প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তামিলনাডুত ঘূৰ্ণীবতাহত নিহতসকললৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 16 NOV 2018 9:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ ঘূৰ্ণীবতাহত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়,তামিলনাডুত ঘূৰ্ণী বতাহৰ ফলত প্ৰাণ হানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ আক্ৰান্তসকলক সহায় কৰিবলৈ প্ৰশাসনে যথাসম্ভৱ সকলো প্ৰচেষ্টা চলাই আছে৷

তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু ইড়াপ্পাডীৰ সৈতে মই পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছো৷ কেন্দ্ৰৰ পৰা যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱা হৈছে৷ মই তামিলনাডুৰ জনসাধাৰণৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো৷”.
 


***

 

AKT/KP/MS



(Release ID: 1553116) Visitor Counter : 54