প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগ্ৰাত বহুমুখী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ

Posted On: 09 JAN 2019 8:50PM by PIB Guwahati

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ম়ঞ্চত উপবিষ্ট উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক জী, ৰাজ্যৰ লোকপ্ৰিয় আৰু যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান আদিত্য যোগীৰাজ জী, উপ মুখ্যমন্ত্ৰী ড০ দীনেশ শৰ্মা জী, সাংসদ প্ৰফেচাৰ ৰামশংকৰ কাথাৰীয়া জী, ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশ ৰাজ্যিক সমিতিৰ অধ্যক্ষ আৰু সাংসদ, মোৰ সতীৰ্থ ড০ মহেন্দ্ৰ পাণ্ডে জী, চৌধুৰী বাবুলাল জী, শ্ৰী অনিল জৈন, মঞ্চত উপস্থিত থকা মহানুভৱসকল আৰু আগ্ৰাৰ মোৰ প্ৰিয় ভাই-ভনীসকল। নতুন বছৰত উত্তৰ প্ৰদেশত এয়া মোৰ প্ৰথমটো কাৰ্যক্ৰম। আপোনলোকৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ ২০১৯বৰ্ষৰ বাবে মোৰ শুভ কামনা জ্ঞাপন কৰিলো। নতুন ভাৰতৰ নিৰ্মাণত সহযোগ আগবঢ়োৱা আপোনালোক আটাইকে মই প্ৰণিপাত জনাইছো।

      বন্ধুসকল, আগ্ৰালৈ আহি আপোনালোকৰ মাজত উপস্থিত হবলৈ পাই মই নিজকে সৌভাগ্যবোন বুলি গণ্য কৰিছো। মই যেতিয়াই ইয়ালৈ আহি আপোনালোকৰ সমৰ্থন বিচাৰিছো তেতিয়াই আপোনালোকৰ পৰা, উত্তৰ প্ৰদেশৰ ৰাইজৰ পৰা তথা সমগ্ৰ ভাৰতবাসীৰ পৰা ভৰপূৰ আশীৰ্বাদ লাভ কৰিছো। আপোনালোকৰ সপোন সাকাৰ কৰাৰ লগতে আপোলোকে মোৰ প্ৰতি দেখুওৱা ভৰষাৰ যাতে মান ৰাখিব পাৰো তাৰ বাবে মই সদায়ে আন্তৰিকতাৰে প্ৰয়াস অব্যাহত ৰাখি আহিছো। আপোনালোকৰ লগতে সমগ্ৰ দেশবাসীৰ সেৱাত যাতে সম্পূৰ্ণ সততাৰে ব্ৰতী হৈ থাকিব পাৰো তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ প্ৰদান কৰি থাকিব বুলি আশা কৰিলো। আপোনালোকৰ বিশ্বাস আৰু সহযোগিতাৰ বলতে সকলোৰে সৈতে সকলোৰে বিকাশৰ বাবে আমি চলোৱা অভিযানে আজি এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। অলপ সময়ৰ আগতে ইয়াত আগ্ৰাৰ সামগ্ৰিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে নিৰ্মাণ কৰা আৰু নিৰ্মাণৰ পৰিকল্পনা কৰা যিসমূহ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হল, সেয়াও আমাৰ এই প্ৰয়াসৰে অংশ স্বৰূপ।

    এই পৰিযোজনা মূলতঃ পানী-যোগান, শিক্ষা আৰু স্বাস্থ্য, নলা-নৰ্দমা তথা পয়-প্ৰণালী ব্যৱস্থা, পথ-যোগযোগ, অৰ্থাত আগ্ৰাক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে যুগুতোৱা হৈছে। এই সকলো প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিব খুজিছো। এই সমূহ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সহযোগিতাৰ বাবে মই জাপানকো হৃদয়ৰে ধন্যৱাদ জনাইছো। ভাই-ভনীসকল, বহুদিনীয়া এলানি দাবী আজি পূৰণ হোৱাৰ পৰত আপোনালোক চাগৈ স্বাভাৱিকতেই আনন্দিত হব। সামগ্ৰিক ভাবে আগ্ৰাৰ পৰা মথুৰা পৰ্যন্ত এই সমগ্ৰ অঞ্চলটোৱেই খোৱা-পানীৰ সমস্যাৰে জৰ্জৰিত হৈ আহিছে। এই অঞ্চলৰ ভূ-জল সাধাৰণতে খাৰুৱা। সেয়ে এনে পানী খোৱাৰ উপযোগী নহয়। যিখন যমুনাৰ পানীয়ে এইটো অঞ্চলত জীৱনৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল সেইখন যমুনাৰ পানীয়েই আজি খাব নোৱাৰাকৈ প্ৰদূষিত হৈ পৰিছে। ফলত আপাৰ-গংগা প্ৰকল্পৰ জৰিয়তে আজি আগ্ৰাৰ তৃষ্ণা দূৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা আগ্ৰা জল-সম্পত্তি পূৰ্তি গংগা জল পৰিযোজনা আজি আনুষ্ঠানিক ভাবে আপোনালোকৰ হাতত অৰ্পণ কৰিলো। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ বহু লক্ষ পৰিয়ালে পৰিষ্কাৰ খোৱা-পানী লাভ কৰিব। এইখিনিতে মই এই কথাও জনাই থব বিচাৰিছো যে নমামী গংগা অভিযানৰ দৰেই যমুনা জীৰ পৰিষ্কৰণকো আমাৰ চৰকাৰে প্ৰাথমিকতা প্ৰদান কৰি আহিছে।

     ভাই-ভনীসকল, আগ্ৰাৰ খোৱা-পানীৰ সমস্যা আঁতৰোৱাৰ দৰেই চহৰখনৰ পয়-প্ৰণালী ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে ইতিমধ্যে বহুবোৰ প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। ভাই-ভনীসকল, আপোনালোকে আজি গংগা-জল খোৱাৰ সৌভাগ্য লাব কৰিছে। পিছে, যেতিয়া খাবলৈ পৰিষ্কাৰ পানী উপলব্ধ হয়, তেতিয়া কেৱল খোৱা পানীয়েই উপলব্ধ নহয়, পানীৰ সমস্যাৰেই যে সমাধান হয়, এনে নহয়। বৰং, ইয়াৰ সকলোতকৈ ডাঙৰ প্ৰভাৱ জন-স্বাস্থ্যৰ আৰোগ্যৰ ওপৰত যে পৰে সেইটোহে আচল কথা। বিশেষকৈ দুখীয়া-দৰিদ্ৰৰ জীৱনত ইয়াৰ প্ৰভৱ অধিক লাভদায়ক হয়। কবলৈ গলে এই প্ৰকল্পৰ সুবাদত আগ্ৰাৰ ৰাইজে এতিয়াৰে পৰা নিৰ্মল পানী খাবলৈ পোৱাৰ লগতে চহৰখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ এতিয়াৰ পৰা আৰোগ্য-প্ৰদায়িনীৰ ৰূপত গংগা-জলৰ প্ৰবাহো সম্ভৱ হৈ উঠিব। ইয়ে আগ্ৰালৈ অহা পৰ্যটকসকলকো উপকৃত কৰাৰ লগতে চহৰখনলৈ আৰু অধিক পৰ্যটকক আকৰ্ষণো কৰিব। সেয়ে এই প্ৰকল্পক কেৱল অভিযান্ত্ৰিক দৃষ্টিকোণৰেই বিশ্লেষণ নকৰি মানৱীয় দৃষ্টিকোণৰেও বিশ্লেষণৰ প্ৰাসংগিকতা থাকিব। ইমান দীঘল পাইপ লাইনৰে গংগাৰ পানী প্ৰবাহিত কৰি আনি আগ্ৰাৰ নাগৰিকক অমৃতধাৰা উপলব্ধ কৰোৱাই আগ্ৰাৰ জীৱনক এক নতুন শক্তি প্ৰদান কৰিব এই প্ৰকল্পই।

     ভাই-ভনীসকল, সম্প্ৰতি সমগ্ৰ দেশতে অমৃত অভিযান চলি আছে। এই অভিযানৰ অধীনতে চহৰখনৰ পশ্চিমভাগৰ বাবে এক পয়-প্ৰণালী পৰিযোজনাৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ দ্বাৰা প্ৰায় ৫০ হাজাৰ পৰিয়ালে সুফল লাভ কৰিব। বন্ধুসকল, আগ্ৰা দেশৰ সেইকেইখন চহৰৰ তালিকাত আছে যিকেইখন চহৰক স্মাৰ্ট চিটী হিচাপে বিকশিত কৰাৰ বাবে দ্ৰুত গতিত কাম চলি আছে। সেই অনুসৰি আগ্ৰাৰ নতুন কমাণ্ড এণ্ড কণ্ট্ৰোল ষ্টোৰৰ কাম আজিৰে পৰা আৰম্ভ কৰা হৈছে। প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মিত হব লগা এই ষ্টোৰেৰে চহৰখনৰ সম্পূৰ্ণ কাম-কাজৰ তদাৰকী কৰা হব। এই ষ্টোৰত বহি বহিয়েই ১২ শৰো অধিক চিচি টিভি কেমেৰাৰ জৰিয়তে গোটেই চহৰখনৰ নীৰিক্ষণ কৰাৰ ব্যৱস্থা হব। পথত হোৱা যান-জঁটৰ পৰা আৱৰ্জনা পৰিষ্কৰণলৈ, কোনোবা কৰ্মী সময়ত কামলৈ গৈ পাইছেনে নাই আদিৰ দৰে কথাবোৰL চিচি টিভিৰ মাধ্যমেৰে সতৰ্ক দৃষ্টি ৰখা হব। প্ৰিয় ভাই-ভনীসকল, এই চিচি টিভি ব্যৱস্থাই আগ্ৰাবাসীক সুৰক্ষাৰ নিশ্চয়তাও প্ৰদান কৰিব। চহৰখনৰ এনে ধৰণৰ সুৰক্ষাৰ নিশ্চিতিয়ে স্বাভাৱিকতেই দেশী-বিদেশী পৰ্যটককো আস্বস্ত কৰিব আৰু ইয়ে আগ্ৰাৰ পৰ্যটন সম্ভাৱনাৰ বিকাশত বিশেষ অৰিহণা আগবঢ়াব। পৰ্যটকসকলৰ মাজত আগ্ৰাৰ প্ৰতি এক বিশেষ আকৰ্ষণ সদায়ে আছেই, এই আকৰ্ষণক আমাৰ এই নতুন ব্যৱস্থাই আৰু অধিক বিকশাই তোলাতো আমি বিচাৰিছো। বিগত ৭০ বছৰৰ সকলো অভিলেখ ভংগ কৰি পৰ্যটনে আগ্ৰাৰ অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আমি আশা কৰিছো। এই বিলাক সা-সুবিধাৰে সমৃদ্ধ হৈ যেতিয়া আগ্ৰা এখন স্মাৰ্ট চিটী হিচাপে বিকশিত হৈ উঠিব তেতিয়া ইয়াৰ পৰিবেশ পৰিচ্ছন্ন হব, নিৰ্মল খোৱা পানী উপলব্ধ হব, ধন-জনৰ নিৰাপত্তা সুনিশ্চিত হব, পৰ্যটনৰ সম্ভাৱনা বাঢ়িব, তাজমহলৰ দৰে জগত বিৰল ঐতিহ্যৰ চমক আৰু বদ্ধি পাব, আৰু ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰ্যটন উদ্যোগত যে পৰিব সেয়া নিশ্চিত।

       ভাই-ভনীসকল, স্বাস্থ্যসন্মত পৰিৱেশ আৰু উন্নত চিকিত্সাৰ আন্তঃগাঁথনি অবিহণে কোনো এখন দেশ অথবা চহৰ কেতিয়াও স্মাৰ্ট হব নোৱাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰৰ ভাজপা চৰকাৰে দেশত এক সুস্থ পৰিবেশ বিকশিত কৰাৰ লগতে উন্নত চিকিত্সাৰ বাবে বিশেষ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত আগ্ৰাৰ এএছএন মেডিকেল কলেজৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াত আঢ়ৈশখন নতুন বিচনা সংযোজিত কৰাৰ লগতে ছুপাৰ স্পেচিয়েলিটী সুবিধাৰো সম্পসাৰণ কৰা হব। ইফালে মহিলা হাস্পটালত এশখন বিচনাযুক্ত এটা প্ৰসুঁতি সেৱা গোটৰ লগতে দুটা সাৰ্বজনীন সেৱাকেন্দ্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰাৰ সৌভাগ্যও মই আজি লাভ কৰিছো।

    বন্ধুসকল, অনাগত দিনত আমাৰ দেশত হাস্পটালৰ এক ডাঙৰ নেটৱৰ্ক গঢ়ি উঠিব। ইয়াৰ ফলত সৰু সৰু চহৰসমূহৰ লগতে প্ৰত্যন্ত অঞ্চলসমূহৰ ৰাইজৰ বাবে চিকিত্সা সেৱা উপলব্ধতো হবই, তাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে কৰ্ম-সংস্থানৰ সম্ভাৱনাও সৃষ্টি হব। আয়ুষ্মান ভাৰত যোজনায়ো এই সম্ভাৱনাক আৰু অধিক বিস্তাৰিত কৰিছে। এই যোজনাক বহুতে আকৌ মোডী-কোয়াৰ বুলিও কব খোজে। এটা কথাৰ জৰিয়তেই এই যোজনাৰ সাফল্যৰ উমান পাব পাৰি। এই যোজনাৰ অধীনত এতিয়া দেশত প্ৰতি দিনে প্ৰায় দহ হাজাৰ লোকে চিকিত্সা সেৱা গ্ৰহণ কৰি আছে। ইয়াৰে অধিকাংশই দুখীয়ী-দৰিদ্ৰ লোক। এইসকল লোক যিয়ে ৪-৪, ৫-৫বছৰ ধৰি নৰিয়াত পৰি থাকি জীয়াতু ভূগিবলগীয়াত পৰিছিল। পা-পইচাৰ অভাৱত মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছিল। ভাই-ভনীসকল, দুখীয়ী-দৰিদ্ৰ লোকসকলেনো কাৰ ওচৰত হাত পাতিব পাৰে! অৱশেষত যেনিবা আয়ুষ্মান ভাৰত যোজনাই এইসকল লোকক সকাহ দানৰ ব্যৱস্থা কৰিলে। আঁচনিখনে খুউব কম সময়ৰ ভিতৰতে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এশ দিন, এৰা মাত্ৰ এশটা দিনৰ ভিতৰতে এইখন আঁচনিৰ অধীনত দেশৰ প্ৰায় ৭ লাখ দুখীয়া ভাই-ভনী আৰু কণ কণ শিশুৱে চিকিত্সা সেৱা গ্ৰহণ কৰি আৰোগ্য লাভ কৰিছে অথবা ইতিমধ্যে চিকিত্সা সেৱা গ্ৰহণ কৰি আছে।

     ভাই-ভনীসকল, ভাজপা চৰকাৰে বিকাশৰ পঞ্চধাৰা, অৰ্থাত্, শিশুৰ শিক্ষা, যুৱ-প্ৰজন্মৰ বাবে কৰ্ম সংস্থান, বৃদ্ধসকলৰ বাবে ঔষধ, খেতিয়কৰ বাবে জল-সিঞ্চন আৰু নাগৰিকৰ মত গ্ৰহণৰ প্ৰতিবদ্ধতা দোহাৰি আহিছে। যদি উপাৰ্জনৰ কথা কোৱা যায়, তেন্তে আগ্ৰাকে ধৰি উত্তৰ প্ৰদেশৰ প্ৰায় প্ৰতিখন জিলাই ইয়াত থকা লঘু আৰু মধ্যমীয়া উদ্যোগৰ বাবে প্ৰসিদ্ধি লাভ কৰি আহাৰ কথা উল্লেখ কৰিব লাগিব। আগ্ৰাৰ পেথাই ইয়াক এক বিশেষ পৰিচিতি প্ৰদান কৰি আহিছে। সেইদৰে আৰু অনেক পাৰম্পাৰিক উদ্যোগ ইয়াত দীৰ্ঘ দিন ধৰি চলি আহিছে। কেন্দ্ৰ আৰু ইউপি চৰকাৰে এনেধৰণৰ সৰু-বৰ উদ্যোগৰ উত্তৰণ, উন্নয়ন তথা সম্প্ৰসাৰণৰ বাবে কাম কৰি আহিছে। ইউপি চৰকাৰে গ্ৰহণ কৰা এখন জনপদ এক উতপাদ আঁচনিৰ জৰিয়তে অঞ্চলসমূহত থকা সৰু সৰু উদ্যোগৰ উত্তৰোত্তৰ সাধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা মেক ইন ইণ্ডিয়া অভিযানেও ইয়াৰ পৰা সহযোগিতা লাভ কৰি আহিছে।

     বন্ধুসকল, ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ উত্তৰোত্তৰ সাধনৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। ক্ষুদ্ৰ উদ্যোগীসকলে যাতে কোনোধৰণৰ অসুবিধা নোহোৱাকৈয়ে বেংকৰ পৰা ঋণ আদায় কৰিব পাৰে তাৰ বাবে এক বিশেষ অন-লাইন ব্যৱস্থা বিকশিত কৰি উলিওৱা হৈছে। এই ব্যৱস্থাৰে কেৱল ৫৯ মিনিটত, এৰা, এঘণ্টাও নহয়, কেৱল ৫৯ মিনিটৰ ভিতৰতে ১ কোটি টকা পৰ্যন্ত ঋণৰ অনুমোদন জনাব পৰা প্ৰযুক্তিগত ব্যৱস্থা যুগুতাই উলিওৱা হৈছে। এই ব্যৱস্থাৰ সুফল ইতিমধ্যে আগ্ৰাৰ লগতে উত্তৰ প্ৰদেশৰ বহু সংখ্যক উদ্যোগীয়ে গ্ৰহণ কৰিছে। তদুপৰি ডাঙৰ ডাঙৰ উদ্যোগ-প্ৰতিষ্ঠানসমূহে যাতে সৰু সৰু উদ্যোগীসকলৰ প্ৰাপ্য ধন দীঘলীয়া সময়ৰ বাবে মোকলাই নিদিয়াকৈ থাকিব নোৱাৰে সেই কথা নিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কেচ-ফ্ল অব্যাহত ৰখাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে পৰ্যাৱৰণ সংক্ৰান্তীয় অনুমোদনৰ পৰা পৰিদৰ্শন পৰ্যন্ত  বিষয়সমূহৰ ক্ষেত্ৰত বিধি-ব্যৱস্থাৰ সৰলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এইসমূহ পদক্ষেপৰ পৰা ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া পৰিসৰৰ উদ্যোগীসকল বাৰুকৈয়ে উপকৃত হোৱাৰ লগতে অঞ্চলসমূহৰ যুৱক-যুৱতীসকলে জীৱিকা নিৰ্বাহৰ নতুন সুযোগ লাভ কৰিব পাৰিব।

     বিধি-ব্যৱস্থা সহজ আৰু সৰল হলেহে বেপাৰ-বাণিজ্যই বিশেষ প্ৰগতি লাভ কৰিব পাৰে। এনে ব্যৱস্থা, যাক বেপাৰীয়েও সহজে বুজিব পাৰে আৰু গ্ৰাহক ৰাইজেও সহজে বুজিব পাৰে। বেপাৰী আৰু গ্ৰাহকৰ মাজৰ সম্বন্ধ, সৰস্পৰৰ প্ৰতি বিশ্বাস তথা ভৰষাৰ ওপৰতে বাণিজ্যিক প্ৰগতিৰ গতি নিৰ্ভৰ কৰে। শেহতীয়া ভাবে আমাৰ দেশত এই ভৰষা প্ৰদান কৰিছে জিএছটি-য়ে। দেশত এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ মাত্ৰ ডেৰটা বছৰহে সম্পূৰ্ণ হৈছে। এইচোৱা সময়ত জনতাৰ দিহা-পৰামৰ্শ, আপত্তি-অভিযোগ আদি শুনি শুনি ব্যৱস্থাটোক সংশোধিত-পৰিশিলিত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। আৰু ইমান এখন বিশাল দেশে, ইমান এটা বিশাল পৰিসৰৰ কাম ইমান কম সময়ৰ ভিতৰতে ইমান সহজ কৰি লব পাৰিছে যে আমাৰ এই সাফল্য দেখি আজি সমগ্ৰ পৃথিৱীয়েই আশ্চৰ্যচকিত হৈ উঠিছে।

     একাংশ ব্যক্তিয়ে জিএছটি সন্দৰ্ভত অপ-প্ৰচাৰ চলাই অহা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ মতে আগৰ কৰখিনিৰ ওপৰত জিএছটি নামৰ এইবিধ নতুন কৰ আৰোপৰ ব্যৱস্থা কৰা হৈছে। এই কথা একেবাৰে সত্য নহয়। দৰাচলতে বয়-বস্তুত আগতে যি কৰ আৰোপ কৰা হৈছিল সেয়া আমি নেদেখাকৈয়ে দি থাকিবলগীয়া হৈছিল। বৰঞ্চ বহু প্ৰকাৰৰ কৰৰ ভৰত এনে কৰৰ পৰিমাণ কোনো সনয়ত ৩০-৪০শতাংশ পৰ্যন্ত হৈছিলগৈ। এতিয়া কিন্তু জিএছটিৰ অধীনত ৯৯শতাংশ বয়-বস্তুৰ ক্ষেত্ৰত কৰৰ হাৰ ১৮শতাংশৰ তলতহে নিৰ্দ্ধাৰণ কৰা হৈছে। বয়-বস্তু ভেদে কৰৰ হাৰ ১৮, ১২, ৫ শতাংশ কৰা হৈছে। কিছুমান বস্তুৰ ক্ষেত্ৰত কৰ শূণ্য কৰাৰো দিহা কৰা হৈছে। আৰু আমাৰ সচেতন গ্ৰাহক ৰাইজে এই ব্যৱস্থাৰ সুফল আদায় কৰাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে। ইয়াৰ পিচতো কিন্তু জিএছটি-ক আৰু সহজ আৰু সৰল কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে। গণ-অংশীদাৰিত্বৰে পৰিচালিত হব খোজা এইখন চৰকাৰে আপোনালোকে আগবঢ়োৱা দিহা-পৰামৰ্শ বিবেচনা কৰি আহিছে। আৰু ইয়াৰ ভিত্তিতে জিএছটি-ৰ অধীনলৈ অহা উদ্যমীসকলৰ আয়ৰ সীমা ২০ লাখৰ পৰা অধিক কৰাৰ পোষকতা কৰি অহা হৈছে। এই সিদ্ধান্ত মই লব নোৱাৰো, এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব জিএছটি কাউন্সিলে। এই কাউন্সিলত কেন্দ্ৰীয় চৰকাৰ, সকলো ৰাজ্যৰ চৰকাৰসমূহৰ উপৰি সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি ধাকে। সকলোৱে সন্মতি জনালেহে এই ক্ষেত্ৰত সিদ্ধান্ত লব পৰা যায়। তথাপি মই কিন্তু উদ্যমীসকলৰ আয়ৰ উৰ্ধ্ব সীমা ৭৫ লাখ হোৱা উচিত বুলি বিবেচনা কৰো। সেইদৰে ঘৰ নিৰ্মাণ কৰিব খোজা মধ্যবিত্তসকলক ৫শতাংশৰ সীমাৰ মাজত ৰখাৰ বাবে মই জিএছটি কাউন্সিলক আহ্বান জনাই আদিছিলো। যদিও বিগত সময়ত সহমত নোহোৱাৰ বাবে এই সিদ্ধান্তত উপনীত হব পৰা নহল। অৱশ্যে কাউন্সিলৰ অহা বৈঠকত এই ক্ষেত্ৰত উচিত সিদ্ধান্ত লব পৰা যাব বুলি মই আশা কৰিছো

    বন্ধুসকল, সকলোৰে সৈতে সকলোৰে বিকাশ- কেৱল এক শ্লগানেই নহয়. বৰঞ্চ সু-শাসনৰ ই আত্মা। দেশৰ কোনো বৰ্গ, কোনো ব্যক্তি অথবা কোনো ক্ষেত্ৰই যাতে সুযোগ-সুবিধাৰ পৰা বঞ্চিত নহয়, সেই কথা নিশ্চিত কৰিবলৈকে আমাৰ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। ভাই-ভনীসকল, কালি লোকসভাত এখন ঐতিহাসিক বিধেয়ক কেনেকৈ অনুমোদিত হল সেই কথা সমগ্ৰ দেশবাসীয়েই চাগৈ প্ৰত্যক্ষ কৰিছে। স্বাধীনতাৰ ইমান বছৰৰ পিচতো দুখীয়া-দৰিদ্ৰসকলৰ ক্ষেত্ৰত অব্যাহত থকা অসমানতা এইখন বিধেয়কৰ জৰিয়তে আঁতৰোৱাৰ ব্যৱস্থা কৰা হব। বিধেয়কখনৰ জৰিয়তে এতিয়াৰে পৰা সাধাৰণ শ্ৰেণীৰ দুখীয়া পৰিয়ালসমূহেও শিক্ষা-প্ৰতিষ্ঠান, চৰকাৰী চাকৰি আদিৰ ক্ষেত্ৰত আৰক্ষণৰ সুযোগ লাভ কৰিব পৰাকৈ এক মহত্ত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

     এই বিষয়ে আগতেও বহুত হৈ চৈ কৰা হৈছিল, নিৰ্বাচনৰ সময়ত বহুত ঘোষণাও কৰা হৈছিল। আৰু তেতিয়াই মই সঁকীয়াই দিছিলো বোলো ৫০ শতাংশৰ বাহিৰত যদি কোনো প্ৰতিশ্ৰুতি দিয়াৰ কথা ভাবিছে তেন্তে এয়া প্ৰতাৰণাৰ বাহিৰে আন একো নহব। কাৰণ ৫০শতাংশৰ ওপৰলৈ যাবলৈ হলে সংবিধান সংশোধন কৰাটো অপৰিহাৰ্য হৈ পৰিব। আৰু ইয়াৰ অন্যথা হলে দলিত বঞ্চিত হব, আদিবাসী বঞ্চিত হব, বঞ্চিত হব অবিচিসকল। কাৰণ পঞ্চাশ শতাংশৰ ভিতৰতে থাকি আৰু একাংশক সংৰক্ষণৰ সুবিধাদানৰ অৰ্থই হব ইতিমধ্যে থকা সকলৰ ভাগৰ পৰা চান কঢ়া। আচলতে বহুতেই ৰসতে নাম থৈ ভোটৰ বৈতৰণি পাৰ হোৱাৰহে ফন্দি পাতিব বিচাৰিছিল। এইবোৰ দেখি-শুনিয়েই  আমি সংবিধান সংশোধনত গুৰুত্ব প্ৰদান কৰিলো। আৰু আজি মই সন্তুষ্টিৰে কব খুজিছো যে এসময়ত মই যিটো কথা মুখ্যমন্ত্ৰী হিচাপে কৈছিলো, সেইটো কথাই এতিয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকৰি কৰিব পাৰিলো। সংবিধান সংশোধনৰ জৰিয়তে, দলিত-আদিবাসী কিম্বা কোনো অবিচি-ৰ ভাগৰ পৰা চান নকঢ়াকৈয়ে মোৰ দেশৰ সবৰ্ণৰ মাজৰ উচ্চ বৰ্গৰ দৰিদ্ৰ লোকসকলৰ বাবেও, দুখীয়া লৰা-ছোৱালীৰ বাবেও চিন্তা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলো। কিছুমান ব্যক্তিয়ে আকৌ কোৱা-কুই কৰিছিল বোলে মোডী জীয়ে নিৰ্বাচনৰ সময়ত এই সিদ্ধান্ত কিয় ললে! কিন্তু কওকচোন, আমাৰ দেশত নিৰ্বাচন নোহোৱাকৈ এনেকুৱা ছটা মাহ বাৰু পাৰ হৈছেনে কেতিয়াবা? তিনিটামাহৰ আগতে যদি এই সিদ্ধান্ত লোৱাহেতেন তেওঁলোকে কলেহেতেন মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ৰ নিৰ্বাচনক উদ্দেশি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, তাৰ আগতে লোৱাহেতেন তেওঁলোকে কলেহেতেন আচলতে কৰ্ণাটকৰ নিৰ্বাচনক লক্ষ্য কৰিহে এই সিদ্ধান্ত লোৱা হৈছে। হিন্দুস্থানত বছেৰেকত কমেও দুটা নিৰ্বাচন অনুষ্ঠিত হয়েই। দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত নিৰ্বাচন থাকেই। এই কাৰণতে মই লোকসভাৰ নিৰ্বাচনৰ লগতে ৰাজ্যৰ বিধানসভাসমূহৰো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি আহিছো। পাঁচবছৰত কেৱল এবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰম্পৰা আৰম্ভ হোৱাটো উচিত হয়নে নহয়, কওকচোন। বাৰে বাৰে নিৰ্বাচনৰ নামত খৰছ কৰাৰ প্ৰৱণতা বন্ধ হব লাগেনে নাই  কওকচোন! কেৱল নিৰ্বাচনৰ নামতে দিন-ৰাতি একাকাৰ কৰাৰ দৰে পৰিবেশৰ অন্ত পৰিব লাগে নাই কওকচোন। চৰকাৰক সম্পূৰ্ণ পাঁচটা বছৰ কাম কৰিবলৈ দিব লাগেনে নাই কওকচোন। আৰক্ষী বাহিনীয়ে নিৰ্বাচনৰ তদাৰকীতে সময় কটাবনে, আইন-শৃংখলা পৰিস্থিতি চম্ভালিব। পিচে একাংশ নেতাৰ দেশৰ প্ৰতি কোনো চিন্তা নাই। তেওঁলোকেতো, ইজনে সিজনৰ মুখ চাবলৈকে সাজু নহয়।

     চকীদাৰক দূৰৰ পৰা দেখিয়েই এওঁলোকে ভয় খায় যায়। এনে পৰিস্থিতিত এওঁলোকে ভাবে আমাৰ যি হয় হব, লাভ-লোকচানৰ হিচাপ নিকাচ বাৰু পিচতেই কৰিম, প্ৰথমে এই চকীদাৰক খেদাই লোৱা ভাল। চকীদাৰক এবাৰ আঁতৰাই লব পাৰিলে সকলোৱে লুটি-পুটি দেশখন তোলাং কৰিব পাৰিব। পিচে চকীদাৰক আঁতৰাব পাৰিলেহে! কিন্তু সিমান দিনলৈ এই চকীদাৰে এইসকলৰ জীৱন দুৰ্বিষহ কৰি থৈ যাব। বাৰু কওকচোন, চকীদাৰে নিজৰ কাম কৰিব লাগেনে নাই? এই চকীদাৰে কৰোবাক ভয় কৰিব লাগেনেকি? দেশৰ পৰা লুটি নিয়া ধনৰাশি ওভটাই আনিব লাগেনে নাই? দুখীয়া-দৰিদ্ৰই নায্য প্ৰাপ্য পাব লাগেনে নাই?

     ভাই-ভনীসকল, দেশৰ সবৰ্ণ সমাজৰ দুখীয়াৰ আৰক্ষণৰ বাবে যি কাম কৰা হল, দৰাচলতে আমাৰ সংসদে বহুত ডাঙৰ কাম এটা কৰি দেখুৱালে। দেশৰ প্ৰতিগৰাকী নাগৰিক প্ৰতিগৰাকী সাংসদৰ লগতে এই কাৰ্যৰে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিলৈ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো। আমি গ্ৰহণ কৰা এই পদক্ষেপে দেশৰ লাখ লাখ যুৱক-যৱতীক উপকৃত কৰিব। কেৱল চাকৰি-বাকৰিৰ ক্ষেত্ৰতে আৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই, বৰং দেশৰ উচ্চ-শিক্ষাৰ সংস্থান, কাৰীকৰি তথা আভিযান্ত্ৰিক প্ৰতিষ্ঠান, বাণিজ্যিক প্ৰতিষ্ঠান আদিতো আমি  মহত্বপূৰ্ণ কাম কৰিছো। আমি সবৰ্ণ সমাজৰ দুখীয়া লোক সকলৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত  আৰক্ষণৰ দিহা কৰাৰ উপৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ আসন সংৰক্ষণৰ কামো কৰিছে। এই শিতানত ১০ শতাংশ বৃদ্ধি কৰা হব। তাকে কৰিবলৈ যাওতে যাতে কোনো জন-গোষ্ঠীয়েই ন্যয্য প্ৰাপ্যৰ পৰা বঞ্চিত হব লগা নহয়, সেই কথাও নজৰত ৰাখিব লাগিব।

     বন্ধুসকল, এনেধৰণৰ ব্যৱস্থাক সাৰোগত কৰিয়ে আমি আগবাঢ়ি যাব লাগিব। আৰ্থিক স্থিতিৰ আধাৰত আমাৰ সমাজক বিভাজিত কৰাৰ অপচেষ্টা চলাই থকা হৈছিল। ইয়াকে লৈ বছৰ বছৰ ধৰি দাবী উথ্থাপিত হৈছে। এই দাবী পূৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে। পিচে মই কও আমি সেইসমূহ অপ-শক্তিৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰি থাকিব লাগিব। যিসকলে নিজৰ স্বাৰ্থৰ বাবে অপ-প্ৰচাৰত লিপ্ত হয়, দুখীয়া-দৰিদ্ৰৰ শত্ৰু এইসকল লোকে ছচিয়েল মিডিয়াৰ পৰা ডাঙৰ ডাঙৰ মঞ্চসমূহত অসত্য কথাৰ ফুলজাৰি মৰা্ত ব্যস্ত হৈ থাকে। সমাজক ভাগ ভাগ কৰিলে যাৰ স্বাৰ্থ সিদ্ধি হয় তেনে লোকৰ সকলো কাৰচাজি, সকলো ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব।

     বন্ধুসকল, আমাৰ চৰকাৰে আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। নাগৰিকত্বৰ সৈতে জড়িত এই পদক্ষেপ সংবিধান সংশোধনৰ। দেশৰ এই সংকল্পৰ জৰিয়তে আমি সেইসকল লোকৰ পক্ষত থিয় হোৱাৰ পণ দোহাৰিব খুজিছো, যিসকল লোক এসময়ত আমাৰ ভাৰতভূমিৰ অংশ আছিল। দেশ-বিভাজন অথবা আন কেতবোৰ বিশেষ পৰিস্থিতিত পৰি এইসকল লোক আমাৰ পৰা বিচ্ছিন্ন হবলগীয়া হৈছিল। এইসকল আত্মীয়ই যদি আস্থাৰ আধাৰত শোষিত হবলগীয়া হয়, তেন্তে ভাৰত তেওঁলোকৰ পক্ষত থিয় হবলৈ সাজু থকা উচিত। মোৰ বিশ্বাস বিপক্ষৰ যিসকল সতীৰ্থই এই পদক্ষেপৰ বিৰোধিতা কৰি আছে তেওঁলোকেও এই ভাৱনাক হৃদংগম কৰিব পাৰিব।

    বন্ধুসকল, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে আজিৰ পৰা চাৰে চাৰিবছৰ আগতে আপোনালোকে মোক যি আদেশ দিছিল সেই আদেশ আন্তৰিতাৰে পালন কৰিবলৈ মই প্ৰয়াস কৰি  আহিছো। আৰু সেই কাৰণেই এই চকীদাৰৰ বিৰুদ্ধে একাংশ লোক একগোট হবলৈ আৰম্ভ কৰিছে। আৰু উত্তৰ প্ৰদেশত শিল-বালিৰ পৰা শোষিত-বঞ্চিতৰ প্ৰাপ্য পৰ্যন্ত আত্মস্যাত কৰাসকলেও এতিয়া জোঁট বন্ধাৰ কচৰত্ আৰম্ভ কৰিছে। পৰস্পৰে পৰস্পৰৰ কেলেংকাৰি-আপৰাধ ঢকাৰ বাবে হাত মিলাবলৈ লৰা-ঢপৰা লগাইছে। কেতিয়াও চকুত চকু থৈ কথা কবলৈকে ৰাজী নোহোৱাসকলেও এতিয়া বুকুৰ কুটুম হোৱাৰ ভাও জুৰিবলগীয়া হৈছে।

      ভাই-ভনীসকল, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ নাম এতিয়া লক্ষনৌৰ গেষ্টহাউছৰ সৰ্বনশীয়া কাণ্ডৰ কথাও এতিয়া পাহৰি পেলোৱা হৈছে। মুজ্জফৰনগৰৰ পৰা পশ্চিম উত্তৰ প্ৰদেশৰ বহু অঞ্চলত কি কি কাণ্ড সংঘটিত কৰা হৈছিল সকলো এতিয়া পাহৰাৰ অপচেষ্টা কৰা হৈছে। এইবোৰ কৰা হৈছে কাৰণ এতিয়া জাগি থকা চকীদাৰে দেশৰ পহৰা দিবলৈ লৈছে। জাগ্ৰত চকীদাৰক সন্মুখত দেখি এতিয়া সকলো থৰহৰি কম্পমান। এই চকীদাৰক আঁতৰাই পঠাবলৈকে যাকে যতে পাৰে টনা-আজোঁৰা কৰি হলেও একলগ কৰাত লাগিছে। যেতিয়া অনুসন্ধানকাৰী সংস্থাই এইসকলে কৰা কু-কৰ্মৰ হিচাপ বিচৰে তেতিয়াই এই চকীদাৰৰ বিৰুদ্ধে এওঁলোকে ষড়যন্ত্ৰ ৰচিবলৈ লৰা-ঢপৰা লগায়।

     ভাই-ভনীসকল, ২-৩ দিন আগতে আপোনালোকে নিশ্চয় সংসদত দেখিছিল চাগৈ। আমাৰ ভাল লাগিছে, দেশৰ এগৰাকী কন্যা, যিগৰাকী প্ৰথমবাৰৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈছে। প্ৰথমবাৰৰ বাবে এগৰাকী নাৰীয়ে এশ পঁচিশ কোটি ভাৰতীয়ৰ সুৰক্ষাৰ গুৰু দায়িত্ব পালন কৰিছে। এইগৰাকী নাৰী বাস্তৱিকতেই গৌৰৱৰ বিষয়। নাৰী-অভিমানৰ বিষয়। আৰু যেতিয়া আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী, এগৰাকী মহিলাই, সংসদৰ মজিয়াত বিৰোধী দলৰ নেতাসকলৰ মিথ্যাচাৰ উদঙাই দেখুৱাবলৈ সক্ষম হৈছিল তেতিয়া সকলোৰে মেলা মুখ মেলাতে ৰবলগীয়া হৈছিল। যেতিয়া আমাৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এটাৰ পিচত এটা সত্য উদ্ঘাটিত কৰিছিল, সেইসকল নেতা ইমানেই বিতত হৈ পৰিছিল যে তেওঁলোকে আনকি এইগৰাকী নাৰীক অপমানিত কৰিবলও কুণ্ঠাবোধ কৰা নাছিল। এগৰাকী মহিলা প্ৰতিৰক্ষামন্ত্ৰীক অপমানিত কৰাৰ অপ প্ৰয়াসত লিপ্ত হৈছিল তেওঁলোক। এয়া কেৱল ৰক্ষা মন্ত্ৰীৰে নহয়, বৰং, দেশৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতিয়ে অপমান। আগন্তুক সময়ত এইসকল কাণ্ডজ্ঞানহীন নেতাই নিশ্চয় ইয়াৰ ফল ভোগ কৰিব লাগিব।

    ভাই-ভনীসকল, এওঁলোকে যিমান মন কৰে সিমান প্ৰয়াস কৰক, কিন্তু এটা কথা ধুৰূপ, অনুসন্ধানকাৰী সংস্থাসমূহে কিন্তু নিজৰ কাম কৰিয়ে যাব। বন্ধুসকল, চকীদাৰে যদি এইসকল লোকৰ আজি এই অৱস্থা কৰিব পাৰিছে, এয়া কাৰ সাহসত সম্ভৱ হৈছে! এয়া সম্ভৱ হৈছে আপোনালোকৰ আশীৰ্বাদৰ বলত। ১৩০ কোটি ভাৰতীয়ৰ বিশ্বাসৰ সুবাদত। আপোনালোকৰ এই বিশ্বাসৰ মান ৰখাৰ বাবে মই মোৰ প্ৰয়াস নিৰন্তৰ অব্যাহত ৰাখিছো।

     ভাই-ভনীসকল, মিচ্চেল মামাৰ কথা মনত আছে নহয়! হেলিকপ্টাৰ কেংকাৰীৰ এইজন দালাল এতিয়া হিন্দুস্থানৰ কব্জালৈ আহিল। সেয়ে ভয়ত বহুতৰে দেহাৰ ঘাম ওলাবলৈ ধৰিছে। কৰবাত কিজানি কৰোবাৰ কথা কৈয়েই দিয়ে, সেই ভয়তে ত্ৰস্তমান সকলো। সেয়ে এইজন অপৰাধীক ধৰি আনি জেলত সুমুৱাৰ মুহূৰ্ততে কংগ্ৰেছ দলে তেওংলোকৰ এজন উকীলক এইজন অপৰাধীক বচোৱাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ অৰ্থ কি হব পাৰে বন্ধুসকল। তাৰমানে কৰবাত কিবা গণ্ডগোল নিশ্চয় আছে। এই কথা বুজিবলৈ কাৰবাক বাৰু সময়ৰ প্ৰয়োজন হবনে! পৰ্দাৰ আঁৰৰ খেলখন কি সকলো পৰিষ্কাৰ হৈ নপৰিব জানো!

     ভাই-ভনীসকল, এতিয়া চকীদাৰে তেওঁলোকক বাৰুকৈয়ে সমস্যাত পেলাইছে। প্ৰথমতে ভাবিছিল মোডীয়ে যিয়েই নকওক কিয় এঁৱো সেই অন্য ৰাজনৈতিক নেতাৰ দৰেই হবগৈ। পিছে চাৰে চাৰি বছৰ অতিক্ৰমী যোৱাৰ পিচত এতিয়া এওঁলোকে ভাবিবলৈ বাধ্য হৈছে-- এইবাৰ দেখোন শেনৰ এজাত। এইজন চকীদাৰে দেখোন শুদাই  নেৰিব। সেয়ে সকলোৰে চিন্তা বাঢ়িছে।

     পুনৰ এবাৰ আপোনালোক আটাইলৈ অভিনন্দন জনাই মোৰ দু-আষাৰৰ সামৰণি মাৰিব খুজিছো। ইমান বিশাল সংখ্যাত আপোনালোকে আহি আশীৰ্বাদ কৰাহি বাবে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা  জ্ঞাপন কৰিলো।  ধন্যবাদ।

     মোৰ লগত কওক—

     ভাৰত মাতা কী জয়

     ভাৰত মাতা কী জয়

     ভাৰত মাতা কী জয়

 

                               *****

KB



(Release ID: 1568619) Visitor Counter : 90


Read this release in: English , Marathi , Tamil