প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৰিছাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ই এন টি চিকিৎসালয়ৰ ভিডিঅ’যোগে যুটীয়া মুকলিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 03 OCT 2019 5:58PM by PIB Guwahati

মৰিছাছ গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথ ডাঙৰীয়া, জ্যেষ্ঠ মন্ত্ৰীসকল আৰু মৰিছাছৰ প্ৰতিনিধিসকল, সন্মানীয় অতিথি, বন্ধুসকল, নমস্কাৰ! বনজুৰ! শুভ সন্ধিয়া!

মই মৰিছাছৰ আমাৰ বন্ধুসকলক উষ্ম আদৰণি জনাইছো৷

এই সাক্ষাৎ আমাৰ দুয়োখন দেশৰ এক বিশেষ উপলক্ষৰ বাহক৷ এয়া আমাৰ ইতিহাস, ঐতিহ্য আৰু সহযোগিতাৰ এক নতুন অধ্যায়৷ বেছি দিনৰ কথা নহয়, মৰিছাছে ভাৰতীয় মহাসাগৰীয় দ্বীপপুঞ্জ ক্ৰীড়াৰ আয়োজন কৰিছিল আৰু তাত ঈৰ্ষণীয় সাফল্য লাভ কৰিছিল৷

আমাৰ দুয়োখন দেশেই দুৰ্গা পূজাপালন কৰে আৰু দীপাৱলীও অলপতে পালন কৰিব৷ উৎসৱৰ এই বতৰত মেট্ৰপ্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ মুকলিয়ে আৰু অধিক আনন্দ প্ৰদান কৰিছে৷

এই মেট্ৰই পৰিষ্কাৰ, কাৰ্যকৰী আৰু সময়-ৰাহি পৰিবহণ ব্যৱস্থা প্ৰদান কৰিব৷ ই অৰ্থনৈতিক কাৰ্যকলাপ আৰু পৰ্যটনৰ ক্ষেত্ৰতো অৱদান আগবঢ়াব৷

আজি মুকলি কৰা আন এটা প্ৰকল্প হ- ষ্টেট-অব্-দা-আৰ্ট ই এন টি চিকিৎসালয়, ইয়াৰ জৰিয়তে গুণগতমানৰ স্বাস্থ্যসেৱা লাভ হব৷ এই চিকিৎসালয়খনত এক শক্তি ৰাহি কৰিব পৰা ভৱন আছে আৰু ই কাগজবিহীন সেৱাও প্ৰদান কৰিব৷

দুয়োটা প্ৰকল্পই মৰিছাছৰ জনতাক সেৱা আগবঢ়াবলৈ সক্ষম হব৷ মৰিছাছৰ বিকাশ ভাৰতে প্ৰদান কৰা শক্তিশালী প্ৰতিশ্ৰুতিৰ এয়া এক প্ৰতীক হিচাপে বিবেচিত হৈছে৷

এই প্ৰকল্প দুটা সম্পূৰ্ণ কৰিবলৈ সহস্ৰাধিক কৰ্মীয়ে দিনে-নিশাই, দে-বৰষুণে কাম কঠোৰ পৰিশ্ৰম কৰিছিল৷ কিন্তু প্ৰাচীন শতিকাসমূহৰ দৰে আমি আমাৰ জনতাৰ ভৱিষ্যতৰ বাবে বৰ্তমান এই কাম হাতত লৈছো৷

মৰিছাছৰ আধুনিক আন্তঃগাঁথনি আৰু সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ দূৰদৃষ্টিক মই শলাগিছো৷ প্ৰকল্প কেইটাৰ সময়মতে সম্পূৰ্ণ কৰাত মৰিছাছৰ চৰকাৰে আগবঢ়োৱা সক্ৰিয় সহযোগিতাকো মই ধন্যবাদ জনাইছো৷

বন্ধুসকল,

ভাৰতে মৰিছাছৰ এই প্ৰকল্পকেইটা তথা অন্যান্য প্ৰত্যক্ষ জনমুখী প্ৰকল্পত সহযোগী হবলৈ পাই গৌৰৱ অনুভৱ কৰিছে৷ যোৱা বছৰত এটা যুটীয়া প্ৰকল্পৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক ই-টেবলেট প্ৰদান কৰা হৈছিল৷ অতি শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ ভৱন আৰু এহেজাৰ ৰাজহুৱা ঘৰৰ নিৰ্মাণ কাৰ্যও সম্পন্ন হব৷

মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী অনুভৱ কৰিছো যে ভাৰতে প্ৰধানমন্ত্ৰী জুগনাথৰ পৰামৰ্শ অনুসৰি মেডি-ক্লিনিক, ক্ষেত্ৰীয় স্বাস্থ্য কেন্দ্ৰ আদিৰ লগতে নিৰ্মাণ কাৰ্যতো সহযোগিতা প্ৰদান কৰিব৷

বন্ধুসকল,

ভাৰত আৰু মৰিছাছ দুয়োখন দেশেই বৈচিত্ৰময় গণতান্ত্ৰিক দেশ, জনতাৰ উন্নতিৰ বাবে তথা অঞ্চলটোৰ, বিশ্বৰ শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

আমাৰ পাৰস্পৰি সম্পৰ্কত বিভিন্ন প্ৰকাৰে এই সন্মান প্ৰদৰ্শিত হয়৷

এই বছৰ প্ৰধানমন্ত্ৰী জুগনাথে বৃহত্তম প্ৰবাসী ভাৰতীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মোৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল৷

আমাৰ ৰাষ্ট্ৰপতিক মৰিছাছৰ ৫০তম স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল৷ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তীত মৰিছাছে তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু তেওঁৰ সৈতে থকা বিশেষ সম্পৰ্কৰ কথা সোঁৱৰণ কৰিছে৷

বন্ধুসকল,

ভাৰত আৰু মৰিছাছৰ মাজক ভাৰতীয় মহাসাগৰে সাঁকোৰ ভূমিকা পালন কৰিছে৷ সাগৰীয় অৰ্থনীতিয়ে আমাৰ জনতাক মহান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

‘‘সাগৰ- সকলো অঞ্চলৰ বাবে নিৰাপত্তা আৰু উন্নতি’’ শীৰ্ষক বীক্ষণে সাগৰীয় অৰ্থনীতি, নিৰাপত্তা আৰু দুৰ্যোগ প্ৰশমন বিষয়ত সহযোগিতাৰে আমাক কাম কৰিবলৈ উৎসাহিত কৰিছে৷

মই মৰিছাছ চৰকাৰক দুৰ্যোগ প্ৰশমন আন্তঃগাঁথনি সহযোগিতাৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো৷

মহোদয়,

কেইমাহমানৰ ভিতৰতে অপ্ৰবাসী ঘাটৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অপ্ৰবাসী দিৱস উদযাপন কৰা হব৷ ইয়াত আমাৰ সাহসী পূৰ্ব পুৰুষসকলৰ সফল সংগ্ৰামৰ চানেকি দাঙি ধৰা হব৷

সেই সংগ্ৰামে শতিকাটোত মৰিছাছৰ বৃহৎ সাফল্যৰ জন্ম দিছিল৷

আমি মৰিছাছৰ জনতাৰ অতুলনীয় সত্বাক অভিবাদন জনাইছো৷

Vive l'amitié antre l'Inde à Maurice.

ভাৰত আৰু মৰিছাছৰ মৈত্ৰী অমৰ হওক৷

ভাৰত-মৰিছাছৰ বন্ধুত্ব দীৰ্ঘজীৱি হওক৷

ধন্যবাদ, অশেষ ধন্যবাদ৷

***

VRRK/AK/MANN


(Release ID: 1587192)