ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্য্যালয়

প্ৰধান বিজ্ঞান উপদেষ্টাৰ কাৰ্যালয়ে মুকলি কৰিলে ঘৰতে প্ৰস্তুত কৰা মাস্কৰ মেনুৱেলঃ ছাৰ্চ-চিঅ’ভি-১ ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা মাস্ক

ডিএছটি, ডিবিটি, চিএছআইআৰ, ডিএই, ডিআৰডিঅ’ আৰু ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স (আইআইএছচি)ৰ অধীনত জাৰী কৰা এক কাৰ্যালয়ৰ স্মাৰকলিপিত মানসম্পন্ন আৰু কঠোৰ প্ৰ’ট’কলৰ মাজেৰে স্ব-মূল্যায়ন আৰু গৱেষণা তথা পৰীক্ষণৰ বাবে গৱেষণাগাৰ স্থাপন কৰিবলৈ অনুমতি


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আইচিএমআৰে নিৰ্ধাৰণ কৰা অগ্ৰাধিকাৰ অনুসৰি ত্বৰান্বিত হ’ব পৰীক্ষণ
ত্বৰান্বিত হ’ব গৱেষণাও

प्रविष्टि तिथि: 31 MAR 2020 2:21PM by PIB Guwahati

ভাৰত চৰকাৰৰ প্ৰধান বিজ্ঞান উপদেষ্টাৰ কাৰ্যালয়ে ‘‘ছাৰ্চ-কিঅভি-২ কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা মাস্ক’’ শীৰ্ষক ঘৰতে প্ৰস্তুত কৰা মাস্কৰ মেনুৱেল মুকলি কৰিছে৷

‘‘মাস্কসমূহ তেতিয়াহে কাৰ্যক্ষম হব যেতিয়া হাত দুখন এলকলযুক্ত হেণ্ড ৰাব অথবা চাবোন আৰু পানীৰে ধোৱা হব৷ যদি আপুনি মাস্ক পৰিধান কৰিছে তেন্তে ইয়াক কিদৰে ব্যৱহাৰ আৰু নিষ্কাশিত কৰিব লাগে সেই বিষয়ে জনা উচিত’’-বিশ্ব স্বাস্থ্য সংস্থাৰ এইষাৰ উদ্ধৃতি মেনুৱেলখনত উল্লেখ কৰা হৈছে৷

বিশ্লেষণত পৰিলক্ষিত হৈছে যে যদি ৫০% জনসংখ্যাই মাস্ক পৰিধান কৰে তেন্তে কেৱল ৫০% জনসংখ্যাহে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হব৷ আৰু যদি ৮০%ই পৰিধান কৰে তেন্তে এই মহামাৰী অতি সোনকালে নিঃশেষ হব৷

মাস্ক কিয় পৰিধান কৰিব লাগে? ইয়াত কোৱা হৈছে যে ‘‘ভিড-১৯ ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজে বিয়পে৷ ড্ৰপলেটত থকা ভাইৰাছ সোনকানে শুকাই আৰু ড্ৰপলেট নিউক্লিয়াইলৈ পৰিৱৰ্তিত হয় আৰু ভিন্ন পৃষ্ঠত সিচৰতি হৈ পৰে৷ ছাৰ্চ-চিঅভি-২ ভাইৰাছে কভিড-১৯ৰ সৃষ্টি কৰে আৰু ই বতাহত তিনি দিনলৈ ভাহি থকাৰ লগতে প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত তিনি দিনলৈ সক্ৰিয় হৈ থাকে (N.Engl J.Med. 2020)”

মেনুৱেলখনত কোৱা হৈছে যে মাস্কে কৰনা ভাইৰাছক হাঁওফাঁওৰ ভিতৰলৈ সোমোৱাত বাধা দিলেও বতাহত ভাঁহি ফুৰা ড্ৰপলেটসমূহে মানুহক আক্ৰান্ত কৰিব পাৰে৷ ইয়াত কোৱা হৈছে যে পৰিধান কৰা মাস্কসমূহ তাপ, ইউভি পোহৰ, পানী, চাবোন আৰু এলকলেৰে পৰিষ্কাৰ কৰি ভাইৰাছৰ বিস্তৃতি ৰোধ কৰিব পাৰি৷

প্ৰস্তাৱিত নিৰ্দেশিকাখনৰ জৰিয়তে মাস্কৰ ব্যৱহাৰ, পুনৰ ব্যৱহাৰ আৰু এনজিঅসমূহক তেনেধৰণৰ মাস্ক প্ৰস্তুতি সন্দৰ্ভত তথ্য প্ৰদান কৰা হৈছে৷ নিৰ্দেশিকাখনৰ প্ৰধান উদ্দেশ্য হল মাস্কৰ বাবে সামগ্ৰীসমূহৰ সহজ ব্যৱহাৰ, ঘৰতে সহজে মাস্ক প্ৰস্তুত, ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ সহজলভ্যতা ইত্যাদি৷ ভাৰতৰ বিশাল ঘন জনবসতিৰ বাবে মাস্ক পৰিধান কৰাটো অৱশ্যেই উচিত বুলি উল্লেখ কৰা হৈছে৷

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ প্ৰধান বিজ্ঞান উপদেষ্টাৰ কাৰ্যালয়ে ‘‘ভিড-১৯ৰ প্ৰতিহত কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিসমৃদ্ধ সমিতিয়ে বৈজ্ঞানিক সমাধানসমূহ প্ৰণয়ন কৰাৰ দিশত দ্ৰুত গতিত ত্বৰান্বিত হৈছে বুলি জানিবলৈ দিয়ে৷ কভিড-১৯ৰ পৰীক্ষণ ব্যৱস্থাৰ বাবে নিম্নোক্ত প্ৰক্ৰিয়াসমূহ ধাৰ্য কৰা হৈছেঃ ডিএছটি, ডিবিটি, চিএছআইআৰ, ডিএই, ডিআৰডিঅআৰু ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স (আইআইএছচি) অধীনত জাৰী কৰা এক কাৰ্যালয়ৰ স্মাৰকলিপিত মানসম্পন্ন আৰু কঠোৰ প্ৰকলৰ মাজেৰে স্ব-মূল্যায়ন আৰু গৱেষণা তথা পৰীক্ষণৰ বাবে গৱেষণাগাৰ স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আইচিএমআৰে নিৰ্ধাৰণ কৰা অগ্ৰাধিকাৰ অনুসৰি এই পৰীক্ষণ ত্বৰান্বিত কৰা ব৷ হ্ৰস্বকালীন আৰু মধ্যৱৰ্তীকালীনৰ ভিতৰতে গৱেষণাও ত্বৰান্বিত কৰা ব৷

১৯ মাৰ্চ ২০২০ তাৰিখে এছএণ্ডটি এমপাৱাৰ্ড কমিটিখন গঠন কৰা হৈছিল৷ এই কমিটিৰ অধ্যক্ষতা কৰিছে লিটি আয়োগৰ সদস্য অধ্যাপক বিনোদ প, ভাৰত চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা অধ্যাপক কে বিজয় ৰাঘৱন৷ তেওঁলোকে বিজ্ঞান সংস্থা, বৈজ্ঞানিক, উদ্যোগ, নিয়ামক সংস্থাসমূহৰ মাজত সমন্বয় স্থাপন কৰি ছাৰ্চ-চিঅভি-২ ভাইৰাছ আৰু কভিড-১৯ ৰোগ সম্বন্ধীয় গৱেষণা আৰু দ্ৰুত প্ৰণয়নৰ দিশত অগ্ৰসৰ হৈছে৷

তলত ঘৰতে প্ৰস্তুত কৰা মাস্ক ব্যৱহাৰৰ বিশদ মেনুৱেল প্ৰদান কৰা হৈছে (পূৰ্বে জাৰী কৰা মেনুৱেলখন প্ৰতিষ্ঠাপন কৰা হৈছে)

((অনুগ্ৰহ কৰি ‘‘এমঅ’এইচএফডব্লিউৰ দ্বাৰা চিত্ৰায়িত ছাৰ্চ-চিঅ’ভি-২ ক’ৰনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে মাস্কঃ ঘৰতে প্ৰস্তুত কৰা মাস্কৰ মেনুৱেল’’ শীৰ্ষক মেনুৱেলখন চাওক- অনুগ্ৰহ কৰি পিডিএফ ফাইলৰ বাবে এটা লিংক প্ৰস্তুত কৰক৷))

পিডিএফ ফাইলৰ বাবে এই লিংকত ক্লিক কৰক৷

*****

KGS(DST/DBT- Office of Principal Scientific Adviser to Government of India)/MANN


(रिलीज़ आईडी: 1609532) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Punjabi , Tamil , Kannada , Malayalam