প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


‘‘অৰ্থনৈতিক নীতি- সন্মুখৰ পথ’’ শীৰ্ষক বিষয়ত অৰ্থনীতিবিদ তথা বিশেষজ্ঞসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা

প্ৰধান অৰ্থনৈতিক বিষয়সমূহত দলৰ উপস্থাপন প্ৰদৰ্শন

Posted On: 22 JUN 2019 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিটি আয়োগৰ দ্বাৰা আয়োজিত ‘‘অৰ্থনৈতিক নীতি- সন্মুখৰ পথ’’ শীৰ্ষক বিষয়ক এক অনুষ্ঠানত ৪০ গৰাকী অৰ্থনীতিবিদ আৰু অন্যান্য বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হয়৷

এই বৈঠকত অংশগ্ৰহণকাৰীসকলে মেক্ৰঅৰ্থনীতি আৰু কৰ্ম সংস্থাপন, কৃষি আৰু জলসম্পদ, ৰপ্তানি, শিক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত এই পাঁচটা বিষয়ত নিজৰ মন্তব্য আৰু পৰামৰ্শ বিনিময় কৰে৷

এই আলোচনাত প্ৰধানমন্ত্ৰীয়ে অৰ্থনীতিৰ বিভিন্ন দিশত অংশগ্ৰহণকাৰীসকলৰ পৰামৰ্শ তথা পৰ্যৱেক্ষণৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷

এই বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী ৰাও ইন্দ্ৰজিৎ সিং৷ তাৰোপৰি নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী ৰাজীৱ কুমাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তথা নিটি আয়োগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

***

AKT/ VJ/MANN



(Release ID: 1575730) Visitor Counter : 109