প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

খেলো ইণ্ডিয়া ইয়ুথ ক্ৰীড়াৰ অংশগ্ৰহণকাৰীক প্ৰধানমন্ত্ৰী শুভেচ্ছা

Posted On: 09 JAN 2019 8:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা পুণেত আৰম্ভ হোৱা খেলো ইণ্ডিয়া ইয়ুথ ক্ৰীড়াৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাইছে৷

‘‘আজিৰে পৰা পুণেত আৰম্ভ হোৱা খেলো ইণ্ডিয়া ইয়ুথ ক্ৰীড়াৰ অংশগ্ৰহণকাৰীসকলক মই শুভেচ্ছা জনাইছোঁ৷ এই টুৰ্ণামেণ্টখনত যাতে শ্ৰেষ্ঠতম প্ৰতিভা উদ্ভাসিত হয় আৰু আমাৰ যুৱ প্ৰজন্মই তেওঁলোকৰ ক্ৰীড়া সপোন বাস্তৱায়িত কৰাৰ প্লেটফৰ্ম এখন পায়৷

অধিক ক্ৰীড়া, উন্নত স্বাস্থ্য আৰু এখন সুস্থ ৰাষ্ট্ৰ! প্ৰখ্যাত ক্ৰীড়াবিদসকলে তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰা তথা খেলপথাৰত অধিক সময় অতিবাহিত কৰা পৰিলক্ষিত কৰি ভাল লাগিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ 

 

******

AKT/ VJ/MANN



(Release ID: 1559761) Visitor Counter : 46