কেবিনেট

ৰে’ল সুৰক্ষা বাহিনী(আৰপিএফ)ৰ সেৱাক সংগঠিত গ্রুপ-‘এ’ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 10 JUL 2019 5:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰে সুৰক্ষা বাহিনী(আৰপিএফ) সেৱাক সংগঠিত গ্রুপ-‘ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু একেদৰে এইসকল বিষয়াই ক্ৰমে ২৪-০৪-২০০৯ আৰু ০৬-০৬-২০০০ৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ নিৰ্দেশনাৰ লগতে প্ৰাসংগিক পৰামৰ্শৰ ভিত্তিত ০১-০১-২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ অকাৰ্যকৰী বিত্তীয় উন্নীতকৰণ (এনএফএফইউ) আৰু আৰু ০৬-০৬-২০০০ৰ পৰা কাৰ্যকৰী হোৱাকৈ অকাৰ্যকৰী মনোনয়ন গ্রেড (এনএফএছজি)ৰ ছিনিয়ৰ ডিউটি পোষ্ট (এছডিপি)ৰ ৩০% সুবিধা লাভ কৰিব৷

সুবিধাসমূহঃ

অৱশেষত আৰপিএফক সংগঠিত গ্ৰুপ সেৱাৰ মৰ্যাদা প্ৰদানৰ স্থবিৰতাৰ অন্ত পৰিল, যাৰ ফলত তেওঁলোকে কেৰিয়াৰ বিষয়াৰ পৰ্যায়লৈ উন্নীত কৰিব পৰাৰ লগতে তেওঁলোকে অধিক উন্নতি কৰাৰো  প্ৰেৰণা পাব৷ ইয়াৰ দ্বাৰা আৰপিএফৰ যোগ্য বিষয়াসকল উপকৃত হব৷

পটভূমিঃ

দিল্লী উচ্চ ন্যায়ালয়ে ০৪-১২-২০১২ তাৰিখত ৰেলৱেক আৰপিএফক গ্ৰুপ ৰ মৰ্যাদাত অনুমোদনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল৷ ভাৰতৰ উচ্চতম ন্যায়ালয়েও ০৫-০২-২০১৯ত একেই নিৰ্দেশনাকে জাৰি কৰিছিল৷ সেই অনুসৰি ৰেলৱে বোৰ্ডে আৰপিএফক গ্ৰুপ ৰ মৰ্যাদাৰ প্ৰস্তাৱ অনুমোদন জনায়৷

*****

AKT/PK/SH/DB



(Release ID: 1578294) Visitor Counter : 112