প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ ব্যৱস্থাপনাত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্রী


Posted On: 21 NOV 2019 8:38PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত  নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ কেগৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াকে ধৰি সকলোৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈছে৷ কেগৰ বিশ্বাসযোগ্যতা আৰু শক্তিৰ মূল উৎসৰ মুলতে দায়িত্বশীল হিচাপ ৰক্ষকসকল বুলি তেওঁ বিশ্বাস কৰে৷ দীর্ঘদিনীয়া এই প্ৰতিষ্ঠানৰ পৰিৱর্তন সাধন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ অৱশ্যে সেয়া বাস্তবায়িত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান৷

 

প্ৰধানমন্ত্রীয়ে কয় যে বৰ্তমান সময়ত সংস্কাৰক লৈ আলোচনা কৰাটো সচাকৈয়ে এক ডাঙৰ কথা কিন্তু প্ৰকৃত সংস্কাৰ তেতিয়াহে সম্ভৱ, যেতিয়া প্ৰত্যেকে সম্পূৰ্ণ দায়বদ্ধতাৰে সততাৰে সংস্কাৰত ব্ৰতী হ’ব৷ দেশৰ প্ৰতিখন চৰকাৰ আৰু কেগকে ধৰি প্ৰতিটো সংগঠনৰ ক্ষেত্রত এই কথা প্ৰযোজ্য। তেওঁ কয় যে কেগৰ হিচাপ পৰীক্ষাৰ কামত পৰিৱর্তন আহিছে৷ কেগে যি কাম কৰে, প্ৰশাসনৰ ওপৰত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ কেগৰ হিচাপ পৰীক্ষাৰ পদ্ধতিয়ে বেছি সময় নলয়। বর্তমান কেগ প্লাছক উন্নীতকৰণৰ প্ৰক্রিয়া আৰম্ভ হৈছে।

***

VRRK/AK/DB



(Release ID: 1593330) Visitor Counter : 73