প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে

Posted On: 29 JUL 2019 7:52PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে৷

ছিনিয়ৰ জেনেৰেলগৰাকীয়ে প্ৰধানমন্ত্ৰীক সংসদীয় নিৰ্বাচনৰ ফলাফলৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ যোৱা কেইবছৰমানৰ পৰা হোৱা ভাৰতৰ প্ৰভূত উত্থানৰ বিষয়ে উল্লেখ কৰে আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা তথা সুৰক্ষা সহযোগিতাৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ম্যানমাৰ ভ্ৰমণৰ সময়ত লাভ কৰা আতিথ্যৰ বিষয়ে সোঁৱৰণ কৰে৷ তেওঁ দুয়োখন দেশৰ মাজত থকা সন্ত্ৰাসবাদৰ মোকাবিলা, সামৰ্থ নিৰ্মাণ, মিলিটেৰি সহযোগিতাৰ লগতে অৰ্থনৈতিক আৰু বিকাশৰ দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে উল্লেখ কৰে৷

ম্যানমাৰৰ সৈতে ভাৰতৰ অনন্য দ্বিপাক্ষিক সহযোগিতা বৰ্তাই ৰখাৰ শক্তিশালী প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বৈঠকখনত দোহাৰে৷

***

VRRK/VJ/SKS/MANN



(Release ID: 1581021) Visitor Counter : 45