প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩ জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 JAN 2019 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব৷

 

জানুৱাৰীত তেওঁ পাঞ্জাৱৰ জলন্ধৰত ১০৬সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ-২০১৯ উদ্বোধন কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে গুৰদাসপুৰলৈ ৰাওনা , তেওঁ এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব৷

 

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতে সমগ্ৰ দেশত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু নতুনত্ব উদ্ভাৱন ইত্যাদিৰ প্ৰতি উৎসাহ যোগোৱাৰ প্ৰতি তেওঁ ভিজনৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চমবাৰলৈ ভাৰতীয় বিজ্ঞান সমাৰোহত ভাষণ আগবঢ়াব৷ ইয়াৰ পূৰ্বে ২০১৮ত ১০৫সংখ্যক আইএছচি সংস্কৰণ, ২০১৭ত ১০৪সংখ্যক সংস্কৰণ, ২০১৬ত ১০৩সংখ্যক সংস্কৰণ আৰু ২০১৫ত ১০২সংখ্যক সংস্কৰণত ভাষণ আগবঢ়াব৷


*****

AKT/KP/DB



(Release ID: 1558343) Visitor Counter : 40