কেবিনেট
ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰৰ সুৰক্ষা) বিধেয়ক, ২০১৯ত কেবিনেটৰ অনুমোদন
Posted On:
10 JUL 2019 6:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰস্তাৱিত ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) বিধেয়ক, ২০১৯ত অনুমোদন জনাইছে৷ সংসদৰ পৰৱৰ্তী অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰা হ’ব৷
এই বিধেয়কখনৰ জৰিয়তে তেওঁলোকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক সবলীকৰণৰ সুবিধা প্ৰদান কৰা হৈছে৷
প্ৰভাৱঃ
এই বিধেয়কখনৰ জৰিয়তে এই বৰ্গই সন্মুখীন হোৱা লাঞ্চনা, ভেদভাৱ আৰু দুৰ্ব্যৱহাৰ কম হোৱাৰ লগতে সমাজৰ মুল সুঁতিলৈ অনাৰ ফলত তেওঁলোক প্ৰচূৰ পৰিমাণে লাভান্বিত হ’ব৷ ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে উৎসাহ লাভ কৰিব আৰু তেওঁলোক সমাজৰ উপযোগী সদস্যত পৰিণত হ’ব৷
পটভূমিঃ
ট্ৰেন্সজেণ্ডাৰসকল ‘পুৰুষ’ বা ‘মহিলা’ কোনো এটা শ্ৰেণীতে নপৰে বাবে দেশত সৰ্বাধিক এই সমূদায়েই বঞ্চিত হৈ আহিছে৷ ইয়াৰ ফলস্বৰূপে, এওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰা নহয় ভেদভাৱ, কম শিক্ষা সুবিধা, সংস্থাপনহীনতা, চিকিৎসা সুবিধাৰ পৰা বঞ্চিত থকাৰ দৰে সমস্যাৰ সন্মুখীন হয়৷ এই বিধেয়কে ট্ৰেন্সজেণ্ডাৰসকলক সামাজিক, আৰ্থিক আৰু শৈক্ষিক দিশ সবলীকৰণ কৰিব৷
*****
AKT/PK/SH/DB
(Release ID: 1578352)
Visitor Counter : 92