প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত ‘কনষ্ট্ৰাকচন টেকন’ল’জী ইণ্ডিয়া ২০১৯’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 02 MAR 2019 12:00PM by PIB Guwahati

উপস্থিত সকলোলৈ মোৰ শুভকামনা জনালো৷ প্ৰত্যেকজন ভাৰতীয়কে ঘৰ প্ৰদানৰ এই ঐতিহাসিক প্ৰয়াসৰ আপোনালোক সকলোৱেই হল একো একোজন গুৰুত্বপূৰ্ণ ষ্টেকহল্ডাৰ৷

এটা মাহৰ ভিতৰতে মই দ্বিতীয়বাৰৰ বাবে গৃহ নিৰ্মাণ খণ্ডৰ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰাৰ অৱকাশ লাভ কৰিছো৷ আৰু ইয়াৰ দ্বাৰা আমাৰ সেই প্ৰতিশ্ৰুতি দৃশ্যমান হয় যে মধ্যবিত্তসকলৰ ঘৰৰ সপোন পূৰণ কৰাক আমি কিমান গুৰুত্বসহকাৰে লৈছো আৰু ইয়াৰ পৰা মই দেখিবলৈ পাইছো যে ইয়াৰে বহু সহযোগী ক্ৰেডাই কাৰ্যসূচীতো উপস্থিত আছিল৷

বন্ধুসকল, তালকাটৰা ষ্টেডিয়ামত মোৰ দেশৰ গৃহখণ্ডৰ সৈতে জড়িত তৰুণ বন্ধুসকলক কৈছিলো যে আপোনালোকে গৃহখণ্ডক নতুন ভাৰতৰ শক্তি আৰু প্ৰয়োজনীয়তা অনুসৰি গতি প্ৰদান কৰক৷ ইয়াৰ বাবে দেশ আৰু বিশ্বত নিৰ্মাণখণ্ডৰ সৈতে জড়িত, গৃহখণ্ডৰ সৈতে জড়িত, শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰক৷ আপোনালোকৰ সাহায্যৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো পদক্ষেপতে আপোলোলোকৰ সৈতে আছে, দুখোজ আগুৱাবলৈও প্ৰস্তুত আৰু তাৰে আটাইতকৈ ডাঙৰ প্ৰমাণ হল নিৰ্মাণ প্ৰযুক্তিৰ সৈতে জড়িত এই সন্মিলন৷

বন্ধুসকল, আজিৰ এই সন্মিলন অথবা বিশ্বজনীন গৃহ প্ৰযুক্তিৰ প্ৰত্যাহ্বানৰ প্ৰয়োজনীয়তা এইবাবেই অনুভূত হৈছে কিয়নো দেশত চহৰৰ দ্ৰুত গতিত প্ৰসাৰণ হবলৈ ধৰিছে আৰু বিকশিত হবলৈ ধৰিছে৷ অন্য বহু দেশৰ দৰে ভাৰততো দ্ৰুত গতিত চহৰীকৰণ হবলৈ ধৰিছে৷ দ্ৰুত গতিত বৃদ্ধি হোৱা চহৰীকৰণৰ বাবে নতুন ঘৰৰো আৱশ্যকতা দ্ৰুত গতিত অনুভূত হৈছে৷

বন্ধুসকল, আমাৰ চৰকাৰে গৃহ নিৰ্মাণ খণ্ডৰ চেহেৰা পৰিৱৰ্তন কৰিবলৈ সাতটা ধ্বজ্বাবাহী অভিযানৰ কাম আৰম্ভ কৰিছে৷ স্বচ্ছ ভাৰত অভিযান, দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় নগৰ জীৱিকা অভিযান, হৃদয় আৰু অমৃতৰ দৰে কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ ইয়াৰ লগতে চহৰৰ পৰিবহণ ব্যৱস্থা উন্নত কৰি তুলিবলৈ তথা স্মাৰ্ট চিটীৰ দৰে যোজনাও প্ৰণয়ন কৰা হৈছে৷ এই কথা লক্ষ্য ৰাখি আজি আমাৰ ইয়াত বিভিন্ন ভৌগোলিক স্থিতি অনুসৰি ঘৰ নিৰ্মাণ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে৷

বন্ধুসকল, এই প্ৰত্যাহ্বানসমূহৰ কথা মনত ৰাখি আমাৰ চৰকাৰে নিৰ্মাণ খণ্ডৰ বাবে এক সামূহিক অভিগমনৰ সৈতে কাম কৰিছে৷ ঘৰ নিৰ্মাণ কৰা সকল তথা ঘৰ ক্ৰয় কৰা সকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া নহয় তাৰবাবে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছো৷ আমি ব্যয়সাধ্য গৃহৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছো৷ দ্বিতীয়তে আমি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত আইনসমূহ ঠিক কৰিছো৷ তৃতীয়তে আমি দক্ষতা বিকাশৰ ওপৰত কাম কৰিছো আৰু চতুৰ্থতে সকলোৰে সৈতে আমি গৃহখণ্ডত প্ৰযুক্তিৰ উত্তৰণৰ দিশতো কাম কৰিছো৷ আজিৰ এই কাৰ্যসূচীও তাৰেই এক অংশ৷ মোৰ মনত আছে, প্ৰগতিৰ এখন বৈঠকত, আপোনালোকে বোধহয় জানিব যে মোৰ প্ৰগতিৰ বৈঠকত কি হয়, সেইবাবে মই ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে কবলৈ নাযাও৷ প্ৰগতিৰ এখন বৈঠকত মই মন্ত্ৰ্যালয়সমূহক বিশ্বজনীন প্ৰত্যাহ্বান প্ৰক্ৰিয়া আঁকোৱালি লোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিলো৷ আজি মই সুখী যে আপোনালোকে আজি বিশ্বজনীন গৃহ প্ৰযুক্তি প্ৰত্যাহ্বান, ভাৰতৰ জৰিয়তে ইয়াত উপস্থিত আছে৷

বন্ধুসকল,          

এখন ঘৰ কেৱল চাৰিখন দেৱালৰ সমষ্টি নহয়৷ এয়া এনে এক স্থান যত সপোনৰ জন্ম হয় আৰু প্ৰত্যাশাসমূহ পূৰণ হয়৷ ঘৰে কেৱল আশ্ৰয় প্ৰদান কৰাই নহয়, ই সন্মান আৰু সুৰক্ষাও প্ৰদান কৰে৷ এটা কথাই মোক সদায়েই দুঃখিত তথা আচৰিত কৰি আহিছিল যে আমাৰ দৰে এখন ৰাষ্ট্ৰৰ বহু লোকৰ নিজাকৈ একোখন ঘৰ নাই৷ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে এই সমস্যা সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ ২০২২ চনৰ ভিতৰত প্ৰত্যেক ভাৰতীয়ৰে নিজাকৈ একোখন পকীঘৰ হওক এয়া মোৰ এটা সপোন আৰু আমি এই দিশত কাম কৰি আছো৷ আমাৰ শাসনকালৰ সময়চোৱাত ইতিমধ্যেই ১.৩ কোটি গৃহ নিৰ্মাণ কৰা হৈছে৷ আপোনালোকক পৰিসংখ্যাৰ এটা ধাৰণা দিছো, পূৰ্বৰ চৰকাৰখনে মাত্ৰ ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল! সংখ্যাই নিজেই কথা কব৷ আমাৰ কাম কেৱল চাৰিখন দেৱাল নিৰ্মাণ কৰাতেই সমাপ্ত হোৱা নাই৷ প্ৰত্যেকখন ঘৰেই যাতে পানীৰ সংযোগ, বিদ্যুতৰ সংযোগ, উজ্বলা সংযোগ তথা অন্যান্য সুবিধাসমূহ পায় সেই নিশ্চিতিৰে আমি কাম কৰিছো৷ যোৱা চাৰে চাৰি বছৰত ঘৰসমূহৰ গুণগতমান তথা এলেকাও বৃদ্ধি কৰা হৈছে৷ কিন্তু এতিয়াও অধিক কাম কৰিবলৈ বাকী৷ মই ব্যক্তিগতখণ্ডৰো সমৰ্থন বিচাৰিছো৷ বিশ্বজনীন গৃহখণ্ডৰ প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ বাবে ইয়াতকৈ সুন্দৰ পথ আৰু কি হব পাৰে৷ আহক আমি একেলগে কাম কৰো, আমাৰ সামৰ্থ বৃদ্ধি কৰো আৰু দৰিদ্ৰতকৈও দৰিদ্ৰ ব্যক্তিৰ সহায়ৰ বাবে আগবাঢ়ো৷

বন্ধুসকল, আমাৰ দেশত যিদৰে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে নিজৰ একোখনকৈ ঘৰৰ সপোন দূৰতে বিদুৰ হোৱাৰ দিশে গৈ আছিল, সেই স্থিতি ঠিক নাছিল৷ এই স্থিতি পৰিৱৰ্তন কৰাৰ বাবে অনেক স্তৰত একত্ৰিতভাৱে কাম কৰা হৈছে৷ আমি চেষ্টা কৰিলো যে দুখীয়া আৰু সামান্য মধ্যবিত্ত লোকসকলে ঘৰ ক্ৰয় কৰাৰ বাবে যিবোৰ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে, তেওঁলোকৰ যি যি চিন্তা, সেয়া দূৰ কৰাৰ বাবে এটা এটাকৈ সমাধান উলিওৱা হওক৷ আজি আমাৰ চৰকাৰৰ প্ৰয়াসৰ ফলতেই গৃহ ঋণৰ সুত পূৰ্বতকৈ হ্ৰাস হৈছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে যিমান সাহায্য প্ৰদান কৰিছে, তাৰফলত জনসাধাৰণৰ ৫ৰ পৰা ৬ লাখ টকাৰ ৰাহি হোৱা অনুমান কৰা হৈছে৷ অৰ্থাৎ যদি কোনোবাই ১৯-২০ লাখ টকাৰ ঋণ ২০ বছৰৰ বাবে লৈছে তেন্তে চৰকাৰৰ যোজনাসমূহৰ বাবে তেওঁৰ প্ৰত্যক্ষভাৱে ৫-৬ লাখ টকা ৰাহি হোৱাটো নিশ্চিত৷

বন্ধুসকল, আমাৰ চৰকাৰে আয়কৰ আৰু পৰোক্ষ কৰৰ সৈতে জড়িত নিয়মসমূহো পৰিৱৰ্তন কৰিছে আৰু এইবাবেই কৰিছে কাৰণ দুখীয়া আৰু মধ্যবিত্ত লোকসকলে যাতে ঘৰ ক্ৰয় কৰিবলৈ ধন ৰাহি কৰিব পাৰে আৰু ঘৰৰ দামো যাতে কম হয়৷ অলপতে দুটা ডাঙৰ সিদ্ধান্ত চৰকাৰ আৰু জিএছটি আয়োগে গ্ৰহণ কৰিছে৷ আয়কৰৰ কথা কবলৈ গলে ৫ লাখ টকা পৰ্যন্ত কৰযুক্ত আয়ৰ ওপৰত কৰৰ পৰিমাণ শূন্য কৰা হৈছে৷ ইয়াৰোপৰি দুখন ঘৰৰ অনুমানিত ভাড়াৰ ওপৰতো এতিয়া কোনো ধৰণৰ আয়কৰ দিবলগীয়া নহব৷ সেইদৰে মূলধনৰ কৰ হ্ৰাসৰ সুবিধা এতিয়া এখন ঘৰৰ পৰিৱৰ্তে দুখন ঘৰে লাভ কৰিব৷ এই সকলো প্ৰয়াসে মধ্যবিত্ত লোকসকলক নতুন ঘৰ ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰিব৷ ইয়াৰ প্ৰত্যক্ষ লাভ আপোনালোকৰ ব্যৱসায়ত হোৱাটো নিশ্চিত৷ তাৰবাবে হাত-চাপৰিতো বজাব পাৰে৷

বন্ধুসকল, জিএছটিয়েও ৰিয়েল ইষ্টেটৰ ব্যৱসায়ক নিৰ্মাণকাৰী তথা গ্ৰাহক, দুয়োৰে বাবে অতিশয় সহজ কৰি তুলিছে৷ অলপতে নিৰ্মাণ খণ্ডত জিএছটি হ্ৰাস কৰা হৈছে৷ ব্যয়সাধ্য গৃহৰ ওপৰত জিএছটি ৮ শতাংশৰ পৰা হ্ৰাস কৰি ১ শতাংশ কৰা হৈছে, নিৰ্মাণাধীন গৃহ প্ৰকল্পৰ ওপৰত জিএছটি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে৷ মধ্যবিত্তৰ বাবে নিৰ্মাণ হোৱা ঘৰসমূহৰ প্ৰকল্পত যাতে বিত্তপোষণৰ সমস্যা উদ্ভৱ নহয় তাৰবাবে আমি ব্যয়সাধ্য গৃহ পুঁজি গঠন কৰিছো৷

বন্ধুসকল, আমি বুজি পাওঁ যে অধিক ঘৰ আৰু উন্নত ঘৰ নিৰ্মাণৰ বাবে আমি গৃহ নিৰ্মাণ খণ্ডৰ পৰামৰ্শসমূহৰ প্ৰতিও সংবেদনশীল হব লাগিব৷ আৰু আমি তাকেই কৰি আছো৷ আমি গৃহ নিৰ্মাণ খণ্ডৰ সৱলীকৰণ তথা সংশোধনীৰ বাবে কাম কৰি আছো৷ আৰইআৰএ আইনৰ জৰিয়তে গ্ৰাহকসকলৰ নিৰ্মাতাকাৰীসকলৰ প্ৰতি আস্থা বৃদ্ধি পাইছে আৰু ৰিয়েল ইষ্টেট খণ্ডত স্বচ্ছ ব্যৱস্থাৰ প্ৰণয়ন হৈছে৷ বিশ্ব বেংকৰ ইজ অব্ ডুয়িং বিজনেছ সূচাংকত আমাৰ উত্তৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ অনুমোদনৰ সংখ্যাও বৃদ্ধি পাইছে আৰু আমি ক্ৰমাগতভাৱে প্ৰণালীগত সংশোধনীৰ দিশত অগ্ৰসৰ হৈছো৷

  বন্ধুসকল, চৰকাৰৰ নীতিসমূহৰ বাবে আপোনালোক অন্য ধৰণেও উপকৃত হব৷ বিশেষকৈ গ্ৰামাঞ্চলত মানৱ সংসাধনৰ এক বৃহৎ সাঁকোৰ সৃষ্টি হৈছে যি ঘৰ নিৰ্মাণ কৰা কৌশলসমূহ জানে, প্ৰশিক্ষিত৷ আমাৰ চৰকাৰে এই খণ্ডত মহিলাসকলৰ প্ৰশিক্ষণৰ বাবেও এক অভিযান আৰম্ভ কৰিছে৷ এই প্ৰশিক্ষণ অভিযানৰ অন্তত সহস্ৰাধিক মহিলা ৰাণীমিস্ত্ৰীৰ ৰূপত কাম কৰি আছে৷

আমাৰ প্ৰয়াস এয়াই যে এই খণ্ডত তৰুণসকলৰ প্ৰযুক্তিগত দক্ষতা বৃদ্ধি কৰি তেওঁলোকক বজাৰৰ বাবে প্ৰস্তুত কৰা হওক যাতে আপোনালোকৰ দৰে উদ্যমীসকল লাভান্বিত হয় আৰু যুৱ বন্ধুসকলেও যাতে অধিক কৰ্ম সংস্থাপন লাভ কৰিব পাৰে৷ ইয়াৰোপৰি দ্ৰুত গতিত পৰিৱৰ্তন হোৱা প্ৰযুক্তিৰ ভিত্তিত আমাৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ সৈতে জড়িত পাঠ্যক্ৰমসমূহো যাতে পৰিৱৰ্তিত হওক, এই দিশত কাম কৰা হৈছে৷ লগতে ষ্টাৰ্ট আপ আৰু যুৱ উদ্যমীৰ বাবে এই খণ্ড নতুন বিকল্প হিচাপে উদ্ভাসিত হবলৈ ধৰিছে৷

বন্ধুসকল, ভাৰতত নিৰ্মাণৰ অভিগমনৰ ক্ষেত্ৰত আমি আন এক পৰিৱৰ্তন সাধন কৰিছো৷ এতিয়া লাগিলে সেয়া পথেই হওক, আৱাস গৃহই হওক অথবা বাণিজ্যিক ভৱনেই হওক, এই সকলোবোৰ পৰিবেশ অনুকূল, দুৰ্যোগ প্ৰশমনকাৰী তথা শক্তি সামৰ্থভিত্তিক নিৰ্মাণৰ দিশত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে স্থানীন উদ্ভাৱনৰ প্ৰয়োজন যত আমাৰ তৰুণ বন্ধুসকল জড়িত হৈ পৰিছে৷

বন্ধুসকল, আপোনালোকে জানি সুখী হব যে আশা ইণ্ডিয়া অৰ্থাৎ ব্যয়সাধ্য বহনক্ষম গৃহ নিৰ্মাণ গতিবৰ্ধকে (Affordable Sustainable Housing Accelerator) এই ধৰণৰ উদ্ভাৱনক বজাৰৰ হিচাপত গঢ়ি তোলাৰ দিশত ব্যস্ত হৈ পৰিছে৷ আশা জিএইছটিচি-ইণ্ডিয়াৰ এক অংশ৷ ইয়াত মুম্বাই, মাদ্ৰাছ, খড়গপুৰ আৰু ৰুড়কী আইআইটিত কাম কৰি থকা চাৰিটা ইনকিউবেচন কেন্দ্ৰত যুৱ উদ্যমী আৰু ষ্টাৰ্ট আপ পৰিবেশতন্ত্ৰৰ বিচাৰধাৰাসমূহক বজাৰৰ হিচাপত প্ৰস্তুত কৰাৰ দিশত ক্ষীপ্ৰতাৰে কাম চলাই থকা হৈছে৷

বন্ধুসকল, মই এয়া জানি সুখী হৈছো যে এই ধৰণৰ উদ্ভাৱন, প্ৰযুক্তি আৰু অভিযান্ত্ৰিকত কাম কৰি থকা কিছুসংখ্যক বিদ্যাৰ্থী ইয়াতো উপস্থিত আছে৷ ইয়াত হবলগীয়া আলোচনাসমূহত ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (এনকেএন)তো সন্নিৱিষ্ট কৰা হব যাৰ দ্বাৰা দেশৰ শিক্ষণ সংস্থাসমূহ উপকৃত হব৷ ইয়াত যিবোৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হব সেইবোৰ সমাধান কৰাৰ বাবে এই নেটৱৰ্কৰ জৰিয়তে শৈক্ষিক প্ৰতিষ্ঠানসমূহকো সুযোগ প্ৰদান কৰা হব৷

আপোনালোক সকলোৱে যাতে গৃহ নিৰ্মাণ প্ৰযুক্তিক লৈ ভাৰতত হোৱা এই অতুলনীয় প্ৰয়োগৰ অংশীদাৰ হব পাৰে তাৰবাবে লাইট হাউচ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছে৷ গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশত আৰম্ভ হোৱা এই প্ৰকল্পসমূহত নিৰ্মাণখণ্ডৰ নতুন প্ৰযুক্তিৰ প্ৰদৰ্শন কৰিব পাৰে৷ এয়া আপোনালোকৰ বাবে লাইভ গৱেষণাগাৰৰ দৰে৷ ইয়াত আপোনালোকে ৱেবকাষ্ট ডেমোৰ দৰে প্ৰযুক্তিৰ জৰিয়তে দেশৰ তৰুণ পেছাদাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷

বন্ধুসকল, জিএইছটিচি-ইণ্ডিয়া এনেকুৱা এক প্লেটফৰ্ম যাৰ জৰিয়তে ভাৰতৰ নিৰ্মাণ খণ্ডৰ পৰিবেশতন্ত্ৰ আন্তৰ্জাতিক পৰ্যায়ৰ হব পাৰে৷ ইয়াৰ জৰিয়তে আমাৰ প্ৰত্যাহ্বানসমূহৰ বিশ্বজনীন সমাধান লাভ কৰিব পাৰিম৷

আপোনালোকৰ উৎসাহ প্ৰত্যক্ষ কৰি মই এয়া কব পাৰো যে নিৰ্মাণখণ্ডত এক জাগৰণৰ সৃষ্টি হৈছে আৰু এতিয়া আমি আমাৰ চহৰসমূহৰ নিৰ্মাণখণ্ডক বিশ্বজনীন মানক অনুসৰি প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়িব পাৰো৷

বন্ধুসকল, এই সন্মিলনৰ দ্বাৰা ভাৰতৰতো লাভ হবই, লগতে বিশ্বৰ নিৰ্মাণকাৰী, স্থাপত্যবিদ, পৰিকল্পক আৰু বিশ্বজনীন চিভিল অভিযন্তা ফাৰ্মসমূহো ইয়াৰ দ্বাৰা উপকৃত হব৷ আমি পৰস্পৰে পৰস্পৰৰ পৰা বহু কথা শিকিব পাৰিম৷

বন্ধুসকল, নতুন ভাৰতৰ নতুন ব্যৱসায় পৰিবেশত আপোনালোকৰ খণ্ডটো বহুধৰণে উপকৃত হব৷ দেশত নিম্ন মধ্যবিত্ত লোকৰ দ্ৰুত গতিত বিস্তাৰ হবলৈ ধৰিছে৷ ভাৰত সেইসমূহ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে যত ঘৰৰ চাহিদা ক্ষীপ্ৰ গতিত বৃদ্ধি হবলৈ ধৰিছে৷ আমি এই চাহিদা যাতে পূৰণ কৰিব পাৰো, নিৰ্মাণখণ্ডত আধুনিক প্ৰযুক্তিৰ অধিকতম ব্যৱহাৰ যাতে হব পাৰে, সেইবাবে এপ্ৰিল ২০১৯ৰ পৰা মাৰ্চ ২০২০ লৈ নিৰ্মাণখণ্ডৰ প্ৰযুক্তি বৰ্ষ হিচাপে ঘোষণাও কৰিছো৷

বন্ধুসকল, আজি ইয়াম মই এক এটলাছৰ লোকাৰ্পণ কৰাৰো সৌভাগ্য লাভ কৰিছো৷ পৰিস্থিতি কিদৰে পৰিৱৰ্তিত হয়, আপোনালোক আচৰিত হব যে আমাৰ দেশত দুৰ্যোগ প্ৰশমন বিষয়টো কৃষি বিভাগৰ অন্তৰ্ভুক্ত এটা বিষয় আছিল৷ আমাৰ ইয়াত দুৰ্যোগৰ অৰ্থ হল বানপানী অথবা খৰাং, এয়াই আছিল আমাৰ সীমিত চিন্তা আৰু সেইবাবে কৃষি বিভাগৰ লোকেই ইয়াক পৰিচালনা কৰিছিল৷ গুজৰাটত ২০০১ চনত ভূমিকম্প অহাৰ পিছত বোধোদয় হল যে এয়া এক বৃহৎ প্ৰত্যাহ্বান আৰু ইয়াৰ পিছত এই গুৰুত্বপূৰ্ণ বিভাগটোক তাৰে পৰা উলিয়াই গৃহ মন্ত্ৰ্যালয়ক সমৰ্পন কৰা হ যি ৰাজ্যৰ সৈতে সমন্বয় স্থাপন কৰে৷ অৰ্থাৎ এয়া এক দৃষ্টান্তকাৰী স্থানান্তৰণ আছিল যি অটলজীৰ চৰকাৰৰ সময়ত কৰা হৈছিস৷ গুজৰাটত সৰ্বপ্ৰথমে জিলা পৰ্যায়ত দুৰ্যোগৰ সম্ভাৱনা থকা এলেকাসমূহত ভিন্ন ভিন্ন ধৰণে এনেকুৱা বিভিন্ন মানচিত্ৰ জিলাভিত্তিত আৰু গাঁওভিত্তিত প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হল৷ মই সুখী যে আজি ভাৰত চৰকাৰে এই বিষয়টোক মণ্ডল হিচাপে প্ৰস্তুত কৰি হিন্দুস্তানৰ সকলো ক্ষেত্ৰতআৰু মই বিচাৰিম যে নিৰ্মাণখণ্ডৰ সৈতে জড়িত লোকসকলে কেৱল ভৱনৰেই নহয়, আনকি পাইপ লাইন, গেছ পাইপ লাইনৰো এইদৰে এই এটলাছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নিজৰ যোজনা প্ৰস্তুত কৰক৷ আৰু মইতো চৰকাৰো কম যে নিজৰ নিবিদা ব্যৱস্থাত এই বিষয়ৰো প্ৰসংগ উত্থাপন কৰিব লাগে যে আপোনালোকে এই এটলাছ অধ্যয়ন কৰিছে৷ যত আপোনালোকে কাম কৰিব তাত এই এটলাছত যিবোৰ কথা কোৱা হৈছে সেইসমূহ আপোনালোকে কিদৰে প্ৰণয়ন কৰিব৷ হিন্দুস্তানৰ যিকোনো বিভাগ, আনকি ৰাজ্য চৰকাৰেও, তেতিয়াহে এয়া আনুষ্ঠানিক হব৷ সেইদৰে এই আধাৰত সেই এলেকাসমূহতো, ত বিশ্ববিদ্যালয় আছে, পৰিকল্পনাৰেই হওক অথবা অভিযান্ত্ৰিক, স্থাপত্যবিদ্যা অথবা গাঁথনিযুক্ত বিষয়েও হওক, তেওঁলোকৰ পাঠ্যক্ৰমতো এই বিষয় অন্তৰ্ভুক্ত কৰিব লাগে৷

আৰু সেইবাবে মই বিচাৰিম যে ইয়াত নিজৰ নিজৰ উদ্যোগত আপোনালোক সকলো বিশেষজ্ঞই এই এটলাছৰ ওপৰত দুদিনকৈ কৰ্মশালাৰ আয়োজন কৰিব লাগে৷ এটলাছ বুজি পোৱা, ইয়াৰ সম্বন্ধীয় বিষয়সমূহ কি সেয়া প্ৰত্যক্ষ কৰা, কিয় সেই বিষয়সমূহ আমি গুৰুত্ব দিব লাগেআৰু চাব ভাৰতৰ শক্তি কি? বহু কথা আছে যিবোৰত আমি গুৰুত্ব কম দিও৷ আপোনালোক যিমানবোৰ নিৰ্মাণখণ্ডৰ সৈতে জড়িত লোক আছে, ভাৰতে দীৰ্ঘসময়ৰ বাবে উন্নত নিৰ্মাণ কিদৰে কৰিব পাৰে সেই বিষয়ত আপোনালোক পাৰ্গত, কিন্তু যিসকলে এইবাৰ কুম্ভমেলা পৰিদৰ্শন কৰিছে তেওঁলোকে গম পাব যে মেক শ্বিফ্ট এৰেঞ্জমেণ্ট (make shift arrangement ) কিদৰে উন্নত ধৰণে নিৰ্মাণ কৰিব পাৰি, কিমান প্ৰযুক্তিভিত্তিক হিচাপে নিৰ্মাণ কৰিব পাৰি, এয়া দেশে কৰি দেখুৱাইছে৷

গংগা নদীৰ পাপত ৪০ দিনৰ ভিতৰত ২২ কোটিতকৈও অধিক লোক একত্ৰিত হব৷ প্ৰতিদিনে গংগা নদীৰ পাৰত প্ৰায় ইউৰোপৰ এখন দেশ সমবেত হ, তাত স্বচ্ছতা ইমান সুন্দৰ হব পাৰে এয়া দেশে কৰি দেখুৱাইছে৷ কেৱল এয়াই নহয়, আমাৰ যি স্মাৰ্ট চিটীৰ ধাৰণা আছে, স্মাৰ্ট চিটীৰ দ্বাৰা, প্ৰযুক্তিৰ দ্বাৰা, কেন্দ্ৰীয় কমাণ্ড ছিষ্টেমে কিদৰে কাম কৰিব পাৰে সেয়া সমগ্ৰ কুম্ভমেলাত আমাৰ তৰুণসকলে কৰি দেখুৱাইছে৷ অৰ্থাৎ আমাৰ দেশৰ তেনে সামৰ্থ আছে৷ আমি যদি সেইফালে দৃষ্টি নিক্ষেপ কৰো তেতিয়া দেখিম যে কিদৰে ব্যৱস্থাসমূহ আমাৰ বাবে বিকশিত কৰিব পাৰি৷ যদি মেক শ্বিফ্ট এৰেঞ্জমেণ্ট (make shift arrangement ) এনে উত্তম হব পাৰে, তেন্তে স্থায়ী ব্যৱস্থা বিশ্বৰ বাবে আদৰ্শ হিচাপে প্ৰস্তুত হৈ উঠিব পাৰে৷ আৰু মোৰ বিশ্বাস যে আমাৰ গৱেষণাই সেয়া বাস্তৱায়িত কৰিব পাৰিব৷ কিন্তু এই খণ্ডৰ কিদৰে সংশোধন কৰা হয়, ইয়াক কিদৰে উজ্বীৱিত কৰা হয়, নতুন গতি প্ৰদান কৰা হয়, নতুনত্ব অনা হয় সেয়া অতিশয় আৱশ্যকীয়৷ আৰু আপুনি জানি থওক, হিন্দুস্তানে যি কৰিব বিশ্বই সেয়া প্ৰত্যক্ষ কৰিব৷ এই দেশৰ অভিধানৰ শব্দৰ অৰ্থ পৰিৱৰ্তন কৰাৰ শক্তি আছে৷ আগতে অভিনন্দনৰ ইংৰাজী আছিল congratulations আৰু এতিয়া অভিনন্দনৰ অৰ্থ সলনি হৈছে৷ এই শক্তি আমাৰ দেশত আছে৷

আহক, এই বিশ্বাসেৰে আমি আগবাঢ়ো, এক পৰাক্ৰমী ৰাষ্ট্ৰৰ ৰূপত আগবাঢ়ো আৰু সপোনসমূহ বাস্তৱায়িত কৰাৰ বাবে সময় অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব লাগে, চৰকাৰ আপোনালোকৰ লগত আছে৷

পুনৰবাৰ আপোনালোক সকলোলৈ এই সন্মিলনৰ বাবে অশেষ শুভকামনা যাচিলো৷

অশেষ ধন্যবাদ!!!

*****

अतुल तिवारी/वन्दना जाटव/बाल्मीकि महतो/तारा खंडेलवाल/MANN



(Release ID: 1571056) Visitor Counter : 55


Read this release in: Marathi , English , Tamil