প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ কিৰগিজস্তান ভ্ৰমণৰ সময়ত প্ৰদান কৰা সংবাদ বিবৃতিৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 14 JUN 2019 10:02PM by PIB Guwahati

কিৰগিজ গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি আৰু মোৰ মিত্ৰ সুৰোন্বয় জিন্বেকোব,

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

মোৰ প্ৰতিনিধিমণ্ডল তথা মোৰ উষ্ম আদৰণিৰ বাবে মই ৰাষ্ট্ৰপতি জিন্বেকোবক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই কিৰগিজস্তানক যোৱা ৩০ বছৰত তেওঁলোকে লাভ কৰা অভূতপুৰ্ব উত্থানৰ বাবে অভিনন্দন প্ৰদান কৰিছো৷ নিজৰ প্ৰাকৃতিক সৌন্দৰ্য, শক্তিশালী গণতন্ত্ৰ আৰু প্ৰতিভাসম্পন্ন লোকৰ বাবে এই দেশৰ ভৱিষ্যত উজ্জ্বল হিচাপে পৰিগণিত হৈছে৷ ভাৰতৰ লোকৰ প্ৰতি কিৰগিজ লোকৰ বন্ধুত্ব আৰু প্ৰেম হৃদয়স্পৰ্শী৷ মই যোৱাবাৰৰ ভ্ৰমণত আৰু এইবাৰো ইয়াত নিজৰ ঘৰৰ দৰে আপোন অনুভৱ কৰিছো৷

মাননীয় মহোদয়,

মই আপোনাক এছচিঅ’ সন্মিলনৰ সফল অধ্যক্ষতাৰ বাবে শুভকামনা প্ৰদান কৰিছো৷ আপোনাৰ অধ্যক্ষতাত ক্ষেত্ৰীয় সহযোগিতাক আৰু অধিক উন্নত কৰাৰ বাবে এছচিঅ’য়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ যোৱা মাহত নতুন দিল্লীত, মোৰ শপত গ্ৰহণ অনুষ্ঠানত আপোনাৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিছিল৷ সেইবাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ৷ মই এইটো কথাত সুখী যে আজি আপোনাৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ সমীক্ষা কৰাৰ অৱকাশ মই লাভ কৰিছো৷ ভাৰত আৰু কিৰগিজ গণতন্ত্ৰ, দুয়োখন দেশেই নিজৰ পাৰস্পৰিক সম্বন্ধক অধিক গুৰুত্ব প্ৰদান কৰে৷

বন্ধুসকল,

আজি ৰাষ্ট্ৰপতি জিন্বেকোবৰ সৈতে অনেক বিষয়ত আমাৰ আলোচনা হৈছে৷ আমি দুয়োৱেই অনুভৱ কৰিছো যে আমাৰ মাজত সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে৷ আজি আমি আমাৰ দ্বিপাক্ষিক সম্বন্ধক কৌশলগত সহযোগিতাৰ স্তৰলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ ইয়াৰ দ্বাৰা আমি আমাৰ সহযোগিতাৰ প্ৰত্যেক ক্ষেত্ৰতে দীৰ্ঘকালীন সহযোগিতা কৰাত সহায়ক হ’ব৷

বন্ধুসকল,

দুখন প্ৰাচীন আৰু গৌৰৱশালী সভ্যতাৰ ৰূপত আমি পৰস্পৰে পৰস্পৰৰ সৈতে স্বাভাৱিক সম্বন্ধেৰে বান্ধ খাই আছো৷ ভাৰত আৰু মধ্য এছিয়াৰ মহান ঐতিহাসিক আৰু সাংস্কৃতিক সম্বন্ধ আছে৷ ভাৰত আৰু কিৰগিজ গণতন্ত্ৰ মহাকাব্যৰ ভূমি৷ উদাহৰণস্বৰূপে, ভাৰতত মহাভাৰত আৰু ৰামচৰিত মানস আৰু কিৰগিজ গণতন্ত্ৰৰ মানস৷ আমাৰ দুয়োখনৰ দেশেই গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস আৰু বৈচিত্ৰতাৰে ভৰা৷

আমাৰ প্ৰাচীন সম্বন্ধ আৰু শান্তিক সম্প্ৰসাৰিত কৰাৰ সহযোগিতাৰ ভাৱনাই আমাক আমাৰ সম্বন্ধক আৰু অধিক শক্তিশালী কৰিবলৈ প্ৰেৰণা দিছে৷ ইয়াৰ দ্বাৰা আমাৰ ৰাজনৈতিক সম্বন্ধতো বিস্তাৰ হৈছে৷ দ্বিপাক্ষিক আৰু বহুপক্ষীয় বিষয়ৰ ওপৰত ভাৰত আৰু কিৰগিজ গণৰাজ্যই নিয়মিত ৰূপত পৰস্পৰে পৰস্পৰৰ সৈতে ঘনিষ্ঠ পৰামৰ্শ কৰে৷ আন্তঃৰাষ্ট্ৰীয় বহুতো বিষত আমি সমানে দৃষ্টি ৰাখো৷ ৰাষ্ট্ৰসংঘ আৰু আন আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি সুদৃঢ় সহযোগ প্ৰদান কৰো৷ সৈন্য প্ৰশিক্ষণ, সংযুক্ত যুদ্ধ অভ্যাস, ক্ষেত্ৰ গৱেষণা আৰু মিলিটেৰী প্ৰযুক্তি ক্ষেত্ৰত আমাৰ ৰক্ষা সহযোগিতা বৃদ্ধি হৈছে৷ দুয়োখন দেশে ৰক্ষা সহযোগিতাৰ ওপৰত যৌথ কৰ্মগোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আমাৰ মাজত আৰ্থিক সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে৷ দুয়োখন দেশে একত্ৰভাৱে ইয়াৰ লাভ উঠাব পাৰে৷

বন্ধুসকল,

আজি আমাৰ মাজত দ্বিপাক্ষিক বিনিময় সন্ধি আৰু দ্বৈত কৰ বৰ্জন চুক্তি (ডিটিএএ) সম্পন্ন হৈছে৷ আমি দুয়োখন দেশে ব্যৱসায় আৰু আৰ্থিক সহযোগিতাৰ বাবে পাঁচ বছৰৰ ৰোড মেৰ প্ৰস্তুত কৰাতো সহমত প্ৰকাশ কৰিছো৷ ৰাষ্ট্ৰপতি মহোদয় আৰু মই বি২বি সহযোগিতা বৃদ্ধিৰ বাবে আজি ‘ভাৰত-কিৰগিজ ব্যৱসায় মঞ্চ’ৰো যুটীয়াভাৱে শুভাৰম্ভ কৰিছো৷ এইটো বৰ্ষত Bishkekত ‘নমস্কাৰ ইউৰেছিয়া’ শীৰ্ষক ভাৰতীয় বাণিজ্য মেলাৰো আযোজন কৰা হ’ব৷ মই ভাৰতীয় উদ্যোগসমূহক বিশেষভাৱে কৈছো যে তেওঁলোকে কিৰগিজ গণৰাজ্যত নিৰ্মাণ, ৰে’লৱে, হাইড্ৰ’ পাৱাৰ, খনি আদিৰ দৰে ক্ষেত্ৰসমূহৰ অধ্যয়ন কৰক৷

বন্ধুসকল,

কিৰগিজ গণৰাজ্যৰ বিকাশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে আজি মই ২০০ মিলিয়ন ডলাৰৰ লাইন অব্ ক্ৰেডিটৰ ঘোষণা কৰি সুখী অনুভৱ কৰিছো৷ মই আশা প্ৰকাশ কৰিছো যে ভাৰতৰ সহযোগত কিৰগিজ গণৰাজ্যত বহুসংখ্যক সংযুক্ত আৰ্থিক কাৰ্যসূচী আৰম্ভ কৰাত সহায় লাভ হ’ব৷ ভাৰত আৰু কিৰগিজ গণৰাজ্য তথা মধ্য এছিয়াৰ বৃহৎ ভূ-ভাগত উন্নত যোগাযোগৰ দ্বাৰা দুয়োফালৰ লোকৰ মাজত ব্যৱসায়, বিনিয়োগ আৰু people-to-people contacts বৃদ্ধি হ’ব৷

বন্ধুসকল,

ভাৰত আৰু কিৰগিজ গণৰাজ্যই জানুৱাৰীত উজবেকিস্তানৰ সমৰকণ্ডত আয়োজিত বিদেশ মন্ত্ৰীসকলৰ পৰ্যায়ৰ ফাৰ্ষ্ট ইণ্ডিয়া-চেণ্ট্ৰেল এছিয়া ডায়ল’গত সক্ৰিয়াতাৰে অংশগ্ৰহণ কৰিছিল৷ আমাৰ সহযোগিতা ক্ষেত্ৰত সমৃদ্ধি, শান্তি আৰু স্থিৰতাৰ বাবে আমাৰ সহযোগিতা দৃষ্টিকোণো আছে৷

মাননীয় মহোদয়,

ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ দৰে লোকতান্ত্ৰিক আৰু বৈচিত্ৰতাৰে ভৰা সমাজ আজি সন্ত্ৰাসবাদৰ কবলত পৰিছে৷ আমি সন্ত্ৰাসবাদ আৰু মৌলবাদৰ সমস্যাৰ সমাধানৰ বাবে একত্ৰিত হৈছো৷ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকক জবাবদেহী কৰিব লাগিব৷ সমগ্ৰ বিশ্বক এই বাৰ্তা প্ৰদান কৰা প্ৰয়োজন যে সন্ত্ৰাসবাদক কোনো ধৰণেই উচিত বুলি বিবেচনা কৰিব নোৱাৰি৷

বন্ধুসকল,

Bishkekত ভাৰত-কিৰগিজ যৌথ বস্ত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হৈছে৷ প্ৰদৰ্শনীৰ উৎসাহী দৰ্শকসকলে আচৰিত হৈছে যে ভাৰত আৰু কিৰগিজ বস্ত্ৰৰ পৰম্পৰাৰ কিমান সাদৃশ্য আছে৷ ভাৰত আৰু কিৰগিজ গণৰাজ্যই পৰ্বত পৰিবেশতন্ত্ৰ, সেউজ পৰ্যটন আৰু স্নো লিউপাৰ্ডৰ সংৰক্ষণৰ দৰে বিষয়সমূহত সহযোগিতা প্ৰদান কৰিব৷ আমাৰ জনসাধাৰণৰ মাজৰ people-to-people বন্ধুত্ব আৰু সাংস্কৃতিক ঘনিষ্ঠতা সকলোতকৈ ডাঙৰ সম্পত্তি৷ মই বিচাৰিছো যে ইয়াৰ আৰু অধিক বৃদ্ধি হওক৷ ইয়াৰ বাবেও অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

মই এয়া ঘোষণা কৰি সুখী অনুভৱ কৰিছো যে ২০২১ বৰ্ষক কিৰগিজ গণৰাজ্য আৰু ভাৰতৰ মাজত সাংস্কৃতিক আৰু মৈত্ৰীৰ বৰ্ষ হিচাপে ঘোষণা কৰাৰ বাবে সহমত প্ৰকাশ কৰা হৈছে৷ পুনৰবাৰ ৰাষ্ট্ৰপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো৷ এই উপলক্ষে মই আপোনাক ভাৰতলৈ নিমন্ত্ৰণ জনাইছো৷ আপোনাক ভাৰতত স্বাগতম জনাবলৈ পাই আমি নিজকে সন্মানিত অনুভৱ কৰিম৷

ধন্যবাদ৷

****

AKT/KP/MANN


(ৰিলিজ আই ডি : 1574736) অতিথি কক্ষ : 141
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada