কেবিনেট

পৰ্যটন খণ্ডত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 26 SEP 2018 4:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পৰ্যটন খণ্ডত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ অক্টোবৰ ২০১৮ তাৰিখে উজবেকিস্তানৰ পৰা ভাৰতত ভিআইপি ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হৈছিল৷

লাভসমূহঃ

এই বুজাবুজিৰ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ দ্বাৰা দুয়োখন দেশৰ মাজত পৰ্যটন খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ এক আনুষ্ঠানিক প্ৰণালী স্থাপন ব৷ ইয়াৰ দ্বাৰা ভাৰতত উজবেকিস্তানৰ পৰ্যটকৰ সংখ্যাও বৃদ্ধি ব৷ ফলস্বৰূপে অৰ্থনৈতিক উন্নয়ন আৰু নিয়োজন বৃদ্ধি ব৷ এই বুজাবুজিৰ চুক্তিপত্ৰখনে বহল পৰিকাঠামো আৰু সহযোগিতাৰ ক্ষেত্ৰৰ অধীনত দুয়োখন দেশৰ ষ্টেকহল্ডাৰসকলৰ মাজত পৰ্যটনৰ দীৰ্ঘকালীন পাৰস্পৰিক লাভৰ পথ প্ৰশস্ত কৰিব৷ তাৰোপৰি এই বুজাবুজিৰ চুক্তিপত্ৰখনে নিৰ্ধাৰিত উদ্দেশ্যসমূহ প্ৰণয়ন কৰাৰ ক্ষেত্ৰত উন্নত অৱকাশৰ সৃষ্টি কৰিব৷

****

NW/AKT/SH/MANN



(Release ID: 1547900) Visitor Counter : 64