কেবিনেট
কেবিনেটৰ নোডেল এজেন্সী আইআৰএছডিচিৰ দ্বাৰা সৰল প্ৰক্ৰিয়া তথা দীৰ্ঘকালীন পট্টাৰ মাধ্যমৰ জৰিয়তে ৰে’লৱে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ অনুমোদন প্ৰদান ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ দ্বাৰা ব্যাপক আধুনিকীকৰণৰ পথ প্ৰশস্ত হ’ব আৰু বিশ্বস্তৰীয় আধাৰৰ দ্বাৰা সুনিশ্চিত হ’ব ৰে’লৱেয়ে নিজৰ ভূমি আৰু নিকটৱৰ্তী অন্য স্থানৰ বাণিজ্যিক বিকাশৰ অনুমতি প্ৰদান কৰি অত্যাধুনিক যাত্ৰীৰ সুবিধা প্ৰদান কৰিব নতুন উপায় তথা সৰল কাৰ্যক্ৰম ডিজাইন ৯৯ বৰ্ষৰ পট্টাকাল, অনেক উপ-পট্টা আৰু সৰলীকৃত নিবিদা প্ৰক্ৰিয়া অন্তৰ্ভুক্ত পুনৰ নিৰ্মাণৰ দ্বাৰা অত্যাধুনিক স্মাৰ্ট ষ্টেচন নিৰ্মাণ হ’ব আৰু মিনি স্মাৰ্ট চিটীৰ ৰূপত কাৰ্য প্ৰণয়ন হ’ব ৰে’লৱে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ দ্বাৰা অৰ্থব্যৱ্স্থাত গুণাত্মক প্ৰভাৱ, নিয়োজনৰ সুবিধা বৃদ্ধি তথা আৰ্থিক বৃদ্ধি হ’ব
পোষ্ট কৰা হৈছে:
03 OCT 2018 7:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নোডেল তথা মুখ্য পৰিযোজনা বিকাশ এজেন্সী ভাৰতীয় ৰে’লৱে ষ্টেচন বিকাশ নিগম লিমিটেড (আইআৰএছডিচি)ৰ দ্বাৰা ৰে’লৱে ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ পুনৰ নিৰ্মাণ কাৰ্যসূচীত বিভিন্ন ব্যৱসায়িক মণ্ডলীৰ সৰলীকৃত প্ৰক্ৰিয়া আৰু ৯৯ বৰ্ষ পৰ্যন্ত সময়ৰ বাবে পট্টাও অন্তৰ্ভুক্ত আছে৷ ইয়াৰ দ্বাৰা ৰে’লৱেৰ ব্যাপক আধুনিকীকৰণ হ’ব আৰু বিশ্বস্তৰীয় আধাৰভূত আন্তঃগাঁথনি সুনিশ্চিত হ’ব৷
সমগ্ৰ দেশত মুখ্য ৰে’লৱে ষ্টেচনসমূহৰ বিকাশ ৰে’লৱেৰ ভূমি তথা ষ্টেচনৰ নিকটৱৰ্তী স্থানৰ বাণিজ্যিক বিকাশৰ দ্বাৰা সম্পন্ন হ’ব৷ এই কাৰ্যসূচীৰ দ্বাৰা যাত্ৰীসমূহে অত্যাধুনিক সুবিধা লাভ কৰিব আৰু অতিৰিক্ত ৰাজহৰ দ্বাৰা মন্ত্ৰালয়ৰ ব্যয় লাঘৱ হ’ব৷ ষ্টেচনৰ পুনৰ নিৰ্মাণৰ দ্বাৰা অৰ্থ ব্যৱস্থাত গুণাত্মক প্ৰভাৱ পৰিব যাৰ দ্বাৰা নিয়োজনৰ অধিক সুবিধাৰ সৃষ্টি হ’ব আৰু আৰ্থিক বৃদ্ধিও হ’ব৷
নোডেল এজেন্সী আইআৰএছডিচিয়ে সমগ্ৰ আঁচনিটো প্ৰস্তুত কৰিব আৰু ষ্টেচন বিশেষে তথা ষ্টেচনসমূহৰ ব্যৱসায় যোজনা প্ৰস্তুত কৰিব যাৰ দ্বাৰা ভাৰতীয় ৰে’লৱেৰ ব্যয়ৰ স্থিৰতা সুনিশ্চিত হ’ব৷ ৰে’ল মন্ত্ৰালয়ৰ দ্বাৰা ব্যৱসায় যোজনাসমূহক অনুমোদনৰ দিয়াৰ পিছত আইআৰএছডিচি তথা পৰিযোজনা বিকাশ এজেন্সীসমূহে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব৷ ৰে’লৱে/আৰএলডিএ/আইআৰএছডিচি ৰে’লৱে ভূমিৰ বাবে নিয়োজন আৰু বিকাশ প্ৰাধিকৰণ স্থাপন হ’ব৷ নগৰ স্থানীয় নিগম, ডিডিএৰ পৰামৰ্শমৰ্মে ভূমি ফ্ৰী হোল্ডৰ ভিত্তিত ৰে’লৱেক হস্তান্তৰিত কৰা হ’ব৷ ইয়াৰ দ্বাৰা ব্যয় স্থিৰতাৰ ভিত্তিত মুখ্য ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণত ক্ষীপ্ৰতা অনাৰ বাবে ৰে’ল মন্ত্ৰালয়ে সহায় কৰিব৷ পুনৰ নিৰ্মাণ প্ৰয়াসৰ দ্বাৰা অত্যাধুনিক স্মাৰ্ট ষ্টেচনৰ সৃষ্টি হ’ব যি মিনি স্মাৰ্ট চিটী হিচাপত কাম কৰিব৷ পুনৰ নিৰ্মাণৰ দ্বাৰা যাত্ৰী তথা উদ্যোগসমূহ যথেষ্ট লাভান্বিত হ’ব৷ যাত্ৰীসমূহে আন্তঃৰাষ্ট্ৰীয় ৰে’ল টাৰ্মিনেলৰ সম পৰ্যায়ৰ সুবিধা লাভ কৰিব আৰু স্থানীয় লোকসমূহে বৃহৎ সংখ্যাত নিয়োজনৰ সুবিধা লাভ কৰিব৷
পৃষ্ঠভূমিঃ
মাণ্ডলিক ৰে’লৰ দ্বাৰা এ১ তথা এ শ্ৰেণীৰ ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে ২৪ জানুৱাৰী ২০১৫ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰিছিল৷ এই অনুমোদন প্ৰক্ৰিয়াৰ অধীনত ৪৫ বৰ্ষৰ বাবে পট্টা লাভ কৰা হৈছিল৷ কিন্তু নিলামী প্ৰক্ৰিয়াত কোনো ধৰণৰ উৎসাহ পৰিলক্ষিত নহৈছিল৷ ডেভল’পাৰ, বিনিয়োগকাৰী তথা অন্য হিতাধিকাৰীসকলৰ সৈতে অনেক বৈঠক সম্পন্ন কৰি বিভিন্ন বিষয়ত আলোচনা কৰা হৈছিল৷ এই বিষয়ত উপ-পট্টা, সৰলীকৃত নিবিদা প্ৰক্ৰিয়া আদিৰ অনেক প্ৰশ্ন উত্থাপন কৰা হৈছিল৷ সেইবাবে নতুন পদক্ষেপৰ সৈতে এক সৰলীকৃত কাৰ্যসূচী প্ৰস্তুত কৰা হ’ল য’ত এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ’ল৷ কাৰ্যসূচীত বিশেষজ্ঞ প্ৰণয়ন এজেন্সী (আইআৰএছডিচি)ক দায়িত্ব প্ৰদান কৰা হ’ল আৰু ইয়াত ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে উপযুক্ত আন্তঃগাঁথনি প্ৰক্ৰিয়া আৰু মানকসমূহৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা হ’ল৷
*****
NW/AKT/SH/MANN
(ৰিলিজ আই ডি : 1548671)
অতিথি কক্ষ : 102