প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬.০৮.২০১৮ তাৰিখে সম্প্ৰচাৰ হোৱাৰ প্ৰধানমন্ত্ৰীৰ ৪৭তম মন কী বাতৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
26 AUG 2018 11:34AM by PIB Guwahati
মোৰ মৰমৰ দেশবাসীসকল! নমস্কাৰ৷ আজি সমগ্ৰ দেশে ৰক্ষা বন্ধনৰ উৎসৱ পালন কৰিছে৷ সমূদ দেশবাসীক এই পবিত্ৰ উৎসৱ উপলক্ষে অশেষ শুভকামনা জনাইছোঁ৷ ৰক্ষা বন্ধন উৎসৱক ভাতৃ আৰু ভগ্নীৰ মাজত থকা প্ৰেম আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ এই উৎসৱ বহু অতীজৰে পৰা সামাজিক সৌহাৰ্দ্যৰ এক উদাহৰণ স্বৰূপে বিবেচিত হৈ আহিছে৷ দেশৰ ইতিহাসত এনে বহু কাহিনী আছে য’ত ৰক্ষা বন্ধনে দুখন ভিন্ন ৰাজ্য অথবা ধৰ্মৰ সৈতে জড়িত ব্যক্তিৰ বিশ্বাসক সূতাৰে বান্ধিবলৈ সমৰ্থ হৈছে৷ কিছুদিনৰ পিছতে জন্মাষ্টমীৰ উৎসৱ পালন কৰা হ’ব৷ সম্পূৰ্ণ বাতাৱৰণ হাতী, ঘোঁৰা, পাল্কী- জয় কানায়ালাল কী, গোবিন্দা গোবিন্দাৰ জয়গীতেৰে উচ্চাৰিত হ’ব৷ ভগবান কৃষ্ণৰ ৰঙত ৰঙীণ হৈ মগন হোৱাৰ আনন্দ এক পৃথক সুখানুভূতি৷ দেশৰ বিভিন্ন স্থানত বিশেষকৈ মহাৰাষ্ট্ৰত আমাৰ যুৱকসকলে হাণ্ডীৰ প্ৰস্তুতি চলাই আছে৷ সকলো দেশবাসীকে ৰক্ষাবন্ধন তথা জন্মাষ্টমীৰ অলেখ শুভকামনা জনাইছোঁ৷
‘প্ৰধানমন্ত্ৰী মহোদয়! নমস্কাৰঃ৷ অহং চিন্ময়ী, বেংগালুৰু নগৰে বিজয়ভাৰতী বিদ্যালয়ে দশম কক্ষায়াং পঠামি৷ মহোহয় অদ্য সংস্কৃত দিনমস্তি৷ সংস্কৃতংভাষাং সৰলা ইতি সৰ্বে বদন্তি৷ সংস্কৃতং ভাষা বয়মত্ৰ বহঃ বহঃ অত্ৰঃ সম্ভাষণমঅপি কুৰ্মঃ৷ অতঃ সংস্কৃতস্য মহত্বঃ- বিষয়ে ভৱতঃ গহঃ অভিপ্ৰায়ঃ ইতি ৰূপয়াবদতু৷’
ভগিনী! চিন্ময়ী!!
ভৱতী সংস্কৃত-প্ৰশ্নং পৃষ্ঠৱতী৷
বহুত্তমম! বহুত্তমম!!
অহং ভৱত্তাঃ অভিনন্দনং কৰোমি৷
সংস্কৃত-সপ্তাহ-নিমিত্তং দেশবাসিনাং
সৰ্বেষাং কৃতে মম হাৰ্দিক-শুভকামনাঃ
মই কন্যা চিন্ময়ীয়ে এই বিষয়টো উত্থাপন কৰা বাব তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বন্ধুসকল! শাওণ পূৰ্ণিমাত ৰক্ষাবন্ধনৰ উপৰিও সংস্কৃত দিৱসো পালন কৰা হয়৷ মই সেই সকলো লোকক অভিনন্দন জনাইছোঁ যিয়ে এই মহান ধৰোহৰক প্ৰতিপালন কৰি জনসাধাৰণৰ কাষলৈ লৈ গৈছে৷ প্ৰতিটো ভাষাৰে নিজাকৈ মহত্ব থাকে৷ ভাৰতে এই কথাত গৰ্ববোধ কৰে যে তামিল ভাষা বিশ্বৰ সবাতোকৈ পুৰণি ভাষা আৰু আমি সকলো ভাৰতীয়ই এই কথাতো গৌৰৱ কৰোঁ যে বেদকালৰ পৰা বৰ্তমানলৈ সংস্কৃত ভাষাইও জ্ঞান প্ৰচাৰত বিশেষ ভূমিকা পালন কৰিছে৷
জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে জড়িত জ্ঞানৰ ভাণ্ডাৰ সংস্কৃত ভাষা আৰু ইয়াৰ সাহিত্যত আছে৷ লাগিলে সেয়া বিজ্ঞানেই হওক, অথবা তন্ত্ৰজ্ঞানেই হওক, কৃষিয়েই হওক অথবা স্বাস্থ্যই হওক, মহাকাশ বিজ্ঞানেই হওক অথবা স্থাপত্যকলাই হওক, গণিতেই হওক অথবা ব্যৱসায়েই হওক, অৰ্থশাস্ত্ৰই হওক অথবা পৰিৱেশৰ কথায়েই হওক, কোৱা হয় যে গ্লোবেল ৱাৰ্মিঙৰ প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাৰ মন্ত্ৰ আমাৰ বেদত ব্যাখ্যা কৰা আছে৷ আপোনালোকে জানি আনন্দিত হ’ব যে কৰ্ণাটক ৰাজ্যৰ শিৱমোগা জিলাত মট্টুৰ গাঁৱৰ বাসিন্দাসকলে আজিও সংস্কৃতত কথা-বতৰা পাতে৷
আপোনালোকে এটা কথা জানি আচৰিত হ’ব যে সংস্কৃত এনে এক ভাষা য’ত অনন্ত শব্দৰ নিৰ্মাণ সম্ভৱ৷ দুহেজাৰ ধাতু, ২০০ প্ৰত্যয় অৰ্থাৎ ছাফিক্স, ২২টা উপসৰ্গ অৰ্থাৎ প্ৰিফিক্স আৰু সমাজৰ অসংখ্য শব্দৰ ৰচনা সম্ভৱ আৰু সেইবাবে যিকোনো সুক্ষ্মাতিসুক্ষ্ম ভাৱ অথবা বিষয়ৰ উপযুক্তভাৱে বৰ্ণনা কৰিব পাৰি৷ সংস্কৃত ভাষাৰ বিশেষত্ব হ’ল যে আমি কেতিয়াবা নিজৰ কথাক গুৰুত্ব অধিক কৰিবলৈ ইংৰাজী উদ্ধৃতি দিওঁ কিন্তু যিসকল লোকে সংস্কৃত শুভাষিতৰ দ্বাৰা পৰিচিত তেওঁলোকে জানে যে বহু কম শব্দতেই কোনো এটা কথাৰ উপযুক্ত প্ৰকাশ সংস্কৃতৰ দ্বাৰা হয় আৰু সেয়া আমাৰ ভূমিৰ সৈতে, আমাৰ পৰম্পৰাৰ সৈতে জড়িত হোৱাৰ বাবে বুজাতো সহজ হয়৷ যিদৰে জীৱনত গুৰুৰ মহত্ব প্ৰকাশ কৰিবলৈ কোৱা হৈছে-
एकमपि अक्षरमस्तु, गुरुः शिष्यं प्रबोधयेत्।
पृथिव्यां नास्ति तद्-द्रव्यं, यद्-दत्त्वा ह्यनृणी भवेत्। |
অৰ্থাৎ কোনো গুৰুৱে শিষ্যক এটা আখৰৰ জ্ঞান প্ৰদান কৰিলেও সমগ্ৰ পৃথিৱীতে এনেকুৱা কোনো বস্তু অথবা ধন নাই যাৰ দ্বাৰা শিষ্যই নিজৰ গুৰুৰ ঋণ পৰিশোধ কৰিব পাৰিব৷ অনাগত শিক্ষক দিৱস আমি সকলোৱে এই ভাৱনাৰ সৈতে পালন কৰিম৷ জ্ঞান আৰু গুৰু অতুলনীয় হয়, অমূল্য হয়৷ মাতৃৰ বাহিৰে শিক্ষকেই একমাত্ৰ ব্যক্তি যি শিশুৰ চিন্তাধাৰাক প্ৰকৃত পথলৈ নিয়াৰ দায়িত্ব পালন কৰে আৰু তেওঁৰ সৰ্বাধিক প্ৰভাৱ জীৱনতো দেখা পোৱা যায়৷ শিক্ষক দিৱস উপলক্ষে মহান চিন্তাবিদ আৰু দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক আমি সোঁৱৰণ কৰোঁ৷ তেওঁৰ জন্ম জয়ন্তী সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়৷ মই দেশৰ সকলো শিক্ষকক অনাগত শিক্ষক দিৱসৰ শুভকামনা জনাইছোঁ৷ লগতে বিজ্ঞান, শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি আপোনালোকৰ সমৰ্পণ মনোভাৱক অভিনন্দন জনাইছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল! কঠিন পৰিশ্ৰমী কৃষকসকলৰ বাবে বাৰিষাই নতুন আশাৰ কিৰণ লৈ আনিছে৷ ভীষণ গৰমত শুকাই যোৱা তৰু-তৃণ, শুকাই যোৱা জলধাৰাসমূহে সকাহ পাইছে৷ কিন্তু কেতিয়াবা অতিবৃষ্টি আৰু বিনাশকাৰী বানৰো সৃষ্টি হয়৷ প্ৰকৃতিৰ স্থিতি এনেকুৱা হয় যে কিছুমান স্থানত অন্য স্থানতকৈ অধিক বৰষুণ হয়৷ আমি সকলোৱে দেখা পাইছোঁ৷ কেৰালাত ভীষণ বানপানীয়ে জন-জীৱনক বেয়াকৈ প্ৰভাৱিত কৰিছে৷ আজি এই কঠিন পৰিস্থিতিত সমগ্ৰ দেশ কেৰালাৰ সৈতে থিয় দিছে৷ যিসকল পৰিয়ালে তেওঁলোকৰ জীৱন হেৰুৱাইছে, জীৱনৰ যি ক্ষতি হৈছে, সেয়া পূৰণ কৰাতো সম্ভৱ নহয় কিন্তু সেই শোক-সন্তপ্ত পৰিয়ালক বিশ্বাস দিব খুজিছোঁ যে এশ পঁচিশ কোটি ভাৰতীয়ই আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকৰ সমভাগী হৈছে৷ মই প্ৰাৰ্থনা কৰিছোঁ যে এই প্ৰাকৃতিক দুৰ্যোগত আঘাত প্ৰাপ্ত হোৱা লোকসকলক সোনকালে সুস্থ হৈ উঠক৷ মোৰ বিশ্বাস যে ৰাজ্যখনৰ লোকসকলৰ অদম্য সাহসৰ বলত কেৰালা অতি শীঘ্ৰেই মূৰ দাঙি উঠিব৷
দুৰ্যোগসমূহে যিদৰে ক্ষতি কৰে ঠিক সেইদৰে সেই দুৰ্যোগত মানৱতাৰ দৰ্শনো প্ৰাপ্ত হয়৷ কচ্ছৰ পৰা কামৰূপ আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সকলোৱে নিজৰ পৰ্যায়ত কিবা নহয় কিবা এটা কৰিছে যাতে য’তেই বিপত্তি দেখা গৈছে, সেয়া কেৰালাই হওক অথবা হিন্দুস্তানৰ অন্য জিলাই হওক, জনসাধাৰণৰ জীৱন সাধাৰণ অৱস্থালৈ অহাৰ বাবে প্ৰয়াস কৰা হৈছে৷ সকলো বয়সৰ লোকে আৰু সকলো কৰ্মৰ সৈতে জড়িত লোকে নিজৰ যোগদান আগবঢ়াইছে৷ সকলোৱে এয়া সুনিশ্চিত কৰাৰ প্ৰয়াসত আছে যে কেৰালাৰ জনসাধাৰণৰ সমস্যা হ্ৰাস হওক, তেওঁলোকৰ দুখৰ সমভাগী হওঁ৷ আমি সকলোৱে জানো যে সশস্ত্ৰ বাহিনীৰ সেনাসকলে কেৰালাত জীৱন ৰক্ষকৰ ভূমিকা গ্ৰহণ কৰিছে৷ তেওঁলোকে বানত আৱদ্ধ হোৱা লোকক বচাবলৈ প্ৰয়াসৰ কোনো ক্ৰুটি কৰা নাই৷ এয়াৰ ফ’ৰ্চেই হওক, নেভিয়েই হওক, আৰ্মীয়েই হওক, বিএছএছ, চিআইএছএফ, আৰএফেই হওক, সকলোৱে ৰক্ষা কাৰ্যত বৃহৎ ভূমিকা পালন কৰিছে৷ মই এনডিআৰএফ বাহিনীৰ কঠোৰ পৰিশ্ৰমক বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ৷ সংকটৰ এই ক্ষণত তেওঁলোকে অতি উত্তম কাম কৰিছে৷ এনডিআৰএফৰ ক্ষমতা হ’ল তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু তাৎক্ষণিক নিৰ্ণয়ৰ দ্বাৰা পৰিস্থিতি চম্ভালি লোৱাৰ প্ৰয়াস সকলো ভাৰতীয়ৰ বাবে এক শ্ৰদ্ধাৰ নতুন বিন্দু হিচাপে বিবেচিত হৈছে৷ কালি ওনমৰ উৎসৱ আছিল, মই প্ৰাৰ্থনা কৰিম যে ওনমৰ এই পৰ্বই দেশক বিশেষকৈ কেৰালাক শক্তি প্ৰদান কৰক যাতে তেওঁলোকে এই বিপদৰ পৰা সোনকালে উদ্ধাৰ হৈ বিকাশৰ যাত্ৰাত চামিল হ’ব পাৰে৷ পুনৰবাৰ সকলো দেশবাসীৰ তৰফৰ পৰা কেৰালাৰ জনসাধাৰণ আৰু দেশৰ অন্য প্ৰান্তত, য’ত য’ত বিপত্তিৰ সৃষ্টি হৈছে, মই আপোনালোকক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে সমগ্ৰ দেশবাসী বিপত্তিৰ সময়ত আপোনালোকৰ ওচৰত আছে৷
মোৰ মৰমৰ দেশবাসীসকল! এইবাৰৰ ‘মন কী বাত’লৈ অহা পৰামৰ্শসমূহৰ মই প্ৰত্যক্ষ কৰি আছিলোঁ৷ দেশৰ অধিকাংশ লোকেই এটা বিষয়ত লিখিছে- ‘আমাৰ সকলোৰে প্ৰিয় অটল বিহাৰী বাজপেয়ী’৷ গাজিয়াবাদৰ পৰা কীৰ্তি, সোনিপতৰ পৰা স্বাতি বৎস্য, কেৰালাৰ ভাতৃ প্ৰবীণ, পশ্চিম বংগৰ চিকিৎসক স্বপ্ন বেনাৰ্জী, বিহাৰৰ কাতিহাৰৰ অখিলেশ পাণ্ডে, আৰু অসংখ্য লোকে নৰেন্দ্ৰ মোদী এপত আৰু মাই গ’ভ এপত মোক অটলজীৰ জীৱনৰ বিভিন্ন দিশৰ কথা ক’বলৈ আগ্ৰহ কৰিছে৷ ১৬ আগষ্টত যেতিয়াই দেশ আৰু সমগ্ৰ বিশ্বই অটলজীৰ দেহাৱসানৰ কথা শুনিলে, সকলোৱে শোক সাগৰত ডুব গ’ল৷ এজন এনে ৰাষ্ট্ৰ নেতা যিয়ে ১৪ বৰ্ষ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল৷ এক প্ৰকাৰে ১০ বৰ্ষৰ পৰা সক্ৰিয় ৰাজনীতিৰ পৰা বহু দূৰলৈ গুচি গৈছিল৷ কোনো খবৰ কাগজত দেখা পোৱা নগৈছিল, সাৰ্বজনিক ৰূপত প্ৰত্যক্ষ নহৈছিল৷ ১০ বছৰৰ ব্যৱধান এক বৃহৎ সময় কিন্তু ১৬ আগষ্টৰ পিছত দেশ আৰু বিশ্বই দেখিলে যে হিন্দুস্তানৰ জনসাধাৰণৰ মনত এই দহ বছৰৰ কালখণ্ডই এটা ক্ষণৰো ব্যৱধান আনিবলৈ নিদিলে৷ অটলজীৰ বাবে যি স্নেহ, যি শ্ৰদ্ধা আৰু যি শোকৰ ভাৱনা সমগ্ৰ দেশতে দেখা গ’ল, ইয়েই তেওঁৰ ব্যক্তিত্বৰ প্ৰৱলতা প্ৰদৰ্শন কৰিছে৷ বিগত কিছুদিনৰ পৰা অটলজীৰ বিভিন্ন উত্তম কথা জনসাধাণৰ সন্মুখলৈ আহিছে৷ জনসাধাৰণে তেওঁক উত্তম সাংসদ, সংবেদনশীল লেখক, শ্ৰেষ্ঠ বক্তা, লোকপ্ৰিয় প্ৰধানমন্ত্ৰীৰ ৰূপত মনত ৰাখিছে৷ সুশাসন অৰ্থাৎ ভাল শাসনক মুখ্য ধাৰালৈ অনাৰ বাবে এই দেশে সদায়েই অটলজীৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব কিন্তু আজি অটলজীৰ বিশাল ব্যক্তিত্বৰ আন এটা দিশ কেৱল স্পৰ্শ কৰিবলৈ বিচাৰিছোঁ৷ অটলজীয়ে ভাৰতক যি ৰাজনৈতিক সংস্কৃতি প্ৰদান কৰিলে, ৰাজনৈতিক সংস্কৃতিত যি পৰিৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিলে, তাক প্ৰণালীৰ ভিতৰত আনিবলৈ যি প্ৰয়াস কৰিলে আৰু যাৰ বাবে ভাৰতৰ বহু লাভ হ’ল আৰু অনাগত দিনসমূহতো বহু লাভ হ’ব৷ ভাৰত সদায়েই ৯১তম সংশোধন অধিনিয়ম ২০০৩ ৰ বাবে অটলজীৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব৷ এই পৰিৱৰ্তনে ভাৰতৰ ৰাজনীতিত দুটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিলে৷
প্ৰথমটো হ’ল ৰাজ্যসমূহত মন্ত্ৰীমণ্ডলৰ আকাৰ মুঠ বিধানসভাৰ আসনৰ ১৫%লৈ সীমিত হ’ল৷ দ্বিতীয়তে দল-সলনি বিৰোধী আইনৰ অধীনত সিদ্ধান্ত সীমা এক তৃতীয়াংশৰ পৰা বৃদ্ধি কৰি দুই-তৃতীয়াংশ কৰা হ’ল৷ ইয়াৰ সৈতে দল-সলনি কৰাসকলক অযোগ্য বুলি বিবেচনা কৰিবলৈ স্পষ্ট দিশ-নিৰ্দেশো নিৰ্ধাৰিত কৰা হ’ল৷
বহু বছৰলৈ ভাৰতত বৃহৎ মন্ত্ৰীমণ্ডল গঠন কৰাৰ ৰাজনৈতিক সংস্কৃতিত বৃহৎ বৃহৎ মন্ত্ৰীমণ্ডলীয় কাৰ্য বিতৰণৰ বাবে হয়, ৰাজনেতাসকলক সন্তোষিত কৰাৰ বাবে বুলি কোৱা হৈছিল৷ অটলজীয়ে ইয়াক পৰিৱৰ্তন কৰিলে৷ তেওঁৰ এই পদক্ষেপৰ জৰিয়তে টকা আৰু সংসাধন ৰাহি হ’ল৷ ইয়াৰ লগতে কাৰ্যক্ষমতাও বৃদ্ধি হ’ল৷ এয়া অটলজীৰ দৰে দূৰদ্ৰষ্টাই আছিল যিয়ে স্থিতি পৰিৱৰ্তন কৰিলে আৰু আমাৰ ৰাজনৈতিক সংস্কৃতিত সুস্থ পৰম্পৰা স্থাপন কৰিলে৷ অটলজী এজন প্ৰকৃত দেশভক্ত আছিল৷ তেওঁৰ কাৰ্যকালত বাজেট পৰিৱেশনৰ সময় পৰিৱৰ্তন হ’ল৷ পূৰ্বতে ইংৰাজৰ পৰম্পৰা অনুসৰি সন্ধিয়া ৫ বজাত বাজেট প্ৰস্তুত কৰা হৈছিল কাৰণ সেই সময়ত লণ্ডনত পাৰ্লিয়ামেণ্ট আৰম্ভ হোৱাৰ সময় হৈছিল৷ ২০০১ চনত অটলজীয়ে বাজেট প্ৰস্তুত কৰাৰ সময় সন্ধিয়া ৫ বজাৰ সলনি পুৱা ১১ বজা কৰিলে৷ অটলজীৰ কাৰ্যকালত আৰু ‘এটা স্বাধীনতা’ প্ৰাপ্ত হ’ল৷ ইণ্ডিয়ান ফ্লেগ কোড প্ৰস্তুত কৰা হ’ল আৰু ২০০২ চনত ইয়াত স্থাপিত কৰা হ’ল৷ এই কোডৰ দ্বাৰা এনেকুৱা নিয়ম প্ৰস্তুত কৰা হ’ল য’ত সাৰ্বজনিক স্থানত ত্ৰিৰংগা উৰুওৱা সম্ভৱ হ’ল৷ ইয়াৰ জৰিয়তে অধিক সংখ্যক ভাৰতীয়ই নিজৰ ৰাষ্ট্ৰধ্বজ উৰুৱাবলৈ সক্ষম হ’ল৷ এইদৰেই তেওঁ আমাৰ প্ৰাণপ্ৰিয় ত্ৰিৰংগা জনসাধাৰণৰ সমীপলৈ লৈ আনিলে৷ আপোনালোকে দেখিলে! কিদৰে অটলজীয়ে দেশত নিৰ্বাচনেই হওক আৰু জনপ্ৰতিনিধি সম্বন্ধীয় যি বিকাৰ সৃষ্টি হৈছিল, তাত সাহসিক পদক্ষেপ গ্ৰহণ কৰি বুনিয়াদী সংশোধন কৰিলে৷ এইদৰেই আপোনালোকে দেখিছে যে দেশত একেসময়তে কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চৰ্চা কৰা হৈছে৷ এই বিষয়ত পক্ষ আৰু বিপক্ষ, দুয়োটা ফালৰ লোকে নিজৰ মতামত প্ৰদান কৰিছে৷ এয়া ভাল কথা আৰু এয়া গণতন্ত্ৰৰ বাবেও শুভ সংকেত৷ মই নিশ্চিতভাৱে ক’ম, গণতন্ত্ৰৰ বাবে, উত্তম গণতন্ত্ৰৰ বাবে, শুভ পৰম্পৰা বিকশিত কৰা, গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে অহৰহ প্ৰয়াস কৰা, আলোচনাসমূহক মুক্ত মনে আগবঢ়াই লৈ যোৱা, এয়াও অটলজীৰ প্ৰতি এক উত্তম শ্ৰদ্ধাঞ্জলি হ’ব৷ তেওঁৰ সমৃদ্ধ আৰু বিকশিত ভাৰতৰ সপোন পূৰণ কৰাৰ সংকল্প দোহাৰি মই সকলোৰে তৰফৰ পৰা অটলজীক শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল! সংসদত আজিকালি যেতিয়া কিবা আলোচনা হয়, প্ৰায়েই এয়া বিঘ্নিত, হৈ-হাল্লা আৰু গতিৰোধৰ বিষয়ত হে হয়, কিবা ভাল আলোচনা হ’লে তাৰ চৰ্চা নহয়৷ কিছুদিন পূৰ্বে সংসদৰ বাৰিষাৰ সত্ৰ সমাপ্ত হ’ল৷ আপোনালোকে জানি সুখী হ’ব যে লোকসভাৰ উৎপাদনশীলনা ১১৮% আৰু ৰাজ্যসভাৰ উৎপাদনশীলতা ৭৪% হ’ল৷ দলহিতৰ ঊৰ্ধলৈ গৈ সকলো সাংসদে বাৰিষাৰ সত্ৰক অধিকতম উপযোগী কৰাৰ প্ৰয়াস কৰিলে আৰু ইয়াৰ পৰিণামস্বৰূপে লোকসভাত ২১টা বিধেয়ক আৰু ৰাজ্যসভাত ১৪টা বিধেয়ক গৃহীত হ’ল৷ সংসদৰ এই বাৰিষাৰ সত্ৰ সামাজিক ন্যায় আৰু তৰুণ প্ৰজন্মৰ কল্যাণৰ সত্ৰৰ ৰূপত সদায়েই স্মৰণ কৰা হ’ব৷ এই সত্ৰত যুৱ প্ৰজন্ম আৰু পিছ পৰা সম্প্ৰদায়সকলক লাভান্বিত কৰিব পৰা বহুতো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হ’ল৷ আপোনালোকে জানে যে এছচি/এছটি আয়োগৰ অধীনত অ’বিচি আয়োগো গঠন কৰাৰ দাবী উত্থাপিত হৈছিল৷ পিছ পৰা সম্প্ৰদায়ৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে দেশত এইবাৰ অ’বিচি আয়োগ গঠন কৰা হ’ল আৰু ইয়াক এক সংবিধানিক অধিকাৰো প্ৰদান কৰা হ’ল৷ এই পদক্ষেপ সামাজিক ন্যায়ৰ উদ্দেশ্যক আগবঢ়াই লৈ যোৱাত উপযুক্ত বিবেচিত হ’ব৷ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সংশোধিত বিধেয়কো গৃহীত কৰাৰ কাম এই সত্ৰত কৰা হ’ল৷ এই আইন এছচি আৰু এছটি সম্প্ৰদায়ৰ হিত অধিক সুৰক্ষিত কৰিব৷ লগতে ই অপৰাধীসকলক অত্যাচাৰ কৰাৰ পৰা বাধা প্ৰদান কৰিব আৰু দলিত সম্প্ৰদায়ত বিশ্বাসৰ সৃষ্টি হ’ব৷
দেশৰ নাৰী শক্তিৰ বিৰুদ্ধে কোনো সভ্য সমাজে কোনো প্ৰকাৰৰ অন্যায় সহ্য নকৰে৷ বলাৎকাৰীসকলৰ দোষ সহ্য কৰিবলৈ দেশ প্ৰস্তুত নহয়, সেয়ে সংসদে অপৰাধী আইন সংশোধন বিধেয়কক গৃহীত কৰি কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে৷ দুষ্কৰ্মৰ দোষীসকলৰ অতিকমেও ১০ বছৰৰ শাস্তি হ’ব, ১২ বৰ্ষতকৈ কম বয়সৰ কন্যাক ধৰ্ষণ কৰিলে ফাঁচী দিয়া হ’ব৷ কিছুদিন পূৰ্বে আপোনালোকে বাতৰি কাগজত পঢ়িছিল যে মধ্য প্ৰদেশৰ মন্দসোৰত এক ন্যায়ালয়ত কেৱল দুমাহৰ ভিতৰতে নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত ফাঁচীৰ হুকুম শুনাইছিল৷ ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ কটনীত এক ন্যায়ালয়ত কেৱত পাঁচ দিনৰ শুনানিৰ পিছত দোষীক ফাঁচীৰ হুকুম দিয়া হৈছিল৷ ৰাজস্থানেও তেওঁলোকৰ ন্যায়ালয়ত এনেকুৱাই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এই আইনে মহিলা আৰু কন্যাৰ বিৰুদ্ধে কৰা অপৰাধ বন্ধ কৰিবলৈ প্ৰভাৱী ভূমিকা গ্ৰহণ কৰিব৷ সামাজিক পৰিৱৰ্তন অবিহনে আৰ্থিক প্ৰগতি আধৰুৱা হয়৷ লোকসভাত তিনি তালাক বিল গৃহীত কৰা হ’ল৷ অৱশ্যে ৰাজ্যসভাৰ এইবাৰৰ অধিৱেশনত এয়া সম্ভৱ নহ’ল৷ মই মুছলিম মহিলাসকলক বিশ্বাস দিব বিচাৰিছোঁ যে সমগ্ৰ দেশে তেওঁলোকক ন্যায় প্ৰদানৰ বাবে সম্পূৰ্ণ শক্তিৰ সৈতে থিয় হ’ব৷ যিহেতু আমি দেশৰ হিতৰ দিশে আগবাঢ়ি গৈ আছোঁ তেন্তে দুখীয়া, পিছপৰা, শোষিত আৰু বঞ্চিতসকলৰ জীৱনলৈও পৰিৱৰ্তন আনিব পাৰি৷ বাৰিষাৰ সত্ৰত এইবাৰ সকলোৱে মিলি এক আদৰ্শ প্ৰস্তুত কৰিছে৷ মই দেশৰ সকলো সাংসদক সাৰ্বজনিক ৰূপত হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল! এইকেইদিন কোটি কোটি দেশবাসীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়াম গেমছৰ প্ৰতি ধ্যান দিছে৷ প্ৰত্যেক দিনেই ৰাতিপুৱা প্ৰথমে জনসাধাৰণে বাতৰি কাকত, টেলিভিছনত, ছ’চিয়েল মিডিয়াত দৃষ্টি নিক্ষেপ কৰে আৰু প্ৰত্যক্ষ কৰে যে কোন ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰিছে৷ এতিয়াও এছিয়াম গেমছ চলি আছে৷ মই দেশৰ বাবে পদক বিজেতা সকলো খেলুৱৈক অভিনন্দন জনাইছোঁ৷ যিসকলৰ খেল এতিয়াও বাকী আছে তেওঁলোকলৈও শুভকামনা জনাইছোঁ৷ ভাৰতৰ খেলুৱৈ বিশেষকৈ শ্বুটিং আৰু ৰেচলিঙত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে কিন্তু আমাৰ খেলুৱৈসকলে এনে কিছুমান খেলতো পদক জয় কৰিছে য’ত পূৰ্বতে আমাৰ প্ৰদৰ্শন ভাল নাছিল৷ যেনে ৱুশ্বু আৰু ৰ’য়িঙৰ দৰে খেল- এয়া কেৱল পদকেই নহয়- প্ৰমাণ হয়- ভাৰতীয় খেল আৰু খেলুৱৈৰ আকাশ স্পৰ্শ কৰাৰ উৎসাহ আৰু সপোনৰ৷ দেশ বাবে পদক বিজেতাসকলৰ ভিতৰত বৃহৎ সংখ্যাত আমাৰ কন্যাসকলো অন্তৰ্ভুক্ত আছে আৰু এয়া খুবেই ধনাত্মক সংকেত- আনকি পদক বিজেতা যুৱ খেলুৱৈসকলৰ ভিতৰত ১৫-১৬ বৰ্ষৰ যুৱ খেলুৱৈও আছে৷ এয়াও এক উত্তম সংকেত যে যিসকল খেলুৱৈয়ে পদক জয় কৰিছে তাৰে অধিকাংশই গাঁৱৰ বাসিন্দা আৰু এওঁলোকে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই সাফল্য অৰ্জন কৰিছে৷
২৯ আগষ্টত আমি ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ পালন কৰিম আৰু এই উপলক্ষে ক্ৰীড়া প্ৰেমীসকলক শুভকামনা প্ৰদান কৰিছোঁ, লগতে হকীৰ যাদুকৰ মহান খেলুৱৈ শ্ৰী ধ্যানচান্দৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷
মই দেশৰ সকলো নাগৰিকক আহ্বান জনাইছোঁ যে তেওঁলোকে নিশ্চয় খেলক আৰু নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়ক কাৰণ সুস্থ ভাৰতেহে সম্পন্ন আৰু সমৃদ্ধ ভাৰত নিৰ্মাণ কৰিব৷ যেতিয়া ভাৰত ফিট হ’ব তেতিয়াই ভাৰতৰ উজ্বল ভৱিষ্যতৰ নিৰ্মাণ হ’ব৷ পুনৰবাৰ এছিয়ান গেমছৰ পদক বিজেতাসকলক অভিনন্দন জনাইছোঁ আৰু লগতে আনবোৰ খেলুৱৈৰ পৰাও ভাল প্ৰদৰ্শন কামনা কৰিছোঁ৷ সকলোকে ৰাষ্ট্ৰীয় খেল দিৱসৰ বহুতো শুভকামনা প্ৰদান কৰিলো৷
‘‘প্ৰধানমন্ত্ৰী ডাঙৰীয়া নমস্কাৰ! মই কানপুৰৰ ভাৱনা ত্ৰিপাৰ্থী এগৰাকী ইঞ্জিনীয়াৰিঙৰ ছাত্ৰী৷ প্ৰধানমন্ত্ৰী মহোদয়, যোৱাবাৰৰ মন কী বাতত আপুনি কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈছিল আৰু তাৰ পূৰ্বে আমি চিকিৎসক, চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কথাও কৈছিল৷ মই আপোনাক নিবেদন কৰিছোঁ যে অনাগত ১৫ ছেপ্টেম্বৰত যি ইঞ্জিনীয়াৰিং ডে’ পালন কৰা হ’ব, সেই উপলক্ষে যদি আপুনি আমাৰ দৰে ইঞ্জিনীয়াৰিং শিক্ষাৰ্থীসকলৰ সৈতে কিছু কথা পাতে, যাৰ দ্বাৰা আমাৰ মনোবল বৃদ্ধি হ’ব আৰু অনাগত দিনসমূহত দেশৰ বাবে কিবা এটা কৰাৰ উৎসাহ পাম৷ ধন্যবাদ৷’’
নমস্কাৰ ভাৱনাজী, মই আপোনাৰ ভাৱনাৰ আদৰ কৰিছোঁ৷ আমি সকলোৱে ইটা-পাথৰৰ দ্বাৰা ঘৰ আৰু বিল্ডিং নিৰ্মাণ হোৱা দেখিছোঁ কিন্তু আপুনি কল্পনা কৰিব পাৰেনে যে প্ৰায় বাৰশ বছৰ পূৰ্বে এক বিশাল পাহৰ যি কেৱল এটা শিলৰ পাহাৰ আছিল, তাক এক উৎকৃষ্ট, বিশাল আৰু অদ্ভুত মন্দিৰৰ ৰূপ প্ৰদান কৰা হ’ল- কল্পনা কৰাটো অলপ অসম্ভৱ কিন্তু এনেকুৱা হৈছিল আৰু সেই মন্দিৰটো হ’ল মহাৰাষ্ট্ৰৰ ইলোৰাস্থিত কৈলাশনাথ মন্দিৰ৷ যদি কোনোবাই আপোনাক কয় যে প্ৰায় হাজাৰ বৰ্ষ পূৰ্বে গ্ৰেণাইটৰ দ্বাৰা ৬০ মিটাৰতকৈও অধিক এক ওখ স্তম্ভ নিৰ্মাণ কৰা হৈছিল আৰু তাৰ শিখৰত প্ৰায় ৮০ টনৰ এক শিলাখণ্ড ৰখা হৈছিল- তেন্তে আপুনি বিশ্বাল কৰিব! কিন্তু তামিলনাডুৰ তঞ্জাৱুৰ কাবৃহদেশ্বৰ মন্দিৰ হ’ল সেই স্থান য’ত স্থাপত্য কলা আৰু ইঞ্জিনীয়াৰিঙৰ এই অবিশ্বনীয় মিলাপৰ খেল দেখা যায়৷ গুজৰাটৰ পাটনত ১১শ শতাব্দীচ ৰাণীৰ বাব প্ৰত্যক্ষ কৰি সকলো আশ্বৰ্যচকিত হৈ উঠে৷ ভাৰতৰ ভূমি ইঞ্জিনীয়াৰিঙৰ প্ৰয়োগশালা৷ ভাৰতত এনেকুৱা বহু ইঞ্জিনীয়াৰ আছে যিয়ে অকল্পনীয়ক কল্পনীয় কৰিলে আৰু ইঞ্জিনীয়াৰিঙৰ পৃথিৱীত চমৎকাৰ বুলি কোৱা উদাহৰণ প্ৰস্তুত কৰিসে৷ মহান ইঞ্জিনীয়াৰৰ উত্তৰাধিকাৰৰূপে আমি এনে এক ৰত্ন পালো যাৰ কাৰ্যই আজিও জনসাধাৰণক আচৰিত কৰে আৰু তেওঁ হ’ল ডঃ এম বিশ্বশ্ৰেয়৷ কাবেৰী নদীত তেওঁ নিৰ্মাণ কৰা কৃষ্ণৰাজ বান্ধে আজিও লক্ষাধিক কৃষক আৰু জনসাধাৰণক উপকৃত কৰি আহিছে৷ দেশৰ সেই অংশত তেওঁ পূজনীয় হোৱাৰ লগতে সমগ্ৰ দেশেও তেওঁৰ বহু সন্মান আৰু আত্মীয়তাৰে সৈতে স্মৰণ কৰে৷ তেওঁৰ স্মৃতিতেই ১৫ ছেপ্টেম্বৰত ইঞ্জিনীয়াৰ দিৱস পালন কৰা হয়৷ তেওঁৰ পদচিহ্নত খোজ দিয়েই আমাৰ দেশৰ ইঞ্জিনীয়াৰে সমগ্ৰ বিশ্বতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ইঞ্জিনীয়াৰিঙৰ পৃথিৱীৰ চমৎকাৰৰ কথা যেতিয়া মই কওঁ, তেতিয়া ২০০১ চনত গুজৰাটৰ কচ্ছত যি ভূমিকম্প আহিছিল, তাৰে এক ঘটনা মনলৈ আহে৷ সেই সময়ত মই এক স্বেচ্ছাসেৱীৰ ৰূপত কাম কৰিছিল আৰু এখন গাঁৱলৈ গৈছিল৷ তাতে মই ১০০ত কৈও অধিক বয়সৰ এক মাতৃক লগ পালো আৰু তেওঁ মোলৈ চাই উপহাস কৰি ক’লে- চোৱা এইখন মোৰ ঘৰ- কচ্ছত ইয়াক ভুংগা বুলি কোৱা হয়- মোৰ এই ঘৰে ৩-৩টা ভূমিকম্প দেখিছে৷ মই নিজে ৩ টা ভূমিকম্প দেখিছোঁ৷ এই ঘৰতেই দেখিছোঁ৷ কিন্তু কেতিয়াও লোকচান হোৱা নাই৷ এয়া ঘৰ আমাৰ পূৰ্বজসকলে ইয়াৰ প্ৰকৃতি অনুসৰি, ইয়াৰ বাতাৱৰণ অনুসৰি নিৰ্মাণ কৰিছিল৷ তেতিয়াই মোৰ মনলৈ এক বিচাৰ আহিল যে শতিকা পূৰ্বেও আমাৰ সেই সময়ৰ ইঞ্জিনীয়াৰসকলে স্থানীয় পৰিস্থিতি অনুসৰি এনেধৰণৰ সৃষ্টি কৰ্ম কৰিছিল যে জনসাধাৰণ সুৰক্ষিত হৈ আছিল৷ এতিয়া আমি যি ইঞ্জিনীয়াৰ দিৱস পালন কৰোঁ, তাত আমি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে৷ স্থানবিশেষে কৰ্মশালা প্ৰস্তুত কৰিব লাগে৷ পৰিৱৰ্তিত যুগত আমি কিমান নতুন কথা শিকিব লাগিব? শিকাব লাগিব? জোঁৰাব লাগিব? আজিকালি দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাও এক ডাঙৰ কাম হৈ পৰিছে৷ প্ৰাকৃতিৰ দুৰ্যোগৰ সৈতে বিশ্ব জড়িত হৈ আছে৷ এনে স্থলত গঠনাত্মক ইঞ্জিনীয়াৰিঙৰ নতুন ৰূপ কি হ’ব? তাৰ পাঠক্ৰম কি হ’ব? শিক্ষাৰ্থীক কি শিকোৱা যাব? নিৰ্মাণৰ কাম পৰিৱেশ অনুকূল্য কিদৰে হ’ব? স্থানীয় সামগ্ৰীৰ মূল্য সংযোজিত কৰি নিৰ্মাণৰ কামত কিদৰে ব্যৱহাৰ কৰা হ’ব? শূন্য বৰ্জ্য আমাৰ প্ৰাথমিকতা কিদৰে হ’ব? এনেকুৱা অনেক কথা যেতিয়া ইঞ্জিনীয়াৰিং দিৱস পালন কৰা হয় তেতিয়া চিন্তা কৰিব লাগে৷
মোৰ মৰমৰ দেশবাসীসকল! উৎসৱৰ বতৰ আৰু লগতে দিপাৱলীৰ প্ৰস্তুতিও আৰম্ভ হৈছে৷ ‘মন কী বাত’ত লগ পাই থাকিম, মনৰ কথা ক’ম আৰু মনৰ জৰিয়তে দেশক আগবঢ়াই লৈ যোৱাৰ কাৰ্যতো ব্ৰতী হ’ম৷ এই ভাৱনাৰ সৈতে আপোনালোক সকলোকে অশেষ শুভকামনা জনাইছোঁ৷ ধন্যবাদ৷ পুনৰ লগ পাম৷
*****************
AKT/SH/MANN
(ৰিলিজ আই ডি : 1545087)
অতিথি কক্ষ : 139