প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জামাইকাৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 04 JUL 2019 11:15PM by PIB Guwahati

জামাইকাৰ প্ৰধানমন্ত্রী শ্ৰীযুত এণ্ড মাইকেল হোলনেছে টেলিফোনিক বাৰ্তালাপত ভাৰতৰ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীক নির্বাচনত ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনায়৷

 

প্ৰধানমন্ত্রী মোদীয়ে ঊষ্ণ শুভেচ্ছা আৰু আগতীয়া অভিনন্দনমূলক চিঠিৰ বাবে শ্ৰী হোলনেছক ধন্যবাদ জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জামাইকাকে ধৰি সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ সৈতে অভিন্ন সম্পর্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক অগ্রাধিকাৰ দি আহিছে৷ কেৰিবিয়ান অঞ্চলৰ সৈতে আর্থিক যোগসূত্ৰ সুদৃঢ় কৰাৰ বাবে চলিত বৰ্ষৰ পৰা কাৰিকম উন্নয়ন পুঁজিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় উন্নয়নমূলক অংশীদাৰ হৈ উঠাৰ দিশত ভাৰতৰ আগ্ৰহৰ কথাও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে৷

 

জামাইকা আৰু কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্রত ভাৰতৰ আগ্ৰহক প্ৰধানমন্ত্রী হোলনেছে আদৰণি জনায়৷ জলবায়ু পৰিৱর্তনজনিত বিভিন্ন প্ৰত্যাহ্বানৰ ফলপ্ৰসূ সমাধানকে ধৰি পাৰস্পৰিক স্বার্থজড়িত সমস্যাৰ ক্ষেত্রত দ্বিপাক্ষিক সম্পর্কক আৰু অধিক সুদৃঢ় কৰিবলৈ তেওঁ প্ৰধানমন্ত্রী শ্রী মোদীৰ সৈতে একলগে কাম কৰাৰ দিশত আগ্ৰহ প্ৰকাশ কৰে৷

                                                                           ***

AKT/SH/AK/DB



(Release ID: 1577661) Visitor Counter : 66