প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেল’ছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
06 SEP 2019 6:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰ, ২০১৯ত মথুৰাত পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেল’ছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ একেটা অনুষ্ঠানতে তেওঁ ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব৷
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পশু বিজ্ঞান তথা আৰোগ্য মেলা পৰিদৰ্শন কৰাৰ লগতে বাবুগড় লিংগ শুক্ৰ সা-সুবিধাৰ সমান্তৰালভাৱে দেশৰ ৬৮৭টা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ত টীকাকৰণ আৰু ৰোগ ব্যৱস্থাপনা, কৃত্ৰিম প্ৰজনন তথা উৎপাদশীলতা ইত্যাদি বিষয়ৰ কৰ্মশালাৰ শুভাৰম্ভ কৰিব৷
উল্লেখ্য যে ২০১৯ৰ পৰা ২০২৪ ভিতৰত ১২,৬৫২ কোটি টকা ব্যয়সাপেক্ষ পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেল’ছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী হৈছে ১০০% কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ আঁচনি৷ ইয়াৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেল’ছিছ নিয়ন্ত্ৰণৰ বাবে টীকাকৰণ আৰু তথা প্ৰাসংগিক ব্যৱস্থাৰ জৰিয়তে ২০৩০ ভিতৰত এই সমস্যাৱলী সম্পূৰ্ণৰূপে নিৰ্মূল কৰা৷
***
VRRK/AK/DB
(ৰিলিজ আই ডি : 1584943)
অতিথি কক্ষ : 143