প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰুৱাণ্ডা ভ্ৰমণ কালত প্রধানমন্ত্রীৰ প্রেছ বিবৃতি

Posted On: 23 JUL 2018 11:55PM by PIB Guwahati

মাননীয় ৰাষ্ট্রপতি পল কাগামে,

সন্মানীয় প্রতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ সদস্যসকল,

এয়া ভাৰতীয় প্রধানমন্ত্রীৰ প্ৰথম ৰুৱাণ্ডা ভ্ৰমণমোৰ বন্ধুবৰ ৰাষ্ট্রপতি কাগামে ডাঙৰীয়াৰ নিমন্ত্রণ ক্ৰমে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোৰ এই সৌভাগ্য হৈছে।

ৰাষ্ট্রপতি মহোদয়ৰ বন্ধুত্বপূর্ণ কথা-বতৰা আৰু মোৰ লগতে আমাৰ প্রতিনিধিবৰ্গক জনোৱা উষ্ণ অভ্যর্থনা আৰু সন্মানৰ বাবে মই তেওঁক আন্তৰিক কৃতজ্ঞতা জনাইছোআমাক আদৰণী জনাবলৈ ৰাষ্ট্রপতি ডাঙৰীয়া নিজে বিমানবন্দৰত উপস্থিত হৈছিলতেওঁৰ এই বিশেষ উষ্ণ আন্তৰিকতাই সমগ্ৰ ভাৰতীয় নাগৰিকক সন্মানীত কৰিলেকাইলৈ পুৱা আমি কিগালি গণহত্যা স্মৃতিসৌধত শ্রদ্ধাঞ্জলি অর্পণ কৰিবলৈ যাম১৯৯৪ চনৰ সেই গণহত্যাৰ পাছত ৰুৱাণ্ডাত যি শান্তি প্রক্রিয়া আৰম্ভ হয়, সেয়া সচাকৈয়ে প্রশংসনীয় আৰু অতুলনীয়। ৰাষ্ট্রপতি কাগামেৰ দক্ষ নেতৃত্বত এক কার্যকৰী আৰু দক্ষ শাসন ব্যৱস্থাই আজি ৰুৱাণ্ডাৰ অর্থনৈতিক উন্নয়নক দ্রুতগতিত আগুৱাই লৈ গৈছে।

বন্ধুসকল,

ভাৰত আৰু ৰুৱাণ্ডাৰ সম্পর্ক সময়ৰ দ্বাৰা পৰীক্ষিত। আমাৰ বাবে গৌৰৱৰ বিষয় যে ৰুৱাণ্ডাৰ আর্থিক উন্নয়ন আৰু ৰাষ্ট্রীয় উন্নয়নৰ যাত্রাত ভাৰত আপোনালোকৰ বিশ্বস্ত অংশীদাৰৰুৱাণ্ডাৰ এই উন্নয়ন যাত্রাত ভবিষ্যতেও আমাৰ অংশগ্রহণ অব্যাহত থাকিবআমি প্রশিক্ষণ, প্রযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু প্রকল্প ৰূপায়ণৰ ক্ষেত্রতো সহযোগিতা আগবঢ়াইছোআইচিটিৰ দৰে ক্ষেত্রতো ৰুৱাণ্ডাৰ বাবে ভাৰতৰ অগ্ৰণী প্রতিষ্ঠানসমূহত প্রশিক্ষণ দিয়া হৈছেসক্ষমতা সৃষ্টিৰ ক্ষেত্রত এই সহযোগিতা আমি আৰু বৃদ্ধি কৰিমআজি আমি ২০০ মিলিয়ন ডলাৰৰ লাইন অৱ ক্রেডিট আৰু প্রশিক্ষণৰ ক্ষেত্ৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছোতদুপৰি, চর্মশিল্প আৰু দুগ্ধ গৱেষণাকেধৰি উভয় দেশৰ সহযোগিতাৰ অন্যান্য কেতবোৰ ক্ষেত্রক লৈও আলোচনা কৰিছোএই প্রসংগত মই কাইলৈ ৰাষ্ট্রপতি কাগামেৰ সৈতে ৰুবেৰু আদর্শ গাওঁ ভ্ৰমণক লৈ অধীৰ আগ্রহী হৈ আছোভাৰত এক কৃষি প্রধান দেশ। আমাৰ অধিকাংশ নাগৰিক গাঁৱত বসবাস কৰে, সেইবাবে ৰাষ্ট্রপতি ডাঙৰীয়াৰ এই প্ৰচেষ্টা আৰু গ্রাম্য জীৱন উন্নয়নত ৰুৱাণ্ডাৰ অভিজ্ঞতাৰ পৰা মই উপকৃত হব বিচাৰোনির্মাণ ক্ষেত্র, আতিথ্য আৰু পর্যটনকে ধৰি বিভিন্ন ক্ষেত্রত ভাৰত আৰু ৰুৱাণ্ডাৰ অংশীদাৰিত্ব শক্তিশালী কৰাক লৈ আমি আলোচনা কৰিছোতাৰবাবে ৰাষ্ট্ৰপতি কাগামে আৰু মই কাইলৈ দুয়ো দেশৰ প্রধান ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে মিলিত হম আৰু তেওঁলোকৰ পৰামর্শ অনুসৰি আলোচনা কৰিম

বন্ধুসকল,

মই অতি আনন্দৰে ঘোষণা কৰো যে শীঘ্রে আমি ৰুৱাণ্ডাত ভাৰতীয় উচ্ছায়ুক্ত আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছো। ইয়াৰ ফলত কেৱল উভয় চৰকাৰৰ মাজত ঘনিষ্ঠ বার্তালাপৰ সমান্তৰালভাৱে কনছুলৰ, পাৰপত্ৰ আৰু ভিছা তথা অন্যান্য সেৱাও সুলভ হৈ পৰিব কাইলৈ হবলগীয়া আলোচনাত দুয়ো দেশৰ মাজৰ সম্পর্ক আৰু অধিক উন্নীত হব বুলি মই আশাবাদী।

মই পুনৰবাৰ ৰাষ্ট্রপতি কাগামে ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু ১২৫ কোটি ভাৰতীয়ৰ হৈ ৰুৱাণ্ডাৰ জনসাধাৰণক শুভেচ্ছা জনাইছো

ধন্যবাদ

***

AKT/SH/AK/DB


(Release ID: 1540994)