তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়


৮ নৱেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হ’ব গুৰু নানক দেৱৰ ৫৫০তম জন্মজয়ন্তী উপলক্ষে বৃহৎ প্ৰদৰ্শনী

গুৰু নানক দেৱৰ ৫৫০তম জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত বৃহৎ প্ৰদৰ্শনীখন মুকলি কৰিব অসমৰ মাননীয় ৰাজ্যপালে

Posted On: 06 NOV 2019 7:33PM by PIB Guwahati

চলিত মাহৰ তাৰিখৰ পৰা ১২ তাৰিখলৈ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নগাঁৱত শ্ৰী গুৰু নানক দেৱৰ জীৱন আৰু দৰ্শন সম্পৰ্কীয় এখন বৃহৎ প্ৰদৰ্শনীৰ আয়োজন কৰিছে৷ শ্ৰী গুৰু নানক দেৱৰ ৫৫০তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত উক্ত প্ৰদৰ্শনীখন মুকলি কৰিব অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী এল আৰ বিশ্বনাথে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কোঠাত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতিত্ব কৰি প্ৰদৰ্শনীখনৰ বিষয়ে উল্লেখ কৰে৷ শ্ৰী বিশ্বনাথে তেওঁৰ ভাষণত দেশৰ ভিতৰত কেৱল ছুলতানপুৰ লোধী আৰু নগাঁৱতহে এনেকুৱা ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ নগাঁৱৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ অঞ্চলটোত শ্ৰী গুৰু নানক দেৱজীৰ দ্বাৰা সংৰোপিত প্ৰেম, শান্তি, সমতা আৰু ভ্ৰাতৃত্ববোধে জনসাধাৰণৰ জীৱন আৰু সংস্কৃতিক প্ৰভাৱান্বিত কৰিছে বুলি মন্তব্য কৰে৷ সেই উদ্দেশ্যে এই প্ৰদৰ্শনীখনৰ আয়োজন কৰা হৈছে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷

সংবাদমেলখনত উপস্থিত থাকি গুৱাহাটীৰ প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ৰ যুটীয়া সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়ে তেওঁৰ ভাষণত মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনীখনত বিভিন্ন ধৰণৰ কলা প্ৰদৰ্শনী উপস্থাপন কৰা হ’ব বুলি জনায়৷ তাৰোপৰি প্ৰদৰ্শনীখনৰ মুখ্য আকৰ্ষণী কাৰ্যসূচী হিচাপে শ্ৰী গুৰুদ্বাৰা দৰবাৰ চাহিব কৰতাৰপুৰ শীৰ্ষক ঐতিহাসিক গুৰুদ্বাৰটোৰ এক ভাৰ্চুৱেল ৰিয়েলিটী প্ৰদৰ্শনীও প্ৰদৰ্শন কৰা হ’ব৷

পাঁচ দিনীয়াকৈ উদযাপিত হ’বলগীয়া অনুষ্ঠানটোত নৃত্য, নাটক, আলোচনা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব৷ প্ৰদৰ্শনীখনত প্ৰতিদিনে শিখসকলৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰা নানা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী লগতে স্থানীয় প্ৰলেপ সনা গিড্ডা-ভাংৰা, বাদ্যযান্ত্ৰিক বিহু, দেশপ্ৰেমমূলক সৃজনীশীল নৃত্য, দেওধনী নৃত্য, তিৱা নৃত্য, বিহু নৃত্য, কাৰ্বি নৃত্য আদিও প্ৰদৰ্শন কৰা হ’ব৷

উল্লেখ্য, সংবাদমেলখনত নগাঁও জিলাৰ উপাযুক্ত শ্ৰী যাদৱ শইকীয়াও উপস্থিত আছিল৷



(Release ID: 1590753) Visitor Counter : 65


Read this release in: English