ্টন দিয়াৰ বিপৰীতে ৮০০০মেট্ৰিক টনৰো অধিক পৰিমাণৰ চাউল ৰাজ্যখনলৈ অনাৰ লগতে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰি থকা হৈছে। ৰাজ্যখনত সম্প্ৰতি ১০০মেট্ৰিক টন আলু আৰু ৬০মেট্ৰিক টন দাইল মজুত ৰখা হৈছে আৰু বজাৰৰ চাহিদা সাপেক্ষে এইখিনি সামগ্ৰী মোকলাই দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে। লকডাউনৰ ফলত জীৱিকা নিৰ্বাহ কৰাৰ বাবে সমস্যাৰ সন্মুখীন হোৱাসকলক চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া খাদ্য-সামগ্ৰীৰো যোগান ধৰি থকা হৈছে। লকডাউন আৰম্ভ হোৱাৰে পৰা এই সময়চোৱাত ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰায় ২০,০০০লোকে এনে সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

   ইফালে,ভিড-১৯ সংক্ৰান্তীয় যিকোনো তথ্য স্পষ্ট কৰাৰ বাবে চৌবিশ ঘণ্টাই চৰকাৰী বিষয়াসকল সচেষ্ট হৈ আহিছে। সেয়ে সংবাদ মাধ্যমৰে জড়িত সংবাদসেৱীসকলে যিকোনো তথ্য অথবা তথ্য সম্পৰ্কীয় স্পষ্টীকৰণ চৰকাৰী সূত্ৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰিহে বাতৰি পৰিবেশন কৰা উচিত।



(Release ID: 1616848) Visitor Counter : 91


Read this release in: English , Manipuri