প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন বছৰৰ শুভেচ্ছা বিনিময় প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পৰ

Posted On: 08 JAN 2019 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড জে. ট্ৰাম্পে কালি সন্ধিয়া টেলিফোনিক বাৰ্তালাপ কৰাৰ লগতে ইজনে-সিজনক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷

 

দুয়োগৰাকী নেতাই ২০১৮ বৰ্ষত ভাৰত-মাৰ্কিন কৌশলগত সহযোগিতাৰ অগ্ৰগতিক লৈ সন্তুষ্টি ব্যক্ত কৰে৷ নেতা দুগৰাকীয়ে নতুন ২+২ আলোচনা ব্যৱস্থা আৰু প্ৰথবাৰলৈ অনুষ্ঠিত ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মাজৰ ত্ৰিপাক্ষিক সন্মিলনৰ শুভাৰম্ভণিৰ দৰে কেতবোৰ উন্নয়নমূলক চিন্তাধাৰাৰ প্ৰশংসা কৰে৷

 

দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা আৰু শক্তি তথা আঞ্চলিক আৰু বিশ্বস্তৰীয় সমস্যাৰ দৰে বিষয়ত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিক ইতিবাচক দিশ হিচাপে গ্ৰহণ কৰিছে৷ ২০১৯ বৰ্ষতো তেওঁলোকে ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত কাম কৰি যাবলৈ সহমত প্ৰকাশ কৰে৷

 

*****

AKT/KP/DB



(Release ID: 1559753) Visitor Counter : 71