ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভাৰতীয় ৰে’লৱেয়ে বাতিল কৰিছে সকলো ধৰণৰ ৰে’ল সেৱা

Posted On: 22 MAR 2020 1:48PM by PIB Guwahati

১. ক’ভিড-১৯ৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভাৰতীয় ৰে’লৱেয়ে প্ৰিমিয়াম ৰে’ল, মেইল/এক্সপ্ৰেছ ৰে’ল, যাত্ৰীবাহী ৰে’ল, সুবুৰবান ৰে’ল, কলকাতা মেট্ৰ’ ৰে’ল, কংকন ৰে’ল ইত্যাদিকে ধৰি সকলো ধৰণৰ যাত্ৰীবাহী ৰে’লৰ সেৱা ৩১.০৩.২০২০ তাৰিখৰ নিশা ১২ বজালৈ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিন্তু, সুবুৰবাৰ ৰে’ল আৰু কলকাতা মেট্ৰ’ ৰে’লৰ ২২.০৩.২০২০ তাৰিখৰ নিশা ১২ বজালৈ সীমিত পৰিমাণে যাত্ৰা অব্যাহত থাকিব৷

২. যিবোৰ ৰে’লে ২২.০৩.২০২০ তাৰিখৰ পুৱা ৪ বজাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰিছে, সেইসমূহে নিজৰ নিজৰ লক্ষ্যস্থানলৈ যাব পাৰিব৷ সেই ৰে’লসমূহৰ যাত্ৰীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছে৷

৩. দেশৰ সকলো প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰখাৰ বাবে মালবাহী ৰে’লসমূহৰ যাত্ৰা অব্যাহত থাকিব৷

৪. যাত্ৰীসকলৰ অধিক সুবিধাৰ বাবে বাতিল হোৱা ৰে’লসমূহৰ সম্পূৰ্ণ ভাড়া তেওঁলোকে ২১.০৬.২০২০ তাৰিখলৈ ওভতাই ল’ব পাৰে৷ বাতিল হোৱা ৰে’লসমূহৰ ভাড়া পুনৰ প্ৰাপ্তিৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি নহ’বলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

***

SG/MKV/MANN



(Release ID: 1607608) Visitor Counter : 95


Read this release in: English , Marathi , Hindi , Gujarati