প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইআইটি বোম্বেৰ ৫৬সংখ্যক বাৰ্ষিক সমাৱর্তন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 11 AUG 2018 2:09PM by PIB Guwahati

আজি ১১ আগষ্ট। ১১০ বছৰ আগতে দেশৰ স্বাধীনতাৰ বাবে আজিৰ দিনটোতে ক্ষুদিৰাম বসুৱে মাতৃভূমিৰ বাবে নিজৰ সর্বস্ব ত্যাগ কৰিছিল। মই সেই বিপ্লৱীগৰাকীক প্রণাম জনাইছো দেশৰ হৈ তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি অর্পণ কৰিছো।

বন্ধুসকল,

স্বাধীনতাৰ বাবে যিসকলে প্ৰাণ বিসৰ্জন দিলে, সৰ্বস্ব ত্যাগ কৰিলে, তেওঁলোক অমৰ হল, তেওঁলোক প্ৰেৰণাৰ মূৰ্তিত পৰিণত হল। কিন্তু স্বাধীনতাৰ বাবে মৰিবলৈ আমাৰ সৌভাগ্য নহল যদিও স্বাধীন ভাৰতৰ বাবে জীয়াই থাকিবলৈ আমাৰ সৌভাগ্য হৈছে, আমি দেশৰ স্বাধীনতাক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জীয়াই থাকি জীৱনটোক এক নতুন ধৰণে উপভোগ কৰিব পাৰো। আজি মই নিজৰ সন্মুখত আপোনালোকৰ মাজত, আপোনালোকৰ মুখত যি উৎসাহ আৰু আত্মবিশ্বাস দেখিবলৈ পাইছো, সেইটোৱে একপ্ৰকাৰ আশ্বস্ত কৰে যে আমি সঠিক পথেৰে আগুৱাই গৈছো।

বন্ধুসকল,

আইআইটি বোম্বে স্বাধীন ভাৰতৰ সেইসমূহ প্রতিষ্ঠানৰ অন্তৰ্গত আছিল, যিসমূহ প্রযুক্তিৰ জৰিয়তে দেশ গঢ়াত নতুন পথ দেখুওৱাৰ বাবে চিন্তা কৰা হৈছিল। বিগত ৬০ বছৰে আপোনালোকে নিজৰ সেই অভিযানত নিয়োজিত হৈ আছে ১০০গৰাকী শিক্ষার্থীক লৈ আৰম্ভ কৰা প্রতিষ্ঠানটিত আজি ১০ হাজাৰগৰাকী শিক্ষার্থী হৈছেগৈ ইয়াৰ ভিতৰত আপোনালোকে বিশ্বৰ শীর্ষস্থানীয় প্রতিষ্ঠানসমূহৰ তালিকাতো নিজৰ স্থান অধিক কৰিবলৈ সক্ষম হৈছেএই প্রতিষ্ঠানটিয়ে আজি হীৰক জয়ন্তী উদযাপন কৰিছে, ডায়মণ্ড জুবিলি। তাতকৈও গুৰুত্বপূর্ণ হৈছে, এইসকল হীৰা, যিসকল মোৰ সন্মুখত বহি আছে, সফলতাৰে শিক্ষা সম্পাদনৰ স্বীকৃতি পাইছে আৰু ইয়াৰ পৰা স্বীকৃতি লাভ কৰি সমগ্ৰ বিশ্বত ভাৰতৰ নাম উজ্জ্বল কৰিছে। আজি এই উপলক্ষে মই সৰ্বপ্ৰথমে ডিগ্রীপ্রাপক দেশ-বিদেশৰ শিক্ষার্থীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক অন্তৰৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছো। আজি ইয়াত ডঃ ৰমেশ ৱাধৱানি ডাঙৰীয়াক ডক্টৰ অৱ ছায়েন্স উপাধিও প্রদান কৰা হৈছে। ডঃ ৱাধৱানি ডাঙৰীয়াকো মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো। ৰমেশজীয়ে প্রযুক্তিক সাধাৰণ জনতাৰ জীৱনৰ প্রয়োজনীয়তাৰ সৈতে জড়িত কৰাৰ বাবে সমগ্ৰ জীৱন কাম কৰি আহিছে। ৱাধৱানি ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ দেশৰ তৰুণপ্ৰজন্মৰ বাবে উপার্জনৰ সূযোগ সৃষ্টি কৰা, দক্ষতা, উদ্ভাৱন আৰু উদ্যোগ গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টিৰ দায়িত্ব কান্ধত লৈ আহিছে। এক প্রতিষ্ঠান হিচাপে এয়া আপোনালোক সকলোৰে বাবে গৌৰৱৰ বিষয় যে ইয়াতেই শিক্ষা সম্পন্ন কৰা ৱাধৱানি ডাঙৰীয়াৰ দৰে বহুতে আজি দেশৰ উন্নতিত নিজৰ সক্রিয় অৱদান আগবঢ়াইছে। বিগত ছয় দশক ধৰি নিৰলস প্রয়াসৰ ফলতে দেশৰ স্বনামধন্য প্রতিষ্ঠানৰ ভিতৰত আইআইটি বোম্বে নিজৰ স্থান নিগাজী কৰিছে। আৰু আপোনালোকক জনাও যে আপোনালোকে ১,০০০ কোটি টকাৰ আর্থিক সাহায্য লাভ কৰিব, যি অনাগত দিনত এই প্রতিষ্ঠানৰ আন্তঃগাঁথনিমুলক উন্নয়নৰ কামত লগাব পাৰিবসেইবাবে মই আপোনালোক আৰু আপোনালোকৰ সমগ্ৰ দলটোক বহুত বহুত শুভেচ্ছা জনাইছো।

আইআইটিসমূহক লৈ দেশ গৌৰৱান্বিত, যাৰ দ্বাৰা আইআইটি স্নাতকসকলেও সফলতা অৰ্জন কৰিছে। আইআইটিৰ সফলতাই দেশজুৰি বহুতো অভিযান্তিক মহাবিদ্যালয় গঢ় দিয়াত নেতৃত্ব দিছে। সেইবোৰ আইআইটিৰ দ্বাৰা প্ৰেৰিত হোৱাৰ লগতে ভাৰত বিশ্বৰ সৰ্ববৃহৎ কাৰিকৰী মানৱসম্পদৰ স্থান হিচাপে পৰিগণিত হোৱাত সহায় কৰিছে। আইআইটিসমূহে ভাৰতক বিশ্বৰ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে। তেওঁলোকে বহু বছৰৰ আগতেই এইটো সম্ভৱ কৰি তুলিছে। আইআইটিৰ স্নাতকসকল আমেৰিকালৈ গৈ তাৰ উৎকর্ষ সাধন কৰিছেঃ প্রথমে তাৰ বিশ্ববিদ্যালয়ৰ শিক্ষার্থী হিচাপে আৰু পাছত প্রযুক্তি বিশেষজ্ঞ হিচাপে, উদ্যোগী হিচাপে, কাৰ্যবাহী হিচাপে আৰু শিক্ষাবিদ কাৰ্যনিবাহ কৰি আহিছে। ভাৰতৰ তথ্য-প্রযুক্তি ক্ষেত্রত ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল বুলি কোৱা হয়, ক্লিক-ক্লিক মাউচ টিপি যোৱাৰ ব্যৱস্থাক সুলভ কৰিছে বৃহৎ পৰিমাণৰ আইআইটি শিক্ষার্থীসকলেআগতে ভাৰতৰ তথ্য-প্রযুক্তিৰ ক্ষেত্রৰ ভাৰতীয়সকলক কঠোৰ পৰিশ্রমী আৰু বুদ্ধিমান হিচাপে গণ্য কৰা হৈছিল, কিন্তু সেয়া মূলতঃ অন্য দেশসমূহত, বিশেষকৈ আমেৰিকাত তথ্য-প্রযুক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতেই এতিয়া কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু বৰ্তমান ভাৰতৰ ষ্টার্ট-আপসমূহৰ অধিকাংশতে আইআইটিৰ স্নাতকসকল সন্মুখৰ শাৰীত আছে। এই ষ্টার্ট-আপসমূহ আকৌ কেতবোৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে তেওঁলোকৰ বাবে কওঁ যে যিসকলে ষ্টার্ট-আপ আন্দোলনত কাম কৰিছে বা এখনৰ পাছত আন এখন কলেজ খোলাৰ পৰিকল্পনা কৰিছে, দয়া কৰি মনত ৰাখিব, বিগত সময়ৰ ষ্টার্ট-আপসমূহে বৰ্তমান বৃহত্তম উদ্যোগ হৈ উঠিছে। সেইবোৰ আদর্শবাদৰ সৈতে কঠোৰ পৰিশ্রম আৰু অধ্যৱসায়ৰ মিশ্ৰনইয়াকে ধৰি ৰাখক, এৰি নিদিব, তেতিয়াহে আপুনি সফল হব।

আপোনালোক ভাগ্যবান যে মুম্বাইৰ দৰে নগৰত এনেকুৱা এটা চৌহদত থকাৰ সুযোগ পাইছে। আপোনালোকৰ এফালে জলাশয়, আনফালে পাহাৰ আছে। সময়ে-সময়ে হয়তো আপোনালোকে কুম্ভীৰ আৰু চিতাবাঘৰ সৈতে সময় কটায় এই চৌহদতএতিয়া আগষ্ট মাহ, তথাপি মই নিশ্চিত যে আপোনালোক আজি স্বপ্নীল মেজাজত আছে। মই লগতে উপলব্ধি কৰিছো যে বিগত চাৰি বছৰত ইয়াত আপোনালোকে অনবদ্য শিক্ষা-অভিজ্ঞতাৰ মাজেৰে দিন অতিবাহিত কৰিছিল

এনে বহু কথালৈ ঘুৰি চোৱাৰ আৰু মনত সজীৱ কৰি ৰাখে কলেজৰ উৎসৱ. আন্তঃআৱাস খেলাধূলা, শিক্ষার্থী-শিক্ষক সমন্বয় উল্লেখযোগ্যঅলপ পঢ়া-শুনাৰ কথাও মই উল্লেখ কৰিছোমানে, আপোনালোকে দেশৰ সেই শিক্ষাৰ ব্যৱস্থাপনাৰ পৰা সুযোগ পাইছে। ইয়াত উপস্থিত শিক্ষার্থীসকলেতো দেশৰ বৈচিত্র্যক দাঙি ধৰিছে। বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ভাষা, বিভিন্ন প্রেক্ষাপটৰ পৰা ইয়ালৈ আহি আপোনালোক জ্ঞান আৰু শিক্ষাৰ মাজত একাকাৰ হৈ পৰিছে

বন্ধুসকল,

আইআইটি বোম্বেই সেই প্রতিষ্ঠানসমূহৰ ভিতৰত স্থান লাভ কৰিছে, যিসকলে নতুন ভাৰতত নতুন প্রযুক্তি সংযোজনৰ কাম কৰিছে। অহা দুই দশকত কিমানদূৰ অগ্রগতি লাভ কৰিব আৰু কিদৰে হব, সেয়া নতুনত্ব উদ্ভাৱন আৰু নতুন প্রযুক্তিয়ে ঠিক কৰিব। অন্যান্য ক্ষেত্ৰতো আপোনালোকৰ এইখন আইআইটিৰ ভূমিকা অধিক গুৰুত্বপূর্ণ হৈ উঠিবসেয়া লাগিলে ৫জি ব্রডবেণ্ড প্রযুক্তিয়েই হওঁক, কৃত্রিম বুদ্ধিমত্তাই হওঁক, ব্লক চেইন প্ৰযুক্তিয়েই হওঁক, বৃহৎ তথ্য বিশ্লেষণেই হওঁক, অথবা মেচিন লাৰ্ণিং ইত্যাদি সেই কৌশল যি অনাগত দিনত স্মার্ট উৎপাদন আৰু স্মার্ট চিটীৰ চিন্তা-ভাৱনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ হিচাপে আগবাঢ়ি আহিব লৈছে।

আৰু কেইমুহূৰ্তমানৰ পাছতে যিটো নতুন ভৱনৰ দ্বাৰ উদ্বোধন হব, সেয়াও সেই লক্ষ্যৰে গুৰুত্বপূর্ণ হৈ পৰিছে। শক্তি বিজ্ঞান আৰু কাৰিকৰী বিভাগ তথা পৰিৱেশ বিজ্ঞান আৰু কাৰিকৰী কেন্দ্র এই নতুন ভৱনত সক্রিয় হৈ উঠিবএইটো পৰিলক্ষিত হৈছে যে শক্তি আৰু পৰিৱেশ আজি দেশ আৰু বিশ্বৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ধৰা দিছে, ইয়াৰ পৰা মই বিশ্বাস হয় অনাগত দিনত এই দুই বিষয়ৰ সন্দৰ্ভত ব্যাপক হাৰত গৱেষণা হ

মোক জনোৱা হৈছে যে এই ভৱনত এটি সৌৰ গৱেষণাগাৰো গঢ়ি তোলা হৈছে। ইয়াৰ জৰিয়তে শিক্ষার্থীসকলে সৌৰশক্তি সংক্রান্তীয় গৱেষণাৰ সুবিধা পাব। সৌৰশক্তিৰ উপৰি অনাগত সময়ত জৈৱ ইন্ধন আৰু স্বচ্ছ শক্তিৰ এক বিৰাট ডাঙৰ উৎস হৈ উঠিব মই কালি দিল্লীত বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে কৈছিলো যে ইয়াৰ সৈতে জড়িত প্রযুক্তিক লৈ সৰু-ডাঙৰ সকলো অভিযান্তিক শিক্ষা প্রতিষ্ঠানত পঢ়া-শুনা হওঁক, গৱেষণা হওঁক।

বন্ধুসকল,

আইআইটিক দেশ আৰু বিশ্বই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে জানে। কিন্তু আমাৰ বাবে এই সংজ্ঞা কিছু সলনি হৈছে। এয়া কেৱল প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত বিষয়ৰ অধ্যয়নৰ স্থান হৈ থকা নাই, ইয়াৰোপৰি আইআইটি বৰ্তমান ভাৰতৰ পৰিৱৰ্তনৰ আহিলা হৈ পৰিছে। আমি যেতিয়া পৰিৱৰ্তনৰ কথা কওঁ, ষ্টার্ট-আপৰ যি নতুন বিপ্লৱৰ দিশত দেশে খোজ দিছে, এনে এক বৃহৎ উৎস হৈছে আমাৰ আইআইটিসমূহ আজি সমগ্ৰ বিশ্বই আইআইটিসমূহক ইউনিকর্ন ষ্টার্ট-আপৰ পৰিচর্যা ক্ষেত্র হিচাপে মানি লৈছে অর্থাৎ সেয়া এনে ষ্টার্ট-আপ, যি ভাৰতত আৰম্ভ হৈছে আৰু পৰৱৰ্তী সময়ত ই বিলিয়ন ডলাৰতকৈ অধিক মূল্যবান হৈ উঠাৰ সম্ভাৱনাৰ আছে। ইয়াক এটা দিশৰ পৰা কৌশলগত দাপোন বুলি কব পাৰি, যাৰ সহায়ত বিশ্বৰ ভৱিষ্যৎ দেখা যায়।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বত যিমান বিলিয়ন ডলাৰৰ ষ্টার্ট-আপ উদ্যোগ আছে, ইয়াৰ ভিতৰত বহুকেইজনেই আইআইটিৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে গঢ়ি তোলা আজি মই সন্মুখত এনে বহু ইউনিকর্ন প্রতিষ্ঠাতা দেখিবলৈ পাইছো

বন্ধুসকল,

অভিনৱ উদ্ভাৱন আৰু উদ্যোগবোৰ এখন উন্নত অৰ্থনীতিৰ ভাৰত গঢ় দিয়াৰ আধাৰশিলা হৈ পৰিছে। ইয়াৰ আধাৰত এখন দীৰ্ঘকালীন বহনক্ষম প্ৰযুক্তিভিত্তিক অৰ্থনীতিৰ বিকাশ সম্ভৱ হব।

সেইবাবেই আমি ষ্টার্ট-আপ ইণ্ডিয়া আৰু অটল উদ্ভাৱন অভিযানৰ দৰে অভিযান আৰম্ভ কৰিছো, যাৰ ফল বৰ্তমান লাভ কৰিছো আজি ষ্টার্ট-আপৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম উপযোগী স্থান হিচাপে পৰিগণিত হৈছে দেশত ১০,০০০তকৈ অধিক ষ্টার্ট-আপক পৰিচর্যা কৰাৰ লগতে বিত্তীয় পুঁজিৰো ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

বৰ্তমান উদ্ভাৱন সূচকৰ তালিকাত আমি ক্রমান্বয়ে উন্নীত হবলৈ সক্ষম হৈছোইয়াৰ অর্থ এই যে শিক্ষাৰ পৰা পৰিৱেশলৈকে আমাৰ যি সর্বাত্মক প্রয়াস, তাৰ সুফল আজি বিশ্বৰ আগত ধৰা দিছে দেশত বিজ্ঞানভিত্তিক মানসিকতা শক্তিশালী কৰা, গৱেষণাৰ পৰিবেশ সৃষ্টিৰ বাবে উচ্চ শিক্ষাৰ পৰিকাঠামো গঢ়ি তোলাৰ বাবে বিশেষ মনযোগ দিয়া হৈছে।

অভিনৱ উদ্ভাৱন একবিংশ শতিকাৰ মুলমন্ত্ৰ। নতুনত্বহীন সমাজ স্থিৰ হৈ থাকে। ভাৰত ষ্টাৰ্ট-আপৰ এখন সম্ভাৱনাপূৰ্ণ কেন্দ্ৰ হিচাপে উজ্বলি উঠিছে, যিটোৱে পৰ্যাপ্ত নতুনত্বৰ সম্ভাৱনাক প্ৰদৰ্শিত কৰিছেআমি সেই পৰিৱেশ সৃষ্টি কৰাৰ লগতে ভাৰতক অভিনৱ উদ্ভাৱন আৰু উদ্যোগৰ আটাইতকৈ আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিব লাগিব। কিন্তু সেয়া কেৱল চৰকাৰৰ প্রয়াসত সম্বৱ নহয় ইয়াক সম্ভৱ কৰিব লাগিব আপোনালোকৰ দৰে নবীন শক্তিয়ে সেই চিন্তা-ভাৱনাসমূহ আকৌ চৰকাৰী ভৱন বা ফেন্সি অফিচৰ পৰা নাহে সেইবোৰ আপোনালোকৰ চৌহদৰ নিচিনা স্থানত, আপোনালোকৰ দৰে নৱপ্ৰজন্মৰ মগজুতহে আহে

আপোনালোক আৰু আপোনালোকৰ দৰে যুৱপ্ৰজন্মৰ প্ৰতি মোৰ আহ্বান এই যে ভাৰতত উদ্ভাৱন কৰক, মানৱতাৰ বাবে উদ্ভাৱন কৰক। জলবায়ু পৰিৱৰ্তন সমস্যা সমাধানৰ পৰা সুনিশ্চিত উন্নত কৃষিজাত উৎপাদনশীলতালৈ, স্বচ্ছ শক্তিৰ পৰা জল সংৰক্ষণলৈ, অপুষ্টিৰ বিৰুদ্ধে যুঁজৰ পৰা ফলপ্ৰসূ আৱৰ্জনা ব্যৱস্থাপনালৈ ইত্যাদি ক্ষেত্ৰত আটাইতকৈ উন্নত ধাৰণা ভাৰতৰ গৱেষণাগাৰ আৰু ভাৰতীয় শিক্ষাৰ্থীয়ে উদ্ভাৱন কৰক।

বিগত চাৰি বছৰত ৭খন নতুন আইআইটি, ৭খন নতুন আইআইএম, ২খন আইআইএছইআৰ আৰু ১১খন ট্রিপল আইটিক স্বীকৃতি প্ৰদান কৰা হৈছে। আন্তঃগাঁথনিৰ মান উন্নয়নৰ বাবে আৰআইএছইৰ মানত শিক্ষাৰ পৰিকাঠামো আৰু পদ্ধতি পুনৰুজ্জীৱনৰ কাম-কাজ আৰম্ভ কৰা হৈছে। ইয়াৰ আওঁতাত অহা চাৰি বছৰত এক লাখ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। নতুন প্রতিষ্ঠান, নতুন পৰিকাঠামো প্ৰয়োজন, কিন্তু তাতকৈ প্ৰয়োজন তাৰ পৰা সুদক্ষ শক্তি সৃষ্টি হোৱাটো। চৰকাৰে এক্ষেত্ৰতো গুৰুত্ব দিছে

বন্ধুসকল,

দেশত প্রতিবছৰে প্রায় ৭ লাখ অভিযন্তা বিভিন্ন চৌহদৰ পৰা উত্তীৰ্ণ হৈ আছে কিন্তু একাংশই কেৱল ডিগ্রী লৈয়েই উত্তীৰ্ণ হৈ আহে, তেওঁলোকৰ মাজত দক্ষতাৰ বিকাশ বৰ বেছি নহয় মই ইয়াত উপস্থিত শিক্ষক, বুদ্ধিজীৱিৰ প্রতি আবেদন জনাইছো, এই বিষয়ে ভাৱক, কিদৰে গুনগত উন্নতি নিশ্চিত কৰিব পৰা যায়, সেই দিশত প্রস্তাৱ গ্ৰহণ কৰক কেৱল সংখ্যা হলে নহব, গুণাগুনো যেন উচ্চ হয়, সেয়া নিশ্চিত কৰাটো আপোনালোকৰ লগতে আমাৰ সকলোৰে সমান দায়িত্ব। সেইবাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

আপোনালোকে হয়তো জানে, চৰকাৰে প্রধানমন্ত্রীৰ ৰিছার্চ ফেলো প্রকল্প আৰম্ভ কৰিছে। ইয়াৰ আওঁতাত প্রতি বছৰে, সমগ্ৰ দেশৰ এক হাজাৰ মেধাবী অভিযান্তিকৰ শিক্ষার্থীক গৱেষণাৰ বাবে সাহায্য আগবঢ়োৱা হয়। তদুপৰি, ইয়াত নির্বাচিত ছাত্র-ছাত্ৰীসকলৰ পিএইচডিৰ বাবে, আইআইটি আৰু আইআইএছচিৰ দৰে প্রতিষ্ঠানত ভর্তিৰ ব্যৱস্থা কৰা থাকে। এই ফেলোশ্বিপৰ বাবে আপোনালোকক দেশৰ পৰাই সকলোধৰণৰ সুবিধা প্ৰদান কৰা হয়। আইআইটি বোম্বেৰ ছাত্র-ছাত্রীসকলেও ইয়াৰ সুযোগ গ্ৰহণ কৰা উচিৎ।

বন্ধুসকল,

ইয়াত যিমান সংখ্যক লোক উপস্থিত আছে, তেওঁলোকৰ কোনোবাজন শিক্ষক, অথবা ভৱিষ্যতৰ নেতৃত্বকাৰীঅনাগত দিনত দেশৰ বাবে বা কোনো প্রতিষ্ঠানৰ বাবে নীতি প্ৰণয়নৰ কামত জড়িত হব। আপোনালোকে যিমান প্রযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে ষ্টার্ট-আপৰ বাবে নিজা সৃষ্টি কৰিছে, এইক্ষেত্রত কি কৰিব, কেনেকৈ কৰিব, ইয়াৰ বাবে আপোনালোকে এটা সুনিশ্চিত দৃষ্টিভংগীও নিশ্চয় থাকিব পুৰণি পৰম্পৰা ত্যাগ কৰাটো সহজ নহয়। সমাজ আৰু চৰকাৰী ব্যৱস্থাতো নানা সমস্যা আছে কল্পনা কৰক, হাজাৰ বছৰে যি পদ্ধতি চলি আছিল, তাক সলনি কৰাটো কিমান কঠিন কাম কিন্তু আপোনালোকৰ ভাৱনা আৰু কামত সমৰ্পণ, প্ৰণোদন আৰু প্ৰেৰণাদায়ক হলে আপুনি সকলো বাধা অতিক্ৰম কৰি সফল হব পাৰিব। বৰ্তমানৰ চৰকাৰে আপোনালোক সকলোৰে আশা-আকাংক্ষাৰ প্ৰতি গুৰুত্ব দি কাম কৰিছে। আপোনালোকক মই অনুৰোধ জনাও যে অসফলতাৰ দুর্ভাৱনাক লৈ বহি নাথাকি প্রত্যাশাৰে মনঃসংযোগ কৰক, উচ্চ লক্ষ্য, উচ্চ ভাৱনাই আপোনালোকক অনুপ্রেৰণা যোগাব, কিন্তু অনিশ্চয়তাৰ দুর্ভাৱনাত ডুবি থাকিলে আপোনালোকৰ প্রতিভাত বাধাৰ সৃষ্টি কৰিব।

বন্ধুসকল,

কেৱল আকাংক্ষা থাকিলেই নহব, লক্ষ্যও স্থিৰ হব লাগিব আপোনালোকৰ মাজত যিসকলে আজি উত্তীৰ্ণ হৈ গৈছে অথবা পৰৱৰ্তী সময়ত উত্তীৰ্ণ হৈ যাব, আপোনালোক সকলোৱেই যিকোনো এটা প্রতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিব। কোনো প্রতিষ্ঠানৰ আধাৰশিলা গঢ় দিব মই আশাবাদী আপোনালোকে দেশৰ প্রয়োজন, দেশবাসীৰ চাহিদাৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিব এনে বহুত সমস্যা আছে, যিসমূহ আপোনালোকে নিজে বিচাৰ কৰি উলিয়াই সমাধান কৰিব

বন্ধুসকল,

১২৫ কোটি ভাৰতীয়ৰ জীৱন সহজ কৰি তোলাৰ বাবে সকলোৰে ভাৱনা-পৰামর্শৱলীৰ ওপৰত গুৰুত্ব দিব, আপোনালোকৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে চৰকাৰ সদায়েই প্ৰস্তুত আছে। সেইবাবে মই যেতিয়াই শিক্ষার্থী, বিজ্ঞানীবন্ধু, উদ্যমী ব্যক্তিৰ দৰে লোকৰ সান্নিধ্যত যেতিয়াই কথা-বতৰা পাতো, তেতিয়াই নগৰভিত্তিক ক্লাষ্টাৰছ অৱ ছায়েন্সৰ প্ৰসংগতো কথা পাতো উদ্দেশ্য এটাই সমাজৰ বিভিন্ন ক্ষেত্রৰ লোকসকলে এজনে আনজনৰ সমস্যা সম্পর্কে জানক, প্রয়োজনৰ বিষয়ে জ্ঞাত হওঁক। এই আইআইটি বোম্বেৰ দৰে প্রতিষ্ঠানক চাওক, মোক জনোৱা হৈছে, গ্রেটাৰ মুম্বাইত প্রায় ৮০০ কলেজ আৰু প্রতিষ্ঠানত প্রায় ৯.৫ লাখ যুৱক-যুৱতীয়ে অধ্যয়ন কৰি আছে। আজি যেতিয়া আমি সমাৱর্তনৰ বাবে ইয়াত মিলিত হৈছো, যিটো প্রতিষ্ঠানে হীৰক জয়ন্তী পালন কৰিছে, এই উপলক্ষে মই আপোনালোকক এটা সংকল্পৰে জড়িত কৰিব বিচাৰো যে আইআইটি বোম্বে নগৰভিত্তিক উৎকর্ষ কেন্দ্রৰ মধ্যমনি হিচাপে গঢ়ি তুলিব পৰা নহয়নে?

বন্ধুসকল,

আপোনালোকে ভালদৰে জানে যে চৰকাৰে আইন কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আইআইএম)ৰ দৰে প্রতিষ্ঠানক অধিক ক্ষমতা প্রদান কৰিছে। চৰকাৰে এই বিষয়েও জোৰ দিছে, যাতে আইআইএমৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষার্থী-প্রাক্তন শিক্ষাৰ্থীসকলে এইধৰনৰ প্রতিষ্ঠানসমূহক অধিক পৰিমাণে সক্রিয়তাৰে অৱদান আগবঢ়ায় আইআইএমৰ বোর্ড অৱ গৱৰ্ণৰতো এওঁলোকক প্রতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছেমোৰ বিশ্বাস, আইআইটিৰ দৰে প্রতিষ্ঠানেও নিজৰ প্রাক্তন শিক্ষাৰ্থীসকলৰ অভিজ্ঞতাক কামত লগাবলৈ এইধৰনৰ সিদ্ধান্ত গ্রহনৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব পাৰেইয়াত প্রাক্তন শিক্ষাৰ্থীসকলেও নিজৰ প্রতিষ্ঠানৰ বাবে কিবা এটা ভাল কৰাৰ সুযোগ লাভ কৰিব মোৰ সন্মুখত বহা শিক্ষার্থীসকল ভৱিষ্যতে প্রাক্তন হ আপোনালোকেও নিশ্চয় একমত হব যে প্রাক্তন শিক্ষাৰ্থীসকল এনে শক্তিৰ উৎস, যিসকলে প্রতিষ্ঠানক নতুন উচ্চতালৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰেমই জানিব পাৰিছো, কেৱল আইআইটি বোম্বেৰে ৫০ হাজাৰতকৈ অধিক প্রাক্তন ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিশাল সুবিধা আপোনালোকে পোৱাৰ সুযোগ আছে।

বন্ধুসকল,

আজি যি ডিগ্রী আপোনালোকে অৰ্জন কৰিছে, সেয়া আপোনালোকৰ সমৰ্পণ, নিজৰ লক্ষ্যত অবিচল থকাৰ প্রতীক। মনত ৰাখিব, এইটো কেৱল অগ্রগতিৰ একটা পৰ্যায়, বাহিৰত আপোনালোকৰ বাবে প্ৰকৃত প্ৰত্যাহ্বান অপেক্ষা কৰি আছে। আজি আপোনালোকে যি অর্জন কৰিছে আৰু পৰৱৰ্তী সময়ত যি কৰিবলৈ গৈ আছে, ইয়াত আপোনাৰ ব্যক্তিগত, পাৰিবাৰিক আৰু ১২৫ কোটি ভাৰতীয়ৰ প্রত্যাশা জড়িত আছে। আপোনালোকে যি কৰিবলৈ গৈ আছে, সেইবোৰে দেশৰ নতুন প্রজন্মৰ ভৱিষ্যৎ যেনেকৈ গঢ়ি তুলিব একেদৰে নতুন ভাৰতো শক্তিশালী হৈ উঠিব

কোটি কোটি লোকৰ আশা পূৰণৰ বাবে আপোনালোক সফল হওঁক, তাৰবাবে পুনৰবাৰ আপোনালোকক বহুত বহুত শুভেচ্ছা, বহুত বহুত অভিনন্দন জনাইছো আপোনালোকৰ মাজত অলপ সময় কটোৱাৰ সুযোগ পাই মই নিজকে ধন্য মানিছো।

বহুত বহুত ধন্যবাদ!

*****

অতুল কুমাৰ তিৱাৰী/কাঞ্চন পাতিয়াল/দিগন্ত বৈৰাগী



(Release ID: 1543652) Visitor Counter : 95