প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 14 JUL 2018 9:50PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷

সৰ্বপ্ৰথমে মই আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰা আমাৰ এগৰাকী কন্যাৰ গৌৰৱ গাঁথা শুনাব বিচাৰিছোঁ৷ আপোনালোকে দেখিছে যে অসমৰ নগাঁও জিলাৰ ধিঙৰ এজনী সৰু ছোৱালী হিমা দাসে অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰিলে৷ আৰু যিসকলে দুৰদৰ্শনত দেখিলে.. মই আজি এক বিশেষ ৰূপত টুইট কৰিছোঁ৷ সেই ষ্টেডিয়ামত যিগৰাকী ধাৰাভাষ্যকাৰী আছিল তেওঁৰ বাবেও এয়া আচৰিত হবলগীয়া কথা আছিল যে বিশ্ব চেম্পিয়নসকলক পিছ পেলাই হিন্দুস্তানৰ এজনী ছোৱালী প্ৰতি ছেকেণ্ডত আগবাঢ়ি আছে আৰু সেই ধাৰাভাষ্যকাৰীজনে ইমান উত্তেজনাৰে ধাৰাভাষ্য প্ৰদান কৰি আছিল যে সেয়া শুনি হিন্দুস্তানীসকলৰ বুকু গৌৰৱত ফুলি উঠিব৷ আৰু পিছত আপোনালোকে হয়তো দেখিলে যে হিমা দাসে এটা ডাঙৰ কাম কৰিলে, তেওঁ ভাৰতৰ নাম মহিমাণ্ডিত কৰিলে৷ যেতিয়া তেওঁৰ জয় হ, তেওঁ দুহাত ওপৰলৈ তুলি ত্ৰিৰংগাৰ প্ৰতীক্ষা কৰি আছিল৷ আৰু যেতিয়াই তেওঁৰ হাতলৈ ত্ৰিৰংগা আহিল, তেওঁ ত্ৰিৰংগাখনত লহৰ তুলি অসমীয়া গামোচাখনো ডিঙিত লবলৈ নাপাহৰিলে৷ যেতিয়া তেওঁ মেডেল গ্ৰহণ কৰি আছিল, হিন্দুস্তানৰ ত্ৰিৰংগা তেতিয়া বতাহত উৰি আছিল, আৰু তেতিয়াই জন-গণ-মন আৰম্ভ হল৷ আপোনালোকে দেখিলে যে ১৮ বছৰীয়া হিমাৰ চকুৰে তেতিয়া চকুলো বৈ আছিল৷ এয়া ভাৰত মাতাৰ প্ৰতি সমৰ্পিত আছিল৷ এই দৃশ্যই স্বয়ংভাৱে এশ পচিশ কোটি ভাৰতীয়ক ন প্ৰেৰণা আৰু উদ্দীপনা প্ৰদান কৰিব৷ সৰু এখন গাঁৱৰ ধান খেতি কৰা কৃষক পৰিয়ালৰ ছোৱালী ১৮ মাহ পূৰ্বে জিলা ভিত্তিত খেলিছিল, আজি তেওঁ ১৮ মাহৰ ভিতৰতে বিশ্বৰ ভিতৰতে ভাৰতৰ নাম উজ্বলাইছে৷ মই হিমা দাসক অনেক অভিনন্দন তথা শুভকামনা জনাইছোঁ৷ আৰু আপোনালোককো কৈছোঁ যে হাত-তালিৰে হিমাৰ দাসক গৌৰৱান্বিত কৰক৷ গৌৰৱগান কৰক আমাৰ দেশৰ ছোৱালীৰ, অসমৰ এই ছোৱালীজনীয়ে সমগ্ৰ দেশৰ নাম আলোকিত কৰিলে৷ বহুত বহুত অভিনন্দন৷

ভাতৃ-ভগ্নীসকল, বাবা ভোলানাথৰ প্ৰিয় শাওন মাহ কেইদিনমানৰ পিছতে আৰম্ভ হব৷ কিছুদিনৰ পিছতেই কাশীত দেশ আৰু বিশ্বৰ শিৱভক্ত সকলে ভিৰ কৰিবহি৷ এই উৎসৱৰ প্ৰস্তুতি ধুমধামেৰে হবলৈ ধৰিছে৷ ভাতৃ আৰু ভগ্নীসকল, আজি এই উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ মাজতে মই সৰ্বপ্ৰথমে সেই পৰিয়ালসকলৰ পীড়া তথা মনোকষ্টৰ কথা কবলৈ ওলাইছোঁ যিয়ে বিগত দিনত হোৱা দুৰ্ঘটনাত নিজৰ আপোন লোকক হেৰুৱাইছে৷ বাৰাণসীত দুৰ্ঘটনা হ, অমূল্য জীৱনৰ যি ক্ষতি হল সেয়া অত্যন্তই দুখজনক৷ সকলো পীড়িত পৰিয়াললৈ মোৰ সমবেদনা জনাইছোঁ৷ আনৰ দুখত দুখী হোৱা, সহযোগ আৰু সৌহাৰ্দৰ ভাৱনাই হল কাশীৰ বিশেষত্ব৷ ভোলে বাবাৰ দৰে ভোলা স্বভাৱ, সকলোৰে দুখক নিজৰ মাজত সমাহিত কৰিব পৰা, মা গংগাৰ দৰে স্বভাৱেই হল বাৰাণসীৰ পৰিচয়৷ দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্ততে বাৰাণসীবাসীসকলে এই সংস্কাৰ কেতিয়াও নাপাহৰে৷ বন্ধুসকল, শতিকাজুৰি বাৰাণসী এইদৰেই আছে, পৰম্পৰাৰ মাজত জীয়াই আছে৷ ইয়াৰ পৌৰাণিক পৰিচয়ক নতুন উচ্চতা প্ৰদান কৰিবলৈ, কাশীক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিকশিত কৰাৰ বাবে বিগত চাৰি বছৰ ধৰি প্ৰয়াস কৰি থকা হৈছে৷ নতুন ভাৰতৰ বাবে এক নতুন বাৰাণসীৰ নিৰ্মাণ হৈ আছে, যাৰ আত্মা প্ৰাচীন হব কিন্তু কায়া নবীনতম হব৷ যত প্ৰান্তে প্ৰান্তে সংস্কৃতি আৰু সংস্কাৰ থাকিব, কিন্তু প্ৰণালীসমূহ স্মাৰ্ট ব্যৱস্থাযুক্ত হব৷ পৰিৱৰ্তিত বাৰাণসীৰ এই চিত্ৰ এতিয়া চাৰিওফালে দেখিবলৈ পোৱা গৈছে৷

আজি সংবাদ মাধ্যমত, চিয়েল মাধ্যমত কাশীৰ পথ, পদূলি, অলি-গলি, ঘাট আৰু পুখুৰীৰ আলোকচিত্ৰ যিয়েই দেখিছে তেওঁৰ মন প্ৰফুল্লিত হৈ উঠিছে৷ মূৰৰ ওপৰত ওলমি থকা বিদ্যুতৰ তাঁৰ আজি নোহোৱা হৈ পৰিছে৷ পথ সমূহ প্ৰকাশেৰ উজ্বলি উঠিছে৷ ৰং-বিৰঙী পানীৰ ফোঁৱাৰাৰ দৃশ্যই হৃদয় স্পৰ্শ কৰিছে৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত বাৰাণসীত দহ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু এই গতি নিৰৱচ্ছিন্ন হব৷ ২০১৪ চনৰ পিছত আমি বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলোঁ৷ পূৰ্বৰ চৰকাৰে কাশীৰ বিকাশৰ বাবে সহযোগ কৰা নাছিল, সহযোগটো দূৰৰ কথা, তেওঁলোকে বাধা প্ৰদান কৰি আছিল৷ যেতিয়াই আপোনাকে বহুমত প্ৰদান কৰি লক্ষ্ণৌত ভাজপা চৰকাৰক অধিষ্ঠিত কৰিলে তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ বিকাশৰ গতি ক্ষীপ্ৰ হল৷ এই যাত্ৰা অবিৰত ৰাখি অলপতে মই প্ৰায় এক হাজাৰ কোটি টকাৰ যোজনাৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰিছোঁ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ এয়া ত্ৰিশতকৈও অধিক প্ৰকল্প ইয়াৰ পথ, পৰিবহণ, পানীৰ যোগান, নলা-নৰ্দমা, ৰন্ধন গেছ, স্বচ্ছতা আৰু এই চহৰৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰোপৰি আয়কৰ ত্ৰিবুনেলৰ ছাৰ্কিট বেঞ্চ আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ সুবিধাৰ জৰিয়তে ইয়াৰ জনতা উপকৃত হব৷

ভাতৃ আৰু ভগ্নীকল, বাৰাণসীলৈ যি পৰিৱৰ্তন আহিছে, তাৰে লাভ গাঁৱৰ লোকসকলে প্ৰাপ্ত কৰিছে৷ এই গাঁওসমূহত পেয় জলৰ সৈতে জড়িত অনেক যোজনাৰো আজি উচৰ্গা কৰা হৈছে৷ ইয়াত যি কৃষক ভাই-ভনীসকল জড়িত হৈ আছে, তেওঁলোকক মই বিশেষ অভিনন্দন জনাইছোঁ৷ এই সভাস্থলীৰ কাষতেই পেৰিশ্বেবেল কাৰ্গো কেন্দ্ৰ আছে, যি বৰ্তমানে প্ৰস্তুত হৈ উঠিছে৷ এয়া মোৰ সৌভাগ্য যে তাৰে মই আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো আৰু সেয়া উচৰ্গা কৰাৰো অৱকাশ পালো৷ বন্ধুসকল, এই কাৰ্গো কেন্দ্ৰ ইয়াৰ কৃষকসকলৰ বাবে এক বৰদান স্বৰূপ হৈ উঠিব৷ আলু, মটৰ, বিলাহী আদিৰ দৰে পাচলি যি অতি সোনকালে নষ্ট হৈ যায় সেয়া সঞ্চয় কৰাৰ উচিত ব্যৱস্থা কৰা হৈছে৷ এতিয়াৰে পৰা আপোনালেকে ফল-পাচলি আদি পচি যোৱাৰ লোকচান ভৰিব নালাগে৷ ৰেলৱে ষ্টেচনো যথেষ্ট দূৰ নহয়৷ ইয়াৰ জৰিয়তে এতিয়া পাচলি আৰু ফলসমূহ দূৰ চহৰলৈ প্ৰেৰণ কৰাও সহজ হৈ উঠিব৷

ভাতৃ আৰু ভগ্নীসকল, পৰিবহণৰ দ্বাৰা পৰিৱৰ্তন, এই পথত এই চৰকাৰ ক্ষীপ্ৰ গতিৰে আগবাঢ়ি আছে৷ বিশেষ ৰূপত দেশৰ এই পূব অংশত আমাৰ অধিক লক্ষ্য প্ৰদান কৰা হৈছে৷ কিছু দেৰি পূৰ্বে আজমগড়ত হোৱা দেশৰ সবাতোকৈ দীৰ্ঘতম এক্সপ্ৰেছ ৱেৰ আধাৰশিলা স্থাপনো এই দৃষ্টিকোণৰে এক অংশ৷

বন্ধুসকল, কাশী নগৰী সদায়েই মোক্ষদায়িনী হিচাপে পৰিচিত হৈ আহিছে আৰু জীৱনৰ সন্ধানত ইয়ালৈ অহা লোকৰ সংখ্যা কম নহয়৷ কিন্তু এতিয়া জীৱনলৈ অহা সংকটসমূহ চিকিৎসা বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰাৰ কেন্দ্ৰও নিৰ্মাণ হবলৈ ধৰিছে৷ আপোনালোকৰ সহযোগত বাৰাণসী পূব ভাৰতৰ এক স্বাস্থ্য কেন্দ্ৰলৈ পৰিণত হব ধৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত বিখ্যাত আমাৰ বিএইচইউ আজি চিকিৎসাৰ ক্ষেত্ৰতো পৰিচিত হবলৈ ধৰিছে৷ আপোনালোকে জানি সুখী হব যে অলপতে বিএইচইউয়ে এইমছৰ সৈতে এক বিশ্বমানৰ স্বাস্থ্য প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ বাবে সহযোগিতাৰ চুক্তি কৰিছে৷ এইদৰে ইয়াৰ আৰম্ভণি হৈছে আৰু শীঘ্ৰেই ইয়াৰ পৰিণাম আপোনালেকে দেখিবলৈ পাব৷ এই ক্ষেত্ৰত বাৰাণসীৰ বাসিন্দাসকল তথা ইয়ালৈ অহা-যোৱা কৰা লোকৰ বাবেও সংযোগৰ সুবিধা অতিশয় প্ৰয়োজনীয়৷ সেইবাবে পথেই হওক অথবা ৰেলেই হওক, অনেক নতুন সুবিধা আজি কাশীয়ে প্ৰাপ্ত কৰিছে৷ এই দিশত ইয়াত কেণ্ট ৰেলৱে ষ্টেচনক নতুন ৰূপত সজোৱাৰ কাম চলি আছে৷ বাৰাণসীৰ পৰা বাল্লিয়ালৈ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰে পৰা এই খণ্ডত মেমৰেলো চলিবলৈ ধৰিছে৷ অলপতে মই সেউজীয়া পতাকা দেখুৱাই ৰেলখনক বিদায় দিলো৷ এতিয়া ৰাতিপুৱা এই ৰেলেৰে বাল্লিয়া আৰু গাজীপুৰৰ লোক ইয়ালৈ আহিব পাৰিব আৰু নিজৰ কাম কৰি সন্ধিয়া এই ৰেলেৰে ঘূৰি যাবলৈ পাৰিব৷ এতিয়া দীৰ্ঘ দূৰত্বৰ ৰেলত ভীৰৰ পৰা জনতাই সকাহ পাব৷

বন্ধুসকল, ইয়াত কাশীৰ ভক্তসকলক, শ্ৰদ্ধাৱানসকলক অধিক সুবিধা দিয়াৰ প্ৰয়াস অব্যাহত আছে৷ দেশ আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা যিসকল ভক্ত এই কাশীলৈ আহে তেওঁলোকৰ ভ্ৰমণত অসুবিধা নহবলৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ পাঞ্চকোশী মাৰ্গৰ উচ্চতাকৰণৰ কাম আজিৰে পৰা আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে কাশীত আস্থা আৰু সাংস্কৃতিক মহত্বৰ যিবোৰ স্থান আছে সেইসমূহ সংযোগ কৰি বহুতো পথৰ হয় মেৰামতি অথবা নতুনকৈ নিৰ্মাণ কৰা হৈছে৷ এই পথসমূহো কিছুদেৰি পূৰ্বে জনতালৈ উচৰ্গা কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, কাশী পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰৰ সৈতে সংযোজিত হৈছে৷ আজি ইয়াত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ ৰুদ্ৰাক্ষৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ দুবছৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ পৰম মিত্ৰ ছিনজো আবে মহোদয়ে যেতিয়া মোৰ সৈতে কাশীলৈ আহিছিল, তেতিয়া তেওঁ এই উপহাৰ ভাৰতক, কাশীবাসীক প্ৰদান কৰিছিল৷ অনাগত ডেৰ-দুই বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হব৷ আপোনালোক সমূহ কাশীবাসীৰ তৰফৰ পৰা, দেশবাসীৰ তৰফৰ পৰা এই উপহাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান ছিনজো আবে মহোদয়ক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল, মই সুখী যে কেৱল কাশীয়েই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশত পৰ্যটনক যোগী মহোদয়ে আৰু তেওঁৰ দলে গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ বাবে স্বচ্ছতা আৰু ধৰোহৰসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত আগবাঢ়িব ধৰিছে৷ বিশেষৰূপত স্বচ্ছতা, স্বচ্ছ ভাৰত অভিযানক যিদৰে আপোনালোক সকলোৱে উত্তৰ প্ৰদেশত আগবঢ়াই লৈ গৈছে, সেয়া অতিশয় প্ৰশংসনীয়৷ স্বচ্ছ, সুন্দৰ আৰু স্বাস্থ্যকৰ ভাৰতৰ বাবে আপোনালোকৰ অৱদান অতিশয় প্ৰশংসনীয়৷ বন্ধুসকল, কাশীৰ মহত্ব, ইয়াৰ ঐতিহ্য বৰ্তাই ৰাখিবলৈ আপোনালোকে যিবোৰ কৰিছে সেয়া অতুলনীয়৷

কিন্তু আমি চাৰি বছৰৰ পূৰ্বৰ দিনসমূহৰ কথাও পাহৰিব নালাগে, যেতিয়া বাৰাণসীৰ ব্যৱস্থা সংকটময় আছিল৷ সকলোফালে জাৱৰ-জোঁথৰ, লেতেৰা, বেয়া পথ, ভৰ্তি নৰ্দমা, খুটাত ওলমি থকা বিদ্যুতৰ তাঁৰ, পথৰ ভিৰ, বাবদপুৰা বিমানবন্দৰৰ সৈতে সংযোজিত পথৰ অৱস্থা হয়তো আপোনালোকে পাহৰা নাই৷ কিমান লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল, কিমানে বিমান হেৰুৱাবলগীয়া হৈছিল৷ এনে অৱস্থা হৈছিল যে জনতাই দুৰ্ভোগৰ পৰা বাচিবলৈ বিমানবন্দৰৰ পৰিৱৰ্তে কেণ্ট ৰেলৱে ষ্টেচনৰ আশ্ৰয় লৈছিল৷ গংগা নদীৰ, ঘাটসমূহৰ কি অৱস্থা হৈছিল সেয়া সকলোৱে জানে৷ কিদৰে সমগ্ৰ চহৰ আৰু গাঁৱৰ জাবৰ-জোঁথৰসমূহ গংগাত পেলোৱা হৈছিল৷ পূৰ্বৰ চৰকাৰে এই সকলো ঘটনাক আওকাণ কৰিছিল৷ গংগাৰ নামত কিমান ধনৰ শৰাধ হল তাৰ কোনো হিচাপ নাই৷ এফালে গংগাৰ সোঁতত সংকট সৃষ্টি হৈছিল, গংগাৰ পানীৰ শুদ্ধতাত সংকট আছিল আৰু আনটো ফালে কিছুমান লোকৰ ভঁৰাল দিনে দিনে ভৰ্তি হৈ গৈছিল৷ এনে পৰিস্থিতিত গংগাক স্বচ্ছ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হল৷ আজি মা গংগাক নিৰ্মল কৰাৰ অভিযান ক্ষীপ্ৰ গতিত আগবাঢ়িবলৈ ধৰিছে৷ কেৱল বাৰাণসীয়েই নহয়, গংগোত্ৰীৰ পৰা আৰম্ভ কৰি গংগা সাগৰলৈ এই প্ৰয়াস কৰা হৈছে৷ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, চহৰৰ আৱৰ্জনাসমূহ যাতে গংগাত নপৰে ইয়াৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ২১ হাজাৰ কোটিৰ দুশতকৈও অধিক যোজনাৰ অনুমোদন জনোৱা হৈছে৷ কিছু দেৰী পূৰ্বে নৰ্দমাৰ সৈতে জড়িত কিছুমান প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰা হৈছে৷ বন্ধুসকল, চৰকাৰে এয়াও নিশ্চিত কৰিছে যে যি নৰ্দমা ব্যৱস্থা নিৰ্মাণ কৰা হৈছে সেয়া যাতে সঠিক ৰূপত কাৰ্যক্ষম হৈ থাকে, সুচাৰু ৰূপত চলক, কাৰণ পূৰ্বৰ চৰকাৰৰ এয়া সংস্কৃতি নাছিল যে ব্যৱস্থা নিৰ্মাণ কৰাটো হৈছিল কিন্তু সেয়া যাতে দীৰ্ঘসময়ৰ বাবে কাৰ্যক্ষম হৈ থাকে এই ব্যৱস্থা নাছিল৷ এতিয়া যিবোৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ সৈতে এয়া সুনিশ্চিত কৰা হৈছে যে সেয়া ন্যূনতম ১৫ বছৰলৈ যাতে কাৰ্যক্ষম হৈ থাকে৷ অৰ্থাৎ আমাৰ গুৰুত্ব কেৱল নৰ্দমা প্ৰকল্প নিৰ্মাণ কৰাই নহয়, সেয়া কাৰ্যক্ষম কৰাও৷ ইয়াত সময় আৰু শ্ৰমৰ অধিক প্ৰয়োজন হয় কিন্তু এটা স্থায়ী ব্যৱস্থা নিৰ্মিত হয়৷ অনাগত সময়ত ইয়াৰ পৰিণাম বাৰাণসীৰ বাসিন্দাসকলেও প্ৰত্যক্ষ কৰিব পাৰিব৷

ভাতৃ আৰু ভগ্নীসকল, এই যিবোৰ কাম আজি হৈ আছে সেয়াই বাৰাণসীক স্মাৰ্ট চিটীলৈ পৰিবৰ্তন কৰিব৷ ইয়াত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাম ক্ষীপ্ৰ গতিত হবলৈ ধৰিছে৷ সমগ্ৰ দেশৰ প্ৰশাসনৰ, ৰাজহুৱা সুবিধাৰ নিয়ন্ত্ৰণ ইয়াৰ পৰাই হব৷ এনেকুৱা প্ৰায় ১০ টা প্ৰকল্পৰ কাম চলি আছে৷ বন্ধুসকল, স্মাৰ্ট চিটী কেৱল চহৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰকল্প নহয়, ই দেশক এক নতুন পৰিচয় দিয়াৰ অভিযান৷ এয়া যুৱ ভাৰত, নতুন ভাৰতৰ প্ৰতীক৷ এইদৰে মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ অভিযান জন সাধাৰণৰ জীৱনক সুগম আৰু সহজ কৰি তোলাৰ বাবে কৰা হৈছে৷ ইয়াত আমাৰ উত্তৰ প্ৰদেশেও অগ্ৰণী ভূমিকা পালন কৰিছে৷ মই যোগী মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ যে তেওঁলোকে যি উদ্যোগ নীতি নিৰ্মাণ কৰিছে, বিনিয়োগৰ বাবে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ পৰিণাম আজি প্ৰাপ্ত হৈছে৷ কিছু দিন পূৰ্বে নইডাত মই ছেমছাঙৰ ফোন প্ৰস্তুত কৰা, বিশ্বৰ সবাতোকৈ বৃহৎ কাৰখানাৰ উচৰ্গা কৰাৰ অৱকাশ পাইছিলো৷ ইয়াৰ দ্বাৰা সহস্ৰজনে নিয়োজনৰ সুবিধা পাব৷ আপোনালোকে এয়া জানি গৌৰৱান্বিত হব যে বিগত চাৰিটা বৰ্ষত মবাইল নিৰ্মাণৰ কাৰখানা দুইৰ পৰা বৃদ্ধি হৈ ১২০ হৈছেগৈ, ৰ ৫০ টাতকৈও অধিক কাৰখানা আমাৰ উত্তৰ প্ৰদেশত আছে৷ এই কাৰখানাসমূহে চাৰি লাখতকৈও অধিক যুৱ সম্প্ৰদায়ক নিয়োজনৰ সুবিধা প্ৰদান কৰিছে৷

বন্ধুসকল, ‘মেক ইন ইণ্ডিয়াৰ সৈতে ডিজিটেল ভাৰতো নিয়োজনৰ এক উল্লেখযোগ্য মাধ্যম হিচাপে পৰিগণিত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি ইয়াত টাটা কনছালটেন্সি ছাৰ্ভিচেছ অৰ্থাৎ টিচিএছৰ বিপিঅৰ শুভাৰম্ভ হৈছে৷ এই কেন্দ্ৰই বাৰাণসীৰ যুৱ সমাজৰ বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিব৷ ভাতৃ-ভগ্নীসকল, যেতিয়া নিয়োজনৰ কথা আহে তেতিয়া ইয়াতো চৰকাৰে মাতৃ-ভগ্নীসকলৰ প্ৰতি বিশেষ ধ্যান দিয়ে৷ স্ব-ৰোজগাৰৰ বাবে মুদ্ৰা যোজনাৰ মাধ্যত বিনা গেৰান্টীৰ সৈতে ঋণ অথবা এলপিজিৰ বিনামূলীয়া চিলিণ্ডাৰ আদিৰ জৰিয়তে দুখীয়া মাতৃ আৰু ভনীসকলকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ পৰিষ্কাৰ ইন্ধন যাতে সকলোৰে প্ৰাপ্ত হয় তাৰ বাবে ইয়াত কাশীত বহু ডাঙৰ প্ৰকল্প আৰম্ভ হৈছে৷ আজি উচৰ্গা কৰা চিটী গেছ বিতৰণ ব্যৱস্থাও ইয়াৰে এটা অংশ৷ ইয়াৰ বাবে এলাহাবাদৰ পৰা বাৰাণসীলৈ পাইপ লাইন বহুওৱা হৈছে৷ মই সুখী যে এতিয়ালৈ বাৰাণসীত আঠ হাজাৰ ঘৰত পাইপযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে ইয়াক ৪০ হাজাৰ ঘৰলৈ প্ৰেৰণৰ বাবে কাম চলি আছে৷ বন্ধুসকল, এয়া কেৱল ইন্ধনৰ সৈতে জড়িত ব্যৱস্থাই নহয়, চহৰৰ সমগ্ৰ পৰিৱেশতন্ত্ৰ পৰিৱৰ্তনৰ কৰাৰো ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷ পিএনজিয়েই হওক অথবা চিএনজি, এই আন্তঃগাঁথনিয়ে চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিব৷ আপোনালোকে চিন্তা কৰক, যেতিয়া বাৰাণসীৰ কোনো বাছ, গাড়ী অথবা অটো চিএনজিৰ দ্বাৰা চালিত হব তেতিয়া ইয়াৰ সৈতে জড়িত কিমান নতুন নিয়োজনৰ সৃষ্টি হব৷

বন্ধুসকল, যেতিয়াই মই জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোঁ অথবা কোনো ভাৰতীয়ই যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু যেতিয়াই তেওঁ সুবিধা পায় তেতিয়াই মই দেখোঁ যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কাশীত যি অভিজ্ঞতা প্ৰাপ্ত কৰিছিল, কাশীৰ লোকে তেওঁৰ যি স্বাগত কৰিছিল সেই কথা তেওঁ বাৰে বাৰে দোহাৰে৷ কাশীৰ গৌৰৱগান কৰে৷ কিছুদিন পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মোৰ সৈতে ইয়ালৈ আহিছিল আৰু কাশীৰ জনতাই তেওঁক যি স্বাগতম জনালে, তেওঁক যি সন্মান প্ৰদৰ্শন কৰিলে, সমগ্ৰ ফ্ৰান্সে আজি গৌৰৱেৰে সেই কথা সদৰী কৰে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়েও এই কথা কয়৷ এয়া কাশীৰ পৰম্পৰা, এয়া কাশীৰ আপোনত্ব৷ এই কাশীয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে৷ এয়া কাশীৰ মৰম, অতুলনীয় স্নেহ৷ মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আপোনালোকে পুনৰ বাৰ সুযোগ পাইছে কাশীৰৰ আত্মীয়তা, মৰম-চেনেহ, আতিথ্য বিশ্বৰ সন্মুখত প্ৰদৰ্শিত কৰিবলৈ৷ আপোনালোকে পূৰ্ণ প্ৰস্তুতি কৰিবনে? সুন্দৰ স্বাগতম জনাবনে? কাশীৰ নাম উজ্বলাবনে? এজন এজন অতিথিৰ গুণগান কৰিবনে? নিশ্চয়কৈ কৰিবনে? প্ৰতিজ্ঞা কৰক৷ চাওক, জানুৱাৰী মাহত ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ কাশীত প্ৰৱাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে৷ সমগ্ৰ দেশৰ পৰা ভাৰতীয় লোক এই প্ৰৱাসী ভাৰতীয় দিৱসলৈ আহিব৷ সমগ্ৰ বিশ্বতে যিমানবোৰ ভাৰতীয় উদ্যোগপতি আছে, ৰাজনীতিত আছে, চৰকাৰত আছে, এই সকলো ব্যক্তি একেলগে ২১ৰ পৰা ২৩ জানুৱাৰীলৈ কাশীলৈ আহিব৷ কিছুমানটো এনে লোক আহিব যিসকলৰ তিনিটা বা চাৰিটা পুৰুষৰ পূৰ্বেই ভাৰত এৰি বিদেশলৈ গুচি গৈছে, তাৰ পিছৰে পৰা কেতিয়াও ঘূৰি অহা নাই৷ এনে লোকৰ সন্তানৰো প্ৰথমবাৰলৈ এই ভূমি দৰ্শন হব৷ মোক কওক, এয়া কাশীবাসীৰ বাবে গৌৰৱৰ কথা হয়নে নহয়? এনেলোকৰ স্বাগতমৰ প্ৰস্তুতি আমি কৰিব লাগে নে নালাগে? প্ৰতিটো চুবুৰীত সমগ্ৰ বিশ্বৰ পৰা অহা অতিথিৰ স্বাগতমৰ পৰিৱেশ সৃষ্টি হব লাগে নে নালাগে? সমগ্ৰ বিশ্বতে কাশীৰ বাহঃ বাহঃ হব লাগে নে নালাগে? এতিয়াৰ পৰাই প্ৰস্তুতি কৰক আৰু ২১ৰ পৰা ২৩লৈ তেওঁলোক ইয়াত থাকিব আৰু সকলো অতিথি ২৪ তাৰিখে প্ৰয়াগৰাজ কুম্ভৰ দৰ্শনৰ বাবে যাব আৰু ২৬ জানুৱাৰীত দিল্লীলৈ যাব৷ মোৰ কাশীবাসীৰ পৰা মই আতিথ্যৰ আহ্বান কৰিছোঁ৷ আৰু মই এজন কাশীবাসীৰ ৰূপত আপোনালোকৰ কান্ধত কান্ধ মিলাই ২১ তাৰিখে আপোনালোকৰ সৈতে থাকিম৷ এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা ভাৰতৰ মানুহ আহি আছে৷ এয়া এক গুৰুত্বপূৰ্ণ ঘটনা আৰু সেইবাবে মই আপোনালোক সকলোকে তেওঁলোকৰ স্বাগতমৰ প্ৰস্তুতিৰ বাবে নিমন্ত্ৰণ জনাইছোঁ৷

মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আজি মই আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ পালো৷ আপোনালোক সকলোলৈ অনেক যোজনাৰ উচৰ্গা তথা আধাৰশিলা স্থাপনৰ সুযোগ পালো৷ আপোনালোকৰ সাংসদৰ ৰূপত মোৰ এয়া দায়িত্ব যে মই আপোনালোকৰ যিমানেই কামত আহিম, যিমানেই পৰিশ্ৰম আপোনালোকৰ বাবে কৰিম, মই কৰি আছো, কৰি থাকিম৷ মই পুনৰ বাবে মোৰ কাশীবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ৷ মোৰ সৈতে একেলগে কওক- হৰ হৰ মহাদেৱ৷ বহুত বহুত ধন্যবাদ৷         

***

अतुल कुमार तिवारी / अभिनव प्रसून / तारा/MANN



(Release ID: 1538855) Visitor Counter : 82


Read this release in: English , Marathi , Bengali , Tamil