প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 13 MAR 2020 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে৷ তেওঁ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কৌশলবোৰৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক একেলগ হৈ বিশ্বত এক নিদৰ্শন দাঙি ধৰাৰ লগতে এক সুস্থ পৃথিৱীৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ পৰামৰ্শ আগবঢ়ায়৷

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষিণ এছিয়া, য’ত বিশ্বৰ এক বৃহসংখ্যক লোকে বাস কৰে, ইয়াৰ লোকসকলৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে চৰকাৰে কভিদ-১৯ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ হাতত লৈছে৷

*****

VRRK/AK/DB



(Release ID: 1606738) Visitor Counter : 85