কেবিনেট


দেশত অভিনৱ ম’বিলিটী সমাধান বিকশিত কৰাক উদগনি

‘পৰিৱৰ্তনশীল গতিশীলতা আৰু বেটেৰী ষ্ট’ৰেজ’’ৰ ৰাষ্ট্ৰীয় অভিযানক কেবিনেটৰ অনুমোদন প্ৰদান

স্বচ্ছতা, পৰস্পৰ সংযোজিত, বিনিময় তথা সামূহিক গতিশীলতা পদক্ষেপৰ উত্তৰণৰ বাবে অভিযান

বেটেৰী আৰু বৈদ্যুতিক বাহনৰ অংশসমূহৰ বাবে ‘পৰ্যায়ভিত্তিক নিৰ্মাণ কাৰ্যসূচী’ মুকলি কৰা হ’ব

Posted On: 07 MAR 2019 2:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোল্লিখিতসমূহত অনুমোদন প্ৰদান কৰিছেঃ

. স্বচ্ছতা, পৰস্পৰ সংযোজিত, সহযোগিতা তথা সামগ্ৰিক গতিশীলতা পদক্ষেপসমূহৰ উত্তৰণৰ বাবে পৰিৱৰ্তনশীল গতিশীলতা তথা বেটেৰী ষ্টোৰেজৰ অভিযান আৰম্ভ কৰাত স্বীকৃতি প্ৰদান কৰিছে৷

. ভাৰতত কিছুমান ব্যাপক ৰপ্তানি-প্ৰতিস্পৰ্দ্ধী ক্ষমতাযুক্ত একক বেটেৰী তথা চেল নিৰ্মাতা গিগা কাৰখানা স্থাপনত সহযোগিতা প্ৰদানৰ বাবে পৰ্যায়ভিত্তিক নিৰ্মাণ কাৰ্যসূচী (পিএমপি) বৰ্ষ ২০২৪লৈ ৫ বছৰ পৰ্যন্ত মান্য কৰা হৈছে৷

. বৈদ্যুতিক বাহনৰ সৈতে জড়িত সামূহিক মূল্য শৃংখলাত হোৱা উৎপাদনৰ স্থানীয়কৰণৰ বাবে পিএমপি প্ৰস্তুত কৰাত অনুমোদন প্ৰদান কৰা হৈছে যি বৰ্ষ ২০২৪লৈ ৫ বছৰ পৰ্যন্ত মান্য কৰা হৈছে৷

দুয়োটা পিএমপি যোজনাকেই পৰিৱৰ্তনশীল গতিশীলতা আৰু বেটেৰী ষ্টোৰেজৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বাৰা অন্তিম ৰূপ প্ৰদান কৰা হব৷

প্ৰভাৱঃ

এই অভিযানে সেইসমূহ মবিলিটী সমাধানক বিকশিত কৰাত ক্ষীপ্ৰ হব যি উদ্যোগ জগত, অৰ্থব্যৱস্থা আৰু সমগ্ৰ দেশৰ বাবে লাভদায়ক বিবেচিত হব৷ এই মবিলিটী সমাধানৰ দ্বাৰা চহৰসমূহত বায়ু চলাচল উন্নত হব আৰু ইয়াৰ সৈতে তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰতা কম হব তথা নৱীকৰণযোগ্য শক্তি তথা ষ্টোৰেজ সমাধানৰ ব্যৱহাৰ বিকশিত হব৷ এই অভিযানৰ অধীনত এনেকুৱা ৰণনীতি তথা ৰোডমেপ নিৰ্মাণ কৰা হব যি ভাৰতক বৈদ্যুতিক মবিলিটীৰ বাবে এক প্ৰতিস্পৰ্দ্ধী ঘৰুৱা নিৰ্মাণ বিকশিত কৰাৰ বাবে নিজৰ বিস্তৃত আকাৰৰ দ্বাৰা ব্যাপক লাভ কৰাত সমৰ্থ হব৷ এই দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ দ্বাৰা সকলো নাগৰিক লাভান্বিত হব কাৰণ ইয়াৰ লক্ষ্য হইজ অব্ লিভিঙৰ প্ৰচাৰ কৰা আৰু নাগৰিকৰ জীৱনৰ গুণগতমান উন্নত কৰা তথা মেক ইন ইণ্ডিয়াৰ জৰিয়তে বিভিন্ন কৌশলৰ সৈতে জৰিয়তে কৰ্ম সংস্থাপনৰ অৱকাশ বিকশিত কৰা৷

পৃষ্ঠভূমিঃ

২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আয়োজিত বিশ্বজনীন গতিশীলতা শিখৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ বাবে ৭টা চিৰ আধাৰত বীক্ষণৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল যকমন, কানেক্টেড, কনভেনিয়েণ্ট, কনজেছন-ফ্ৰী, চাৰ্জড, ক্লীন আৰু কাটিং এডজ মবিলিটী’’ অন্তৰ্ভুক্ত আছিল৷ মবিলিটী অথবা গতিশীলতাৰ অৰ্থব্যৱস্থাক আগুৱাই লৈ যোৱাত আৰু চহৰ তথা গ্ৰামীণ দুয়োটা ক্ষেত্ৰতেই থকা লোকসকলৰ জীৱনলৈ ব্যাপক ধনাত্মক পৰিৱৰ্তন অনাৰ অসীম ক্ষমতা আছে৷

ব্যয়সাধ্য, সুগম্য, সমাৱেশী তথা সুৰক্ষিত মবিলিটী সমাধানে আৰ্থিক বিকাশৰ গতি দ্ৰুত কৰাত আৰু সহজ জীৱনসুনিশ্চিত কৰাত অত্যন্ত সহায়ক বিবেচিত হব৷ সহযোগিতা, পৰস্পৰৰ সৈতে জড়িত স্বচ্ছ মবিলিটী সমাধানে সমগ্ৰ বিশ্বতে অতি ক্ষীপ্ৰকাৰে কাৰ্যকৰী মবিলিটী সমাধানৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰস্তুত কৰিছে৷ জলবায়ুৰ সৈতে জড়িত লক্ষ্যৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ কথা মনত ৰাখি ভাৰতে কাৰ্যকৰী ৰণনীতি আঁকোৱালি লোৱাৰ আৱশ্যকতা আছে যাতে ভাৰতে সমগ্ৰ বিশ্বতে মবিলিটী আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বাহক হিচাপে নিজকে প্ৰস্তুত কৰিব পাৰে৷

সেয়েহে এই কথা লক্ষ্য ৰাখি এক এনেকুৱা সমৰ্পিত বহু বিষয়ক অভিযান আৰম্ভ কৰা প্ৰয়োজনীয়তা অনুধাৱন কৰা হৈছে যি সহযোগী সংঘবাদ তথা ব্যাপক হিতাধিকাৰী আৰু আন্তঃমন্ত্ৰালয়ৰ পৰামৰ্শক সুবিধাজনক কৰি তুলিব আৰু নিম্নোল্লিখিতসমূহত গুৰুত্ব আৰোপ কৰি মবিলিটীৰ সৈতে জড়িত দৃশ্যাৱলীসমূহত ব্যাপক পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণ নীতিগত ৰূপৰেখা প্ৰণয়ন কৰিব৷

. নিৰ্মাণ

. বৈশিষ্ট আৰু গুণগতমান

. বিত্তীয় উৎসাহ

. সামূহিক চাহিদাৰ সৃজন তথা অনুমান

. নিয়ামক ৰূপৰেখা

. অনুসন্ধান তথা বিকাশ

এই পদক্ষেপসমূহে অনাগত দশকত ভাৰতত তীব্ৰ গতিত হোৱা চহৰীকণৰ বাবে অত্যন্ত উপযোগী তথা লাভদায়ক বিবেচিত হব৷

 

********

AKT/SH/MANN



(Release ID: 1568603) Visitor Counter : 258