কেবিনেট

ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ, এচিভিটি আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিকৰণ, এনএছডিএক একত্ৰীকৰণ কৰি ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ, এনচিভিইটি প্ৰতিষ্ঠাত কেবিনেটৰ অনুমোদন

Posted On: 10 OCT 2018 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ দক্ষতা বিকাশত অৰিহণা যোগোৱা ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এচিভিটি) আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিকৰণ (এনএছডিএ)ক একত্ৰীকৰণ কৰি ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি) প্ৰতিষ্ঠাৰ সিদ্ধান্তত অনুমোদন জনায়।

এনচিভিইটিয়ে হস্ৰম্যাদী আৰু দীর্ঘম্যাদী ক্ষেত্রত বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক নিয়ন্ত্রণ আৰু এনে সংস্থাৰ কামৰ ন্যূনতম মান স্থিৰ কৰিবপ্ৰতিষ্ঠানটিৰ প্রাথমিক কাম হব-

 

  • বৃত্তিমূলক আৰু দক্ষতা বিকাশমূলক বিভিন্ন সংস্থাৰ কামৰ মূল্যায়ন কৰা, তেওঁলোকক পুৰস্কাৰ প্রদান আৰু তথ্য সংগ্রহকাৰী সংস্থাৰ স্বীকৃতি প্রদান আৰু নিয়ন্ত্রণ কৰা;
  • বিভিন্ন সংস্থা আৰু দক্ষতা বিকাশ পৰিষদৰ কর্তৃপক্ষক প্রশিক্ষণপ্রাপ্ত ব্যক্তিৰ দক্ষতা মানৰ অনুমোদনৰ কাম কৰা;
  • বৃত্তিমূলক প্রশিক্ষণ প্রদানকাৰী সংস্থাসমূহক পৰোক্ষভাবে নিয়ন্ত্রণৰ দায়িত্ব পালন;
  • এনে ধৰণৰ কামৰ বিষয়ে গৱেষণা আৰু প্রচাৰ কৰা;
  • অভিযোগ নিষ্পত্তি কৰা

 

প্রস্তাৱিত এই পৰিষদত কাৰ্যবাহী আৰু অনা-কাৰ্যবাহী সদস্যসহ এজন অধ্যক্ষ থাকিব। যিহেতু, এই দুয়োটা প্ৰতিষ্ঠানক একত্ৰিত কৰি এনচিভিইটি প্ৰতিষ্ঠা কৰা হব, সেয়েহে দুয়োটা প্ৰতিষ্ঠানৰ বিভিন্ন আন্তঃগাঁথনি আৰু সম্পদ এই প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানৰ কামৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ কেইটামান পদ সৃষ্টি কৰা হব। প্রতিষ্ঠানগত সংস্কাৰৰ এই প্ৰচেষ্টাৰ ফলত দক্ষতা উন্নয়ন সম্পৰ্কীয় কাম-কাজৰ গুণমান আৰু প্রাসংগিকতাৰ দিশটোও বিশেষভাৱে গুৰুত্ব আৰোপ কৰা সম্ভৱ হব।

উল্লেখ্য যে বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণৰ ক্ষেত্রত ব্যক্তিগত বিনিয়োগ আৰু নিয়োগকাৰীসকলো আগুৱাই আহিবসামগ্রিকভাবে ভাৰতক বিশ্বৰ কর্মদক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্রধানমন্ত্রীৰ ঘোষিত কর্মসূচী ৰূপায়ণৰ প্ৰতি নতুন প্ৰতিষ্ঠানটিয়ে বিশেষ ভূমিকা পালন কৰিবআমাৰ দেশত দক্ষতাভিত্তিক শিক্ষা প্রণালীক আৰু অধিক প্রেৰণা যোগোৱাৰ লগতে ছাত্র-ছাত্রীসকলে দক্ষতাকেন্দ্রিক শিক্ষা পাঠ্যক্রমৰ প্রতি অধিক আকৃষ্ট হব। দক্ষ কর্মীবাহিনীৰ নিৰবচ্ছিন্ন সৰবৰাহৰ ফলত আমাৰ দেশত উদ্যোগ আৰু সেৱাপ্ৰদানকাৰী সংস্থাসমূহৰ বাবে ব্যৱসায়ৰ সুবিধা বৃদ্ধি পাব।

*****

NW/AKT/SH/DB



(Release ID: 1549793) Visitor Counter : 108