প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীক সাক্ষাৎ দেশৰ বিভিন্ন স্থানৰ শতাধিক অংগনৱাড়ী কর্মীৰ

Posted On: 19 SEP 2018 6:11PM by PIB Guwahati

প্রধানমন্ত্রীক আজি দেশৰ বিভিন্ন স্থানৰ শতাধিক অংগনৱাড়ী কর্মীৰ এটি দলে সাক্ষাৎ কৰি তেওঁলোকৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ সন্দৰ্ভত শেহতীয়াভাৱে কৰা ঘোষনাৰ বাবে তেওঁক ধন্যবাদ জনায়। অংগনৱাড়ী কর্মীসকলৰ অভিনন্দন গ্রহণ কৰি প্রধানমন্ত্রীয়ে তেওঁৰ সৈঙ্গে সাক্ষাৎ কৰাৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা কর্মীসকলৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰে

 

প্রধানমন্ত্রীয়ে অংগনৱাড়ী কর্মীসকলৰ সৈতে কথা প্রসংগত শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশত পুষ্টিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰেতেওঁ কয় যে এই ক্ষেত্রত অংগনৱাড়ী কর্মীসকলৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। বর্তমান ৰূপায়ণ হৈ থকা পুষ্টি মাহৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই প্রচাৰ আন্দোলনত যি গতি সঞ্চাৰিত হৈছে, সেয়া যেন স্তিমিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ। তেওঁ কয় যে পুষ্টিৰ বাবে প্রয়োজন ধাৰাবাহিক গুৰুত্ব আৰু সু-অভ্যাস গঢ়ি তোলা। এই কাম অংগনৱাড়ী কর্মীসকলে কৰিব পাৰেি পুষ্টিগত সহায় গ্রাহকসকলক দিয়া হৈছে, সেয়া যেন দক্ষতাৰে কামত লগোৱা হয়, তাক নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কর্মীসকলৰ পৰামর্শ আগবঢ়ায়

প্রধানমন্ত্রীয়ে কয় যে শিশুসকলে অংগনৱাড়ী কর্মীসকলৰ কথা অধিক পৰিমাণে শুনে। সেয়েহে শিশুসকলৰ মাজত সজাগতা গঢ়ি তোলাৰ ক্ষেত্রত তেওঁলোকৰ গুৰুত্বপূর্ণ ভূমিকা আছে। অংগনৱাড়ী কেন্দ্রসমূহৰ মাজত সুস্থ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে তেওঁ উৎসাহ যোগোৱাৰ লগতে ভাল পুষ্টিগত সেৱা আৰু বিভিন্ন অংগনৱাড়ী কর্মীৰ মাজত এই ধৰণৰ প্রতিযোগিতাই অনুপ্রেৰণা যোগাব পাৰে বুলি প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে

 

এই উপলক্ষে কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী শ্রীমতী মানেকা গান্ধীও উপস্থিত থাকে

*****

AKT/VJ/SBP/DB



(Release ID: 1547570) Visitor Counter : 90