প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সহকাৰী সচিবৰ সমাপন অধিৱেশন প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব ২০১৭ বেটচৰ আই এ ই বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন প্ৰদৰ্শন কৰে

Posted On: 01 OCT 2019 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সহকাৰী সচিব (২০১৭ৰ আই এ এছ বেটচ)ৰ সমাপন অনুষ্ঠানত উপস্থিত থাকে৷

বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিভিন্ন উপস্থাপন প্ৰদৰ্শন কৰে৷ উপস্থাপনসমূহৰ বিষয়বস্তু আছিল প্ৰত্যাশী জিলাসমূহক নিকা আৰু দ্ৰুত প্ৰক্ৰিয়াৰে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সুবিধা প্ৰদান কৰোৱা৷

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক নতুন চিন্তা-ধাৰা তথা উদ্দেশ্যৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তি এজনে বিভিন্ন উৎসৰ পৰা প্ৰতিক্ৰিয়াসমূহ গ্ৰহণ কৰি তাক বিশ্লেষণ কৰিব লাগে আৰু সেয়া কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হব লাগে৷ তেওঁ বিষয়াসকলক নিৰৱচ্ছিন্ন শিক্ষণ গ্ৰহণ আৰু কৌতুহলী হবলৈ প্ৰয়াস কৰিবলৈ জনায়৷

বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়াসকলৰ বাবে নিষ্ঠাপূৰ্ণ সেৱা অতিশয় গুৰুত্বপূৰ্ণ কিয়নো এই নিষ্ঠাই নিৰপেক্ষতা স্থাপন কৰিব৷

জনসাধাৰণৰ অংশীদাৰীত্বক গুৰুত্ব প্ৰদান কৰিবলৈ কৈ তেওঁ যুৱ বিষয়াসকলক চৰকাৰী আঁচনিসমূহৰ প্ৰণয়নৰ বাবে সামূহিক প্ৰয়াসৰ বাবে আহ্বান জনায়৷ তেওঁ বিষয়াসকলক সহকাৰী সচিব কাৰ্যকালৰ সময়ত লাভ কৰা অভিজ্ঞতাসমূহ প্ৰণয়ন কৰিবলৈ আহ্বান জনায়৷

প্ৰধামন্ত্ৰীয়ে যুৱ বিষয়াসকলক তেওঁলোকে প্ৰদৰ্শিত কৰা উপস্থাপনসমূহৰ প্ৰশংসা কৰে আৰু শুভেচ্ছা প্ৰদান কৰি কয়, ‘‘আপোনালোকৰ সাফল্য দেশৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ আপোনালোকৰ সাফল্য দেশৰ জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে৷’’

****

VRRK/SH/SKS/MANN



(Release ID: 1587208) Visitor Counter : 36