কেবিনেট

শত্রু সম্পত্তিৰ অংশ বিক্রীৰ বাবে নীতি-নিয়ম আৰু ব্যৱস্থাৰ ৰূপৰেখা গঠনত অনুমোদন কেবিনেটৰ

Posted On: 08 NOV 2018 8:38PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত শত্রু সম্পত্তিৰ অংশ বিক্রীৰ বাবে নীতি-নিয়ম আৰু ব্যৱস্থাৰ ৰূপৰেখা গঠনত অনুমোদন জনায়। সেইবোৰ নিম্নোলিখিত ধৰণৰঃ

 

. ১৯৬৮ চনৰ শত্রু সম্পত্তি আইনৰ নির্দিষ্ট ধাৰা অনুসৰি এইবোৰ সম্পত্তিৰ অভিভাৱক হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়/ভাৰতৰ শত্রু সম্পত্তি অভিভাৱক সংস্থা (চিইপিআই)৷ এই সম্পত্তিৰ অংশ বিক্রীৰ বাবে কেন্দ্ৰীয় কেবিনেটে নীতিগত অনুমোদন জনাইছে।

 

. বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি পৰিচালন বিভাগক শত্রু সম্পত্তি আইনৰ নির্দিষ্ট ধাৰা অনুযায়ী এই সম্পত্তিসমূহ বিক্ৰীৰ কর্তৃত্ব/অধিকাৰ প্ৰদান কৰা হৈছে।

 

. বিত্ত মন্ত্ৰালয়ৰ চৰকাৰী একাউন্টত নিৰ্বিনিয়োগ আয় হিচাপে এই ধন জমা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।


সবিশেষঃ


আমাৰ দেশত ৯৯৬টা কোম্পানীৰ ২০,৩২৩ গৰাকী শ্বেয়াৰ মালিকৰ মুঠ ,৫০,৭৫,৮৭৭টা শ্বেয়াৰ শত্রু সম্পত্তি অভিভাবক সংস্থাৰ অধীনত আছে। এই কোম্পানীসমূহৰ ভিতৰত ৫৮৮টা কার্যকৰী অৱস্থাত আছে। ইয়াৰ ভিতৰত ১৩৯টা সংস্থা পঞ্জীয়নভুক্ত কৰা হৈছে।

 

 

এই সম্পত্তি বিক্ৰী কৰাৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীৰ নেতৃত্বত পথ পৰিবহণ মন্ত্রী আৰু গৃহ পৰিক্ৰমা মন্ত্রীক লৈ গঠিত এক বিকল্প ব্যৱস্থা কমিটীৰ অনুমোদনৰ প্ৰয়োজন।

 

এই কমিটীয়ে বিভিন্ন সংস্থাৰ সহযোগিতাত সংশ্লিষ্ট শ্বেয়াৰসমূহৰ মূল্য আৰু পৰিমাণ নির্ধাৰণ কৰি বিক্ৰীৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব

 

সৰ্বাধিক প্ৰভাৱঃ

 

এই সিদ্ধান্তৰ ফলত যিবোৰ শত্রু সম্পত্তিৰ অংশ দীর্ঘকাল ধৰি অব্যৱহৃত হৈ পৰি আছে, তাৰ উপযুক্ত ব্যৱহাৰ

 

২০১৭ চনত শত্রু সম্পত্তি আইন সংশোধনৰ ফলত এইবোৰ প্ৰতিষ্ঠানগতভাবে বিক্ৰী আৰু ইয়াৰ উপযুক্ত ব্যৱহাৰৰ ব্যৱস্থা কৰা সম্ভৱ হৈ পৰিব৷

******

AKT/NW/SH/DB



(Release ID: 1552416) Visitor Counter : 91