প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাডেৰ খানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 01 JAN 2019 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাডেৰ খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷

‘‘কাডেৰ খানজীয়ে তেওঁৰ অভূতপুৰ্ব অভিনয় কৌশলেৰে তথা অনন্য প্ৰতিভাৰে চলচ্চিত্ৰ জগতক আলোকিত কৰিছিল৷ তেওঁ আছিল এজন চিত্ৰনাট্য লিখক আৰু বহুতো স্মৰণীয় চলচ্চিত্ৰৰ সৈতে জড়িত আছিল৷ তেওঁৰ দেহাৱসানত গভীৰ শোক পাইছোঁ৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

*****

AKT/KP/MANN



(Release ID: 1558045) Visitor Counter : 62