প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডেষ্টিনেচন উত্তৰাখণ্ডঃ বিনিয়োগকাৰীৰ সন্মিলন ২০১৮ত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
Posted On:
07 OCT 2018 4:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত ডেষ্টিনেচন উত্তৰাখণ্ডঃ বিনিয়োগকাৰীৰ সন্মিলন ২০১৮ত ভাষণ প্ৰদান কৰে৷
তেওঁ কয় যে ভাৰতৰ দ্ৰুত গতিত পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ তেওঁ কয় যে অনাগত দহ বছৰৰ ভিতৰত ভাৰতক বিশ্বৰ উত্তৰণৰ এক প্ৰধান চালিকা শক্তি বুলি গণ্য কৰা হ’ব৷ এই সন্দৰ্ভত তেওঁ ভাৰতে ইজ অৱ ডুয়িং বিছনেছত ৪২তম স্থান আগুৱাই অহা কথাটো উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কৰৰ ক্ষেত্ৰত কৰা সংশোধনীসমূহৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে দেউলীয়া আৰু ঋণ অপৰিশোধৰ আইনৰ জৰিয়তে ব্যৱসায় বৰ্তমান সহজ হৈ পৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত কৰ সংশোধনীৰ ক্ষেত্ৰত জিএছটি এক বৃহৎ পদক্ষেপ৷ তেওঁ কয় যে এই কৰ সংশোধনীয়ে দেশক একক বজাৰলৈ পৰিৱৰ্তিত কৰি কৰ বৃদ্ধিত সহায় কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি ক্ষেত্ৰত হোৱা দ্ৰুত উত্থানৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ পথ নিৰ্মাণ, ৰে’লৱে পথ নিৰ্মাণ, নতুন মেট্ৰ’ ব্যৱস্থা, উচ্চ গতিৰ ৰে’ল প্ৰকল্ৰ আৰু সমৰ্পিত মালবাহীৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিমান খণ্ড, গৃহ প্ৰদান, শক্তি, স্বচ্ছ ইন্ধন, স্বাস্থ্য আৰু জনতালৈ প্ৰদান কৰা বেংক সেৱা কথাও উল্লেখ কৰে৷ তেওঁ কয় যে শেহতীয়াকৈ মুকলি কৰা আয়ুষ্মান ভাৰতে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহৰ চিকিৎসা আন্তঃগাঁথনিৰ বিকাশ উত্তৰণ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰত বিনিয়োগকাৰীৰ বাবে উপযুক্ত স্থান আৰু ‘ডেষ্টিনেচন উত্তৰাখণ্ড’ই সেই উদ্দীপনাকে প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ ৰাজ্যখনত বিনিয়োগকাৰীৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ লগতে ৰাজ্যখনত যোগাযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ তথা চাৰ-ধাম অল ৱেডাৰ প্ৰকল্প, ঋষিকেশ-কামপ্ৰয়াগ ৰে’লৱে লাইন প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে৷ ৰাজ্যখনত পৰ্যটনৰ প্ৰভূত অৱকাশ আছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷
প্ৰধানমন্ত্ৰীয়ে খাদ্য সংসাধন আৰু পুনৰ নৱীকৰণ শক্তি ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ শেষত তেওঁ ‘‘মেক ইন ইণ্ডিয়া’’ পদক্ষেপৰ সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে৷
***
AKT/AP/MANN
(Release ID: 1549119)
Visitor Counter : 63