প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ কানপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 08 MAR 2019 8:00PM by PIB Guwahati

গংগা মাৰ জয়, গংগা মাৰ জয়, গংগা মাৰ জয়৷

মোৰ কথা আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকৰ দ্বাৰা তিনিবাৰ জয়ধ্বনি দিয়াম৷ ভাৰত মাতাৰ জয়ধ্বনি দিয়াম আৰু আপোনালোকৰ প্ৰতি মোৰ আহ্বান যে দুয়োখন হাত ওপৰলৈ তুলি মুঠি বন্ধ কৰি সীমাত প্ৰহৰা দি থকা সেনাসকলেও যাতে শুনা পায়, সেই শক্তিৰে আমি জয়ধ্বনি দিম৷ মই তিনিবাৰ জয়ধ্বনি দিয়াব খুজিছো-

পৰাক্ৰমী ভাৰতৰ বাবে ভাৰত মাতাৰ জয়৷

বিজয় ভাৰতৰ বাবে ভাৰত মাতাৰ জয়৷

বীৰ জোৱানৰ বাবে ভাৰত মাতাৰ জয়৷

মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় তথা যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, উপ মুখ্যমন্ত্ৰী তথা সংসদত মোৰ সহযোগী, আমাৰ সকলোৰে পথ প্ৰদৰ্শক জ্যেষ্ঠ নেতা ডাক্টৰ মুৰলী মনোহৰ যোশী মহোহয়, উত্তৰ প্ৰদেশৰ চৰকাৰৰ মন্ত্ৰী ভাই সতীশ মহোদয়, সত্যদেৱ মহোদয়, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ তথা সংসদৰ মোৰ সহযোগী ডাক্টৰ মহেন্দ্ৰ পাণ্ডে মহোদয়, শ্ৰীমান দেৱেন্দ্ৰ সিং মহোদয়, মেয়ৰ প্ৰমীলা মহোদয়া আৰু বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ উপস্থিত হোৱা কানপুৰৰ মোৰ মৰমৰ ভাতৃ তথা ভগ্নীসকল৷

কালি মই নাগপুৰৰ পৰা মেট্ৰ’ক বিদায় জনাইছিলো৷ আজি মই কানপুৰত মেট্ৰ’ৰ শুভাৰম্ভ কৰিছো৷

ভাতৃ আৰু ভগ্নীসকল, গংগাৰ মাৰ পাৰত অৱস্থিত কানপুৰৰ ভূমিক মই সেৱা জনাইছো৷ কানপুৰে স্বতন্ত্ৰতা আন্দোলনৰ পৰা আৰম্ভ কৰি স্বাধীন ভাৰতলৈ অনেক বীৰ আৰু বীৰাংগনা তথা সুপুত্ৰক জন্ম দিছে৷ নানা পেছোৱা, তান্তিয়া টোপে আৰু ৰাণী লক্ষ্মীবাইৰ দৰে অনেক বীৰক কানপুৰে প্ৰেৰণা দিছে৷ ঠিক সেইদৰে দীনদয়াল উপাধ্যায়, শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী, বৰ্তমানৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰামনাথ কোৱিন্দ, এওঁলোককো কানপুৰৰ ভূমিয়ে দিশ প্ৰদৰ্শিত কৰিছে৷

বন্ধুসকল, কানপুৰৰ আপোনালোক সকলোলে নিজৰ শ্ৰমশীলতা, কমৰ্ঠতাৰ দ্বাৰা এই চহৰক দেশৰ এক গুৰুত্বপূৰ্ণ ঔদ্যোগিক নগৰ হিচাপে পৰিচিত কৰিছে৷ প্ৰাচ্যৰ মানচেষ্টাৰ হিচাপে গঢ়ি তুলিছে৷ এই পৰিচয়ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে কানপুৰৰ সাধাৰণ জীৱন, ইয়াৰ ব্যৱসায়, ইয়াৰ উদ্যমক সৱলীকৰণ কৰাৰ বাবে আজি মই আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সৌভাগ্য লাভ কৰিছো৷ কিছু ক্ষণ পূৰ্বেই কানপুৰ আৰু উত্তৰ প্ৰদেশৰ বিকাশৰ সৈতে জড়িত হাজাৰ কোটি টকাৰ প্ৰকল্পৰ লোকাৰ্পণ তথা আধাৰশিলা স্থাপন কৰা হৈছে৷ এই প্ৰকল্পসমূহত ইয়াৰ যাতায়াত, বিদ্যুৎ ব্যৱস্থা, নতুন উদ্যম, গংগাজীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, চহৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, দুখীয়াক নিজাকৈ একোটা ঘৰ প্ৰদানৰ বিভিন্ন প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে৷ ইয়াৰোপৰি লক্ষ্ণৌ আৰু আগ্ৰাৰ মেট্ৰ’ লাইনৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপনো আজি এই কানপুৰৰ ভূমিৰ পৰাই কৰা হৈছে৷ বিকাশৰ এই সমূহ কৰ্মৰ দ্বাৰা উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন সাধিত হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, কানপুৰ ঔদ্যোগিক চহৰ আৰু উদ্যোগৰ বাবে বিদ্যুতৰ উন্নত ব্যৱস্থা সকলোতকৈ বৃহৎ আৱশ্যকতা৷ আপোনালোকে ভালদৰেই জানে যে পূৰ্বে উত্তৰ প্ৰদেশত বিদ্যুতৰ ব্যৱস্থা কেনে ধৰণৰ আছিল৷ এতিয়া যোগী মহোদয়ৰ তৰকাৰে যিদৰে বিদ্যুতৰ কাম কৰিছে তাৰ দ্বাৰা ইয়াৰ জনতা তথা উদ্যমীসকলে পুৰণি দুঃশ্চিন্তাৰ পৰা মুক্ত হৈছে৷ বিদ্যুতক লৈ কিদৰে ৰাজনীতি কৰা হৈছিল তাৰ এক জীৱন্ত উদাহৰণ হ’ল পানকী বিদ্যুৎ প্ৰকল্প৷ এই প্ৰকল্পত এক ইউনিটৰ ব্যৱস্থা ৫২ বছৰ পূৰ্বে কৰা হৈছিল, কিমান বছৰ পূৰ্বে? কানপুৰৰ জনতা, এই কথা নাপাহৰিব, কিমান বছৰ পূৰ্বে এক ইউনিট আছিল? আৰু দ্বিতীয়টো ইউনিটৰ ব্যৱস্থা কৰা হ’ল ৪৩ বছৰ পূৰ্বে৷ ইমান বছৰ কাম কৰি কৰি যন্ত্ৰও ফোঁপাবলৈ আৰম্ভ কৰে৷ আৰু ইয়াৰ ফলাফল কি হ’ল যে এক ইউনিট বিদ্যুতত ১০ টকাকৈ ব্যয় হৈছিল আৰু কয়লাৰো অধিক ব্যৱহাৰ হৈছিল৷ এই পৰিস্থিতি পৰিৱৰ্তন কৰাটো আৱশ্যম্ভাৱী হৈ পৰিছিল৷

বন্ধুসকল, আজিৰে পৰা প্ৰায় ছয় হাজাৰ কোটি টকা ব্যয়েৰে পানকী বিদ্যুৎ প্ৰকল্পৰ বিস্তৃতকৰণৰ কাম আৰম্ভ হ’ব৷ ইয়াৰ পৰা যি বিদ্যুৎ উৎপাদন হ’ব সেয়া আধাতকৈও কম টকাত উপলব্ধ হোৱাৰ লগতে প্ৰদূষণো হ্ৰাস হ’ব৷ আৰু মোৰ কানপুৰৰ ভাই-ভনীসকল, আপোনালোকে আমাৰ কামৰ বিষয়ে জানে নহয়? যি কামৰ আধাৰশিলা আমি স্থাপন কৰো, তাৰ উদঘাটনো আমি কৰো৷ ইয়াৰ অৰ্থ এয়াই যে তিনি বছৰৰ ভিতৰত যেতিয়া এই কাৰখানা সম্পূৰ্ণ হৈ উঠিব তাৰ উদঘাটন কৰিবলৈও……৷

ভাতৃ আৰু ভগ্নীসকল, আমাৰ চৰকাৰে উদ্যোগৰ সৈতে ইউপিৰ সকলো জিলাত বিদ্যুতৰ ব্যৱস্থা সংশোধন কৰাত গুৰুত্ব প্ৰদান কৰি আছে৷ সৌভাগ্য যোজনাৰ অধীনত এই পৰ্যন্ত ইউপিত প্ৰায় ৭৫ লাখতকৈও অধিক লোকক বিদ্যুতৰ বিনামূলীয়া সংযোগ প্ৰদান কৰা হৈছে৷ যদি মই কেৱল আমাৰ এই কানপুৰ খণ্ডৰ কথা কও, তেন্তে ডেৰ লাখতকৈও অধিক ঘৰলৈ বিদ্যুতৰ সংযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱনৰ পৰা অন্ধকাৰ আঁতৰোৱা হৈছে৷ চৰকাৰৰ দ্বাৰা এয়া সুনিশ্চিত কৰা হৈছে কৃষক আৰু জনসাধাৰণে যাতে পৰ্যাপ্ত বিদ্যুতৰ সুবিধা লাভ কৰে৷ মইতো আচৰিত হৈ যাও যে পূৰ্বে কিদৰে চৰকাৰ চলোৱা হৈছিল, চিন্তা কৰক৷ কানপুৰৰ দৰে ঔদ্যোগিক নগৰ, আৰ্থিক গতিবিধি থকা নগৰ, এনে স্থানত ডেৰ লাখ লোক অন্ধকাৰত নিমজ্জিত হৈ আছিল৷ যদি সেই চৰকাৰৰ চিন্তা দুখীয়াৰ কল্যাণ কৰাটো হ’লহেঁতেন তেন্তে এই অন্ধকাৰ কেতিয়াবাই আঁতৰি গ’লহেঁতেন৷

বন্ধুসকল, এওঁলোকৰ সদিচ্ছাত থকা ক্ৰুটিৰ এটা প্ৰমাণ, এই কানপুৰৰ চহৰৰেই মই প্ৰমাণ দিছো৷ আপোনালোকে নিজে দেখিছে কিদৰে গংগা মাৰ পৰিষ্কাৰকৰণৰ নামত অহা হাজাৰ-কোটি টকা নাজানো ক’লৈ গুচি গ’ল, কোনে লৈ গ’ল, পানীলৈ গ’ল নে পকেটলৈ গ’ল৷ কিন্তু ভাতৃ-ভগ্নীসকল, ৰাজকোষ খালী হৈ পৰিল, মা গংগাৰ আৱৰ্জনা কিন্তু হ্ৰাস নহ’ল৷ এয়া সত্য হয়নে নহয়? অৱস্থা তেতিয়াই পৰিৱৰ্তন হ’ল যেতিয়া ২০১৪ চনত আপোনালোকে, বিশেষকৈ উত্তৰ প্ৰদেশৰ জনতাই, হিন্দুস্তানৰ জনতাই আমাক দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে আৱকাশ প্ৰদান কৰিলে৷ তেতিয়াৰ পৰা সংস্কাৰ হোৱা আৰম্ভ হ’ল৷ মা গংগাক নিৰ্মল আৰু স্বচ্ছ হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি গংগোত্ৰীৰ পৰা গংগা সাগৰলৈ সম্পূৰ্ণ একক চিন্তাৰ সৈতে, সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ সৈতে, শ্ৰদ্ধা আৰু সমৰ্পণৰ ভাৱৰ সৈতে দিন-ৰাত্ৰি এক কৰি সংবদ্ধ হৈ পৰিছো৷ নমামি গংগেৰ অভিযানৰ অধীনত সমগ্ৰ দেশতে আঢ়ৈশ প্ৰকল্পৰ কাম কৰা হৈছে৷ ইয়াৰে ৫০ত কৈও অধিক প্ৰকল্প অকলেই আমাৰ ইউপিৰ গংগাৰ তটৰ বাবে প্ৰণয়ন কৰা হৈছে৷

বন্ধুসকল, কানপুৰত গংগাজীৰ যি অৱস্থা হৈছিল, লোকে প্ৰায়েই কৈছিল যে ইয়াৰ স্থিতি পৰিৱৰ্তন কৰা অসম্ভৱ, কিন্তু আমাৰ চৰকাৰে দেশক এই প্ৰত্যয় জগাইছে যে অসম্ভৱো এতিয়া সম্ভৱ৷ ইয়াৰ বাবে ব্যাপক ৰণনীতিৰে সৈতে কাম কৰা হৈছে৷ কানপুৰত গংগাজীলৈ ঘৰসমূহৰ যি আৱৰ্জনা তথা উদ্যোগসমূহৰ আৱৰ্জনা নলাৰ মাধ্যমেৰে বৈ আহে সেয়া বন্ধ কৰাৰ তথা নলা পানীৰ ব্যৱস্থাকৰণৰ বাবে আমি এক ব্যাপক অভিযান প্ৰণয়ন কৰিছো৷ এছিয়াৰ সবাতোকৈ বৃহৎ নলাসমূহৰ ভিতৰত এটা নলাৰ পানী পোনে পোনে গংগাজীত পৰাক বাধা দিয়াৰ কাম সম্পূৰ্ণ হৈছে৷ ঘৰৰ পৰা ওলোৱা আৱৰ্জনাসমূহৰ ব্যৱস্থাকৰণৰ বাবে আৰু ঘাটসমূহৰ পৰিষ্কাৰকৰণ তথা সৌন্দৰ্যবৰ্ধনৰ অনেক প্ৰকল্পৰ আজি লোকাৰ্পণ তথা আধাৰশিলা স্থাপন কৰা হৈছে৷

বন্ধুসকল, আমাৰ চৰকাৰে নমামি গংগে অভিযানৰ অধীনত ইয়াৰে চামৰা উদ্যোগসমূহৰ বাবেও এক বিশেষ যোজনা প্ৰস্তুত কৰিছে৷ এই যোজনাৰ অধীনত আজি চামৰা উদ্যোগৰ পৰা ওলোৱা পানী পৰিষ্কাৰ কৰাৰ এক বৃহৎ কাৰখানাৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে৷ ইয়াৰ দ্বাৰা দিনে দুই কোটি লিটাৰ লেতেৰা পানী গংগালৈ প্ৰৱাহিত হোৱাত বাধা প্ৰদান  কৰা হ’ব৷

বন্ধুসকল, আমাৰ চৰকাৰে পুৰণি উদ্যোগসমূহ সংৰক্ষিত কৰি আছে, কানপুৰ আৰু ইউপিত নতুন উদ্যোগক উদগনি জনোৱা হৈছে৷ ইউপিত আৰম্ভ হোৱা প্ৰতিৰক্ষা কৰিডৰৰ পৰা সবাতোকৈ লাভান্বিত হ’ব কানপুৰ৷ ইউপিত বিনিয়োগৰ পৰিবেশ এইবাবেই সৃষ্টি হৈছে কাৰণ ইয়াত আমাৰ যোগী মহোদয়ে অপৰাধীসমূহক নাকী লগাইছে আৰু আধুনিৰ আন্তঃগাঁথনিৰ নিৰ্মাণ কৰিছে৷ সমগ্ৰ ইউপিত পথ, ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ ৱে’, ৰে’লৱে, এয়াৰৱেৰ আন্তঃজালৰ প্ৰসাৰণ কৰা হৈছে৷ চহৰৰ ভিতৰত মেট্ৰ’ৰ সুবিধা প্ৰদান কৰা হৈছে৷ কানপুৰৰ মেট্ৰ’ সহিতে ইউপিত অনেক মেট্ৰ’ প্ৰকল্পক কেন্দ্ৰ চৰকাৰে অনুমোদন প্ৰদান কৰিছে৷ যেতিয়া কানপুৰত মেট্ৰ’ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ ট্ৰেফিক ব্যৱস্থাৰো অভুতপূৰ্ব পৰিৱৰ্তন সাধিত হ’ব৷

আজিয়েই প্ৰযুক্তিৰ জৰিয়তে লক্ষ্ণৌ মেট্ৰ’ৰ দ্বিতীয়টো পৰ্যায়ৰ লোকাৰ্পণ কৰা হৈছে৷ ই প্ৰস্তুত হৈ উঠাৰ পিছত এতিয়া লক্ষ্ণৌত প্ৰায় ২৩ কিলোমিটাৰ পথত মেট্ৰ’ চলা আৰম্ভ হ’ব৷ এইদৰে আগ্ৰাতো মেট্ৰ’ ট্ৰেক নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ আগ্ৰাত মেট্ৰ’ প্ৰকল্প হৈ উঠিলে তাৰে জনতাৰ জীৱন সুগম হৈ উঠিব আৰু সকলোতকৈ ডাঙৰ কথা, পৰ্যটনৰ বাবেও নতুন সুবিধা বিকশিত হ’ব৷

বন্ধুসকল, আমাৰ চৰকাৰে কানপুৰ চহৰত সকলো সুবিধা প্ৰদান কৰাৰ বাবে অশেষ প্ৰয়াস কৰিছে৷ আজি ইয়াত কানপুৰৰ অনেক দুখীয়া পৰিয়ালক পকী ঘৰ প্ৰদান কৰা হৈছে এতিয়ালৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ দেশতে প্ৰায় ডেৰ কোটি ঘৰ নিৰ্মাণ হৈছে, ডেৰ কোটি৷ পূৰ্বৰ চৰকাৰে এইখিনি সময়ত ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল আৰু এই চৰকাৰে ডেৰ কোটি ঘৰ নিৰ্মাণ কৰিছে৷ ইউপিতো যোগী মহোদয়ৰ চৰকাৰ গঠন হোৱাৰ পিছত ঘৰ নিৰ্মাণৰ কাম দ্ৰুত হৈছে৷ বৰং ইয়াৰ পূৰ্বে ইউপিৰ চৰকাৰলৈ আমি চিঠি লিখিবলগীয়া হৈছিল৷ ভাৰত চৰকাৰে বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু সেইসময়ৰ চৰকাৰ চলোৱা লোকসকলে দুখীয়াক পৰোৱাহেই কৰা নাছিল৷

বন্ধুসকল, আজি এই উপলক্ষে যেতিয়া মই এই পৰিয়ালসকলক ঘৰ প্ৰদান কৰি আছো, মই কানপুৰৰ ভূমিৰ পৰা দেশৰ সকলো দুখীয়াক, দেশত যাৰ ঘৰ নাই, তেওঁলোকক পুনৰবাৰ মই মোৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷ আমি ২০১৪ চনত চৰকাৰ গঠন হোৱাৰ পিছত কৈছিলো যে ২০২২ চনত যেতিয়া ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰণ হ’ব তেতিয়া হিন্দুস্তানত এনেকুৱা পৰিয়াল নাথাকিব যাৰ ওচৰত পকী ঘৰ নাথাকিব৷ মই আজি বৃহৎ দায়িত্বৰ সৈতে মোৰ দুখীয়া ভাই-ভনীসকলক ক’ব বিচাৰিছো যে কাম দ্ৰুত গতিত সম্পন্ন হৈছে, তেওঁলোকৰ ২৫ লাখৰ পৰিৱৰ্তে আমি ডেৰ কোটি ঘৰ নিৰ্মাণ কৰিছো, এতিয়াও ঘৰ নিৰ্মাণ হৈ আছে, আগলৈও নিৰ্মাণ হ’ব৷ যিয়ে আজি পোৱা নাই, তেওঁলোকে কাইলৈ পাব৷ যিয়ে কাইলৈ নাপায় তেওঁ ১৫ দিনৰ পিছত পাব, মাহৰ পিছত পাব৷ কিন্তু ২০২২ চনৰ পূৰ্বে বিশ্বাস কৰক ‘মোদী থাকিলে সকলো সম্ভৱ’, এই ঘৰ সকলোৱে পাব৷ কথা কোৱা চৰকাৰ বহু আহিল, পৃথিৱীত কাম কৰি দেখুওৱা চৰকাৰ এয়া আপোনালোকৰ সন্মুখত উপস্থিত আছে৷

বন্ধুসকল, আজি মই কানপুৰলৈ আহিছো যেতিয়া সেই বীৰসকলকো স্মৰণ কৰা উচিত যাৰ বলিদানৰ বাবে দেশ সুৰক্ষিত হৈ আছে, বিকাশৰ পথত অগ্ৰসৰ হৈছে৷ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আমাৰ শ্যামবাবু আৰু বড়গামত হেলিকপ্টাৰ দূৰ্ঘটনাত শ্বহীদ আমাৰ ভাই দীপক পাণ্ডেক পুনৰবাৰ মই আজি কানপুৰৰ ভূমিৰ পৰা সেৱা জনাইছো৷ মই ক’ম শ্বহীদসকল, আপোনালোকে পূৰ্ণ শক্তিৰে ক’ব-অমৰ হওক, অমৰ হওক-

শ্বহীদসকল, অমৰ হওক!

শ্বহীদসকল, অমৰ হওক!  

শ্বহীদসকল, অমৰ হওক!  

বন্ধুসকল, পুলৱামাৰ আক্ৰমণৰ বিষয়ে মনত আছে নহয়? পুলৱামা আক্ৰমণৰ পিছত আমাৰ বীৰ সেনাই যি পৰাক্ৰম প্ৰদৰ্শিত কৰিলে, আপোনালোকৰ বুকু ভৰিল নে নভৰিল? আপোনালোকৰ শিৰ গৰ্বত উচ্চ হ’ল নে নহ’ল? ভাৰতৰো সাহস আছে এয়া অনুভূত হয় নে নহয়? আমাৰ সেনাই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সম্পন্ন কৰিব পাৰে নে নোৱাৰে? আপোনালোক সুখী হৈছেনে? আপোনালোকৰ উৎসাহ বৃদ্ধি হৈছেনে? আপোনালোকৰ হৃদয়তো সেই উৎসাহ আছেনে? কিন্তু ভাতৃ-ভগ্নীসকল, আপোনালোকৰ হৃদয়ত যি উৎসাহ আছে, যি বিশ্বাস আছে, দুখৰ কথা এয়েযে আমাৰ ঘৰতেই সেনাৰ পৰাক্ৰমক হীন কৰাৰ বাবে দিনে-ৰাতিয়ে প্ৰয়াস কৰা হৈছে৷ এনে লোকে লাজ পাব লাগে নে নালাগে? তেওঁলোকে লাজ নাপায়৷ পাকিস্তানে যি ভাল পায়, পাকিস্তানে যি পচন্দ কৰে এনেকুৱা কথা হিন্দুস্তানত বহি লোকে কৰি আছে, এনে লোকক ক্ষমা কৰিব পাৰিনে? কৰিব পাৰিনে? এয়া সেনাৰ অপমান নহয় নে? বীৰৰ পৰাক্ৰমৰ অপমান নহয় নে?

ভাতৃ আৰু ভগ্নীসকল, কিছুমান লোকে যিবোৰ কাম সজ্ঞানে কৰি আছে, এয়া মই গম্ভীৰ অভিযোগ কৰি আছো, কানপুৰৰ ভূমিৰ পৰা কৰি আছো, স্বাধীনতাৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই কানপুৰৰ ভূমিৰ পৰা মই এওঁলোকক দোষাৰোপ কৰিছো৷ ৰাজনৈতিক স্বাৰ্থৰ বাবে যিদৰে বক্তব্য প্ৰদান কৰিছে, যি ভাষাৰ প্ৰয়োগ কৰিছে, চৰকাৰক অভিযোগ কৰিছে, ইয়াৰ দ্বাৰা দেশৰ শত্ৰুৱে চল পাইছে৷ আৰে, স্বাৰ্থৰ ৰাজনীতিৰ বাবে, মোদীৰ বিৰোধিতাৰ বাবে আমাৰ ৰাজনৈতিক বিৰোধীয়ে যি বক্তব্য প্ৰদান কৰিছে তাৰে লাভ উঠাইছে সন্ত্ৰাসবাদীসকলে৷ বন্ধুসকল, নিৰ্বাচনৰ অহা-যোৱা চলিয়েই থাকিব কিন্তু দেশৰ শত্ৰুসকলে যাতে ইয়াৰ পৰা উপকৃত হ’ব নোৱাৰে তাৰ দায়িত্ব হিন্দুস্তানীসকলৰ হয় নে নহয়? যিকোনো দল হওক, সকলো দলৰেই হয় নে নহয়? প্ৰত্যেক নেতাৰেই হয় নে নহয়? কিন্তু এনেকুৱা দায়িত্বজ্ঞানহীন কথা……

ভাতৃ আৰু ভগ্নীসকল, আজি যেতিয়া পাকিস্তানক সমগ্ৰ বিশ্বই চাপ প্ৰদান কৰিছে, পাকিস্তানত সন্ত্ৰাসবাদী কৰায়ত্ত হৈছে, পাকিস্তানে মুখ উলিয়াব পৰা নাই, সমগ্ৰ বিশ্বই পাকিস্তানক চাপ প্ৰদান কৰিছে, এনে সময়ত আমাৰ মানুহৰ বক্তব্যৰ ফলত পাকিস্তান লাভান্বিত হৈছে৷ এনেকুৱা কৰাটো তেওঁলোকক শোভা পায়নে? নাপাহৰিব যে আপোনালোকৰ বক্তব্যক আধাৰ কৰি পাকিস্তানে আপোনালোকৰ বক্তব্যকেই বিশ্বত প্ৰচাৰ কৰি আছে, প্ৰদৰ্শিত কৰি আছে আৰু সমগ্ৰ বিশ্বকে ভ্ৰমিত কৰিছে আৰু এই পাপ আপোনালোকৰ বাবে হৈছে৷  

মই দেশবাসীক কানপুৰৰ ভূমিৰ পৰা ক’ব বিচাৰো যে সীমাৰ সিপাৰে সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে হোৱা নিৰ্ণায়ক যুদ্ধত আপোনালোকে আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ প্ৰত্যক্ষ কৰিছে৷ সেইবাবে সন্ত্ৰাসবাদীসকলে নিজৰ ধ্বংস প্ৰত্যক্ষ কৰিছে আৰু ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে৷ যিদৰে আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই কঠোৰ প্ৰভাৱৰ ফলতেই সন্ত্ৰাসবাদীসকল হতাশ হৈছে, তেওঁলোকক দানা-পানীৰ যোগান ধৰাসকলো হতাশাত ভুগিছে আৰু এনে পৰিস্থিতিত মই মোৰ দেশবাসীসকলক এজন নাগৰিক হোৱাৰ পৰিপ্ৰেক্ষিতত হিন্দুস্তানৰ সকলো নাগৰিকে সতৰ্কৰূপত ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰাটো পূৰ্বতকৈও অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

বন্ধুসকল, দেশত ঐক্যতা স্থাপন কৰাটো অতিশয় প্ৰয়োজনীয়৷ আপোনালোকে মোক কওক, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব লাগে নে নালাগে? সন্ত্ৰাসবাদৰ শিপা উভালিব লাগে নে নালাগে? ইয়াক কোনে উভালিব পাৰে, ইয়াক কোনে শেষ কৰিব পাৰে? সন্ত্ৰাসবাদক কোনে নষ্ট কৰিব পাৰে?

ভাতৃ আৰু ভগ্নীসকল, এয়া মোদীয়ে নহয়, এশ পঁচিশ কোটি হিন্দুস্তানীয়ে ধ্বংস কৰিব পাৰে৷ আৰু সেইবাবে দেশত ঐক্যতাৰ পৰিবেশ সৃষ্টি হোৱাটো প্ৰয়োজন৷ ভ্ৰাতৃত্ববোধ, সদ্ভাৱ আদি বৃদ্ধি হোৱা প্ৰয়োজন আৰু সেই শক্তিৰ পৰাই মোদীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি৷ সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব পাৰিব৷ মোদীৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল দেশৰ একতা, দেশৰ ভ্ৰাতৃত্ববোধ, দেশৰ সদ্ভাৱৰ বাতাৱৰণ, আৰু এয়া সৃষ্টি কৰাৰ বাবে মোক আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন৷ আপোনালোকৰ সঁহাৰি পাম আৰু এই যুদ্ধ জয় কৰিব লাগিব আৰু ভাৰত জয়ী হ’ব এয়া বিশ্বাস ৰাখক৷ মই আজি আমাৰ যোগী মহোদয়ৰ চৰকাৰক অভিনন্দন প্ৰদান কৰিছো৷ পৰহি লক্ষ্ণৌত কিছু মানসিক বিকাৰগ্ৰস্ত লোকে কাশ্মীৰি ভাইসকলৰ সৈতে ব্যৱহাৰ কৰিছিল, তাৰবাবে ইউপি চৰকাৰে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰবাবে মই যোগী চৰকাৰক ধন্যবাদ প্ৰদান কৰিছো৷

মই অন্য ৰাজ্যসমূহকো আহ্বান জনাম যে য’তেই এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব তাতেই যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু আমি সন্ত্ৰাসবাদ ধ্বংস কৰিব লাগে৷ আমি সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি পেলাব লাগে, ঐক্যতাৰ মন্ত্ৰ আওৰাই আগবাঢ়িব লাগে৷

বন্ধুসকল, নিজৰ ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ বাবে, বংশবাদক বচোৱাৰ বাবে কিছুমান লোকে মহাভেঁজালৰ ৰাজনীতি কৰি আছে৷ এনেকুৱা লোকে দেশৰ বীৰ জোৱান, দুখীয়া, মধ্যবিত্ত, কৃষক, উদ্যোগ, গংগাজী, এই সকলো কথা তেতিয়াহে কয় যেতিয়া তেওঁলোকে ভোট খুজিবলৈ ওলায়৷ মহাভেঁজালৰ খেলত সংবদ্ধ এই লোকসকলৰ সন্ত্ৰাসবাদ, ভ্ৰষ্টাচাৰ আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰা মোদী হজম হোৱা নাই৷ এওঁলোক কিহৰ বাবে ইমান চিন্তিত…সেইবাবে তেওঁলোকে কয়.. আহা মহাভেঁজাল কৰো, যি কাৰাগাৰত আছে তেওঁকো লগত লও, যি কাৰাগাৰলৈ যোৱাটো নিশ্চিত তেওঁকো লগত লও, যি জামিনত আছে তেওঁকো লগত লও… আহা,  সকলোৱে মিলি মোদীক ধ্বংস কৰো৷ আৰু মই কও…আহা, একত্ৰিতভাৱে আমি সন্ত্ৰাসবাদক ধ্বংস কৰো, তেওঁলোকে কয় মোদীক শেষ কৰো৷ মই কও সন্ত্ৰাসবাদক শেষ কৰো৷

বন্ধুসকল, মই জানো যে ইউপিসহিতে দেশৰ প্ৰত্যেকজন জনতা দেশৰ একতা, দেশৰ বিকাশৰ সৈতে আছে আৰু পুনৰবাৰ আপোনালোক সকলোকে বিকাশৰ এই সমগ্ৰ প্ৰকল্পৰ বাবে মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো আৰু কানপুৰত ইমান বৃহৎ সংখ্যাত মোৰ দৃষ্টি য’লৈকে গৈছে সিমান লোক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে ইয়ালৈ অহাৰ বাবে মই আপোনালোকক ওচৰত অশেষ কৃতজ্ঞ৷ সমগ্ৰ শক্তিৰে মোৰ সৈতে কওক..ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়৷

অশেষ ধন্যবাদ৷

                      

*****

AKT/VJ/TK/MS/MANN



(Release ID: 1569306) Visitor Counter : 80


Read this release in: English , Hindi , Tamil