প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 10 JAN 2020 7:19PM by PIB Guwahati

নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰনক ভাৰতৰ সমূহ জনসাধাৰণৰ তৰফৰ পৰা তথা নিজৰ তৰফৰ পৰাও নৱবৰ্ষৰ শুভেচ্ছা জনায়৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে পূৰ্বে বিয়াৰিটজ আৰু চেণ্টিলিত হোৱা সাক্ষাৎকাৰসমূহৰ কথা সোঁৱৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত সহযোগিতা সৱলীকৰণ কৰা প্ৰতিশ্ৰুতি দোহাৰে৷ দুয়োখন দেশৰ মাজৰ বৰ্ধিত সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ ব্যক্ত কৰে৷

দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন পৰ্যায়ত পাৰস্পৰিক গুৰুত্ব থকা বিষসমূহত নিজৰ মন্তব্য প্ৰদান কৰে৷

দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, অসামৰিক নিউক্লিয়েৰ শক্তি আৰু নৌসাগৰীয় নিৰাপত্তা দিশত থকা কৌশলগত সহযোগিতা বৰ্তাই ৰাখিবলৈ দুয়োগৰাকী নেতাই সন্মত হয়৷

***

VRRK/AKP/SKS/MANN



(Release ID: 1601076) Visitor Counter : 81