প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰত ৰামায়ণ দৰ্শনম প্ৰদৰ্শনীৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিং যোগে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 13 JAN 2017 11:16AM by PIB Guwahati

শ্ৰদ্ধাৰ মুৰাৰী বাপুজী, বিবেকানন্দ কেন্দ্ৰৰ ৰাষ্ট্ৰপতি শ্ৰী পি পৰমেশ্বৰণ মহোদয়, মোৰ মন্ত্ৰালয়ৰ সহকৰ্মী পণ্ডিত ৰাধাকৃষ্ণণ মহোদয়, বিবেকানন্দ আশ্ৰমৰ স্বামী চৈতন্যনন্দ মহোদয়, বালাকৃষ্ণ মহোদয়, ভানুদাস মহোদয়, বিবেকানন্দ কেন্দ্ৰৰ উপ সভাপতি নিবেদিতা মহোদয়া আৰু মোৰ বন্ধুসকল!

মই আপোনালোকৰ মাজত সোঁ-শৰীৰে থাকিবলৈ বেছি ভাল পালো হয়, কিন্তু প্ৰযুক্তিৰ শক্তিক ধন্যবাদ যে আমি এই অনুষ্ঠানত সন্মিলিত পাৰিছোঁ৷ আৰু যিকোনো ক্ষেত্ৰতে, মই অতিথি নহয়, মই এই পৰিয়ালৰ সদস্যহে৷ মই আপোনালোকৰ মাজৰ এজন৷

১২ জানুৱাৰী- এইটো এটা সাধাৰণ দিন নহয়৷ এই দিনটো ইতিহাসত ভাৰতে এজন মহান চিন্তাবিদ, এজন পথ প্ৰদৰ্শক আৰু এজন নিষ্ঠাৱান কৰ্মীৰ জন্মৰ জৰিয়তে আশীৰ্বাদ প্ৰাপ্ত কৰিছিল বুলি খোদিত হৈছে যিয়ে ভাৰতৰ বাৰ্তা সমগ্ৰ বিশ্বৰ মাজত প্ৰচাৰ কৰিছিল৷

মই স্বামী বিবেকানন্দলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ৷ তেওঁৰ বিশাল শক্তিশালী চিন্তাই বিভিন্নজনৰ মনক স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছিল৷

আজি বিবেকানন্দপুৰমত  ৰামায়ন দৰ্শন আৰু ভাৰত মাতা সদনাম জনসাধাৰণলৈ উৎসৰ্গিত কৰা হৈছে৷ এটা শিলেৰে নিৰ্মিত হনুমানজীৰ ২৭ ফুট ওখ মূৰ্তি স্থাপন কৰা হৈছে৷ এই সন্দৰ্ভত আপোনালোকে প্ৰস্তুত কৰা ভিডিঅটো মই দেখিছোঁ৷ আৰু ইয়াক চোৱাৰ পিছত মই পাৰো যে মূৰ্তিটোত দেৱত্ব আৰু মহিমা প্ৰকাশ পাইছে৷ বিবেকানন্দ কেন্দ্ৰৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় একনাথ ৰানাডেৰ ৰ্ট্ৰেইট এখনো আজি উন্মোচন কৰা হৈছে৷ আজিৰ অনুষ্ঠানটোৰ বাবে মই আপোনালোকক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ৷

ভাতৃ আৰু ভগ্নীসকল, আজি আপোনালোক উপস্থিত থকা স্থানটো এক সাধাৰণ স্থান নহয়৷ এয়া দেশৰ এক পৱিত্ৰ ভূমি৷ যদি হনুমানজীয়ে তেওঁৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিল তেন্তে এই স্থানতেই পাইছিল আৰু কেৱল জাম্বৱন্তই তেওঁৰ জীৱনৰ উদ্দেশ্য আৰু ভগৱান ৰামৰ প্ৰতি তেওঁৰ কৰণীয়সমূহ সোঁৱৰাই দিয়াৰ ফলতহে৷ এই ভূমিতে মা পাৰ্বতী, কন্যাকুমাৰীয়ে তেওঁৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিল৷ এই ভূমিতেই মহান সমাজ সংস্কাৰক সন্ত থিৰুৱাল্লুৱৰে দুই হাজাৰ বছৰ পূৰ্বে তেওঁৰ জীৱনৰ জ্ঞানৰ অমৃত বিচাৰি পাইছিল৷ এই ভূমিতেই স্বামী বিবেকানন্দইও তেওঁৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিল৷ তেওঁ জীৱনৰ উদ্দেশ্য সম্পৰ্কে অৱগত হৈছিল আৰু ইয়াত ধ্যান সম্পন্ন কৰাৰ পিছত সেই উদ্দেশ্য প্ৰণয়নৰ নিৰ্দেশনা বিচাৰি পাইছিল৷ এয়াই সেই স্থান একনাথ ৰানাডেয়ে জীৱনৰ ছন্দ বিচাৰি পাইছিল৷ নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷ তেওঁ নিজৰ জীৱন এই উদ্দেশ্য সাধনতেই পাৰ কৰিছিল৷ মই এই পৱিত্ৰ ভূমিৰ প্ৰতি সহস্ৰবাৰ মূৰ দোৱাইছোঁ৷

যেতিয়া আমি একনাথ ৰানাডেৰ জন্ম শতবাৰ্ষিকী পালন কৰিছিলো তেতিয়া মই কৈছিলো যে এয়াই যুৱ প্ৰজন্মক জাগ্ৰত কৰোৱাৰ সময়৷ আমাৰ ভাৰত এখন যুৱ দেশ, স্বৰ্গীয় জ্যোতিৰে আভাসিত লাগে৷ আজি সমগ্ৰ বিশ্বই ভাৰতৰ দৈৱিক অভিজ্ঞতাৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ দুখীয়া, ভাৰতৰ উৎপীড়িত, শোষিত আৰু বঞ্চিত জনতাই দেশৰ মহিমাৰ বাবে আশা পুহি ৰাখিছে৷ আমি দেশক বিশ্বৰ বাবে দৈৱত্ব আৰু দেশৰ বাবে মহিমামণ্ডিত- এই দুয়োটা দিশত গঢ় দিয়াৰ দিশত আগবাঢ়িছোঁ৷

ভাতৃ আৰু ভগ্নীসকল, আজি ভাৰত বিশ্বৰ ভিতৰতে যুৱ দেশ৷ এক যুৱ দেশ৷ দেশৰ ৮০০ মিলিয়নতকৈও অধিক লোক ৩৫ বৰ্ষৰ তলত৷ আজি স্বামী বিবেকানন্দ আমাৰ মাজত নাই, মানৱীয় ৰূপত নাই, কিন্ত তেওঁৰ আদৰ্শ আজিও ইমান শক্তিশালী আৰু উৎসাহদায়ী যে যুৱ প্ৰজন্মক উৎসাহিত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শন কৰিব পাৰে৷ একনাথ ৰানাডেয়ে যুৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বিবেকানন্দ কেন্দ্ৰ আৰু স্বামী বিবেকানন্দ মেমৰিয়েল স্থাপন কৰিছিল৷ তেওঁ কৈছিল যে কেৱল স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপন কৰিলেই একো পৰিৱৰ্তন নহব৷ নিৰৱচ্ছিন্নভাৱে দেশৰ প্ৰতি অৰিহণা আগবঢ়াই স্বামী বিবেকানন্দৰ সপোনক বাস্তৱায়িত কৰাটোৱেই তেওঁ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল৷

বিবেকানন্দজী দৰে যুৱকৰ বিকাশৰ লক্ষ্যতেই একনাথজীয়ে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গিত কৰিছিল৷ তেওঁ সদায়েই স্বামী বিবেকানন্দই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰদৰ্শিত কৰা মূল্যবোধ বিবেকক নিজৰ মনঃস্থাপিত কৰিছিল৷ এয়া মোৰ সৌভাগ্য যে একনাথজীৰ সৈতে মই বহু বৰ্ষ একেলগে কাম কৰাৰ সুযোগ পাইছিলো৷ এই ভূমিতেই কেৱল তেওঁৰ সংগত মোৰ জীৱন বিকশিত কৰাৰ বাবে বহু অৱকাশ পাইছিলো৷

একনাথ ৰানাডেৰ জন্ম শতবাৰ্ষিকীত এয়া সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ সংস্কৃতি আৰু চিন্তাধাৰাত ৰামায়ণৰ প্ৰভাৱ সম্পৰ্কে এক প্ৰদৰ্শনী আৰম্ভ কৰা৷ আৰু আজি তাৰ ফলস্বৰূপেই ৰামায়ন দৰ্শনম আমাৰ মাজত উদ্ভাসিত হৈছে৷ আৰু মই নিশ্চিত যে যিসকল বিদেশী পৰ্যটক মেমৰিয়েল দৰ্শন কৰিবলৈ আহে, তেওঁলোকক এই ৰামায়ণ দৰ্শনমে বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিব৷ দেশৰ প্ৰতিটো প্ৰান্ততে শ্ৰী ৰামে নিবাস কৰি আছে৷ তেওঁ সকলোৰে মানসত আছে৷ আৰু সেইবাবে যেতিয়া আমি শ্ৰী ৰামৰ কথা ভাবোঁ তেতিয়াই শ্ৰী ৰামক এজন আদৰ্শ পুত্ৰ, আদৰ্শ ভাতৃ, আদৰ্শ স্বামী, আদৰ্শ বন্ধু আৰু আদৰ্শ শাসকৰ ৰূপত দেখা পাওঁ৷ অযোধ্যা এখন আদৰ্শ নগৰ আছিল আৰু ৰাম ৰাজ্য (ভগৱান ৰামৰ শাসন ব্যৱস্থা) আছিল এক আদৰ্শ শাসন ব্যৱস্থা আৰু সেইবাবে ভগৱান ৰাম আৰু তেওঁৰ ৰাজত্বই দেশৰ মহান আত্মাক সময়ে সময়ে তেওঁলোকৰ ধৰণে ৰামায়নক ব্যাখ্যা কৰাৰ বাবে উৎসাহিত কৰি আহিছে৷ এই সমগ্ৰ ব্যাখ্যা ৰামায়ন দৰ্শনমত প্ৰতিফলিত হৈছে৷ মহান কবি কাম্বনে কৌশলৰ ৰাজত্বৰ লগতে কাম্ব ৰামায়ণকো সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ তেওঁ তামিলত লিখাখিনি মই ইংৰাজীলৈ অনুবাদ কৰিছোঁ:  

None were generous in that land as

None was needy;

None seemed brave as none defied;

Truth was unnoticed as there were no liars;

No learning stood out as all were learned.

Since no one in that City ever stopped learning

None was ignorant and none fully learned;

Since all alike had all the wealth

None was poor and none was rich.

এইদৰেই কাম্বনে ৰাম ৰাজ্য (ভগৱান ৰামৰ শাসন ব্যৱস্থা) উপস্থাপন কৰিছিল৷ এই আদৰ্শৰ ফলস্বৰূপেই মহাত্মা গান্ধীয়ে ৰাম ৰাজ্যৰ বিষয়ে সদৰী কৰিছিল৷ নিশ্চিতভাৱে এক এনে ব্যৱস্থা ব্যক্তিজন গুৰুত্বপূৰ্ণ নহৈ আদৰ্শসমূহহে গুৰুত্ব লাভ কৰিছিল৷

গোস্বামী তুলসীদাসে ৰামচৰিত মানসত ৰাম ৰাজ্যৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে৷ ৰাজ ৰাজ্যৰ অৰ্থ তাত কোনো দুখীয়া নাথাকিব, কোনো দুখত নাথাকিব, কোনেও কাকো ঘৃণা নকৰিব, সকলো স্বাস্থ্যৱান তথা শিক্ষিত ব৷ তাত প্ৰকৃতি আৰু মানৱৰ মাজত ভাৰসাম্যতা থাকিব৷ তেওঁ লিখিছিল-

दैहिक दैविक भौतिक तापा, राम राज नहिं काहुहि व्यापा।

सब नर करहिं परस्पर प्रीती, चलहिं स्वधर्म निरत श्रुति नीति।

अल्पमृत्यु नहिं कवनिउ पीरा, सब सुंदर सब बिरुज सरीरा।

नहिं दरिद्र कोउ दुखी दीना, नहिं कोउ अबुध लच्छन हीना।

 

ৰামে ৰাৱণক বধ কৰি মহান হোৱা নাছিল৷ ৰামে নিজৰ আত্মাৰ সত্যতাক উদ্ভাসিত কৰিছিল৷ তেওঁ নিজৰ স্ব-গৰিমাক পুনঃস্থাপিত কৰি তাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছিল৷ ভগৱান ৰামে তেওঁৰ বংশই নিৰূপণ কৰা ভূমিকা গ্ৰহণ কৰা নাছিল৷ আমি প্ৰতিটো শ্লোকতে এইসমূহ দেখিবলৈ পাওঁ৷ যেতিয়া তেওঁ অযোধ্যাৰ পৰা বাহিৰলৈ ওলাইছিল, আনকি নগৰৰ সীমাৰ পৰা বাহিৰলৈ ওলোৱাৰ আগেয়েও সমগ্ৰ বিশ্বক প্ৰদক্ষিণ কৰি সমগ্ৰ মানৱতা নিজৰ মাজত অন্তৰ্ভুক্ত কৰি তেওঁ নিজৰ জীৱনৰ জৰিয়তে আদৰ্শসমূহৰ জীৱন্ত উদাহৰণ স্থাপিত কৰিছিল৷

আৰু সেইবাবেই মই ভাবো যে বিবেকানন্দপুৰমত ৰামায়ন দৰ্শনম, নিজৰ বাবেই প্ৰাসংগিক আৰু আমি সকলোৱে গম পাইছোঁ যে উত্তৰণৰ বাবে এখন শক্তিশালী সমাজৰ প্ৰয়োজন আৰু শাসন ব্যৱস্থা সু-পৰিচালিত হোৱা উচিত৷

 

যেতিয়া আমি ৰামজীৰ কথা ভাবো তেতিয়া মানৱ বিকাশ, প্ৰণালীৰ বিকাশ স্বাভাৱিকতে প্ৰস্ফুটিত হৈ উঠে৷

 

ভাতৃ আৰু ভগ্নীসকল, একনাথজীয়েও আধ্যাত্মিক শক্তিক জাগ্ৰত কৰি দেশৰ কৰ্মদলক সৃজনীমূলক কৰ্মত আৱণ্টিত হোৱাটো বিচাৰিছিল৷ আৰু আজি যেতিয়া হনুমানজীৰ মূৰ্তি বিবেকানন্দ কেন্দ্ৰত স্থাপিত হৈছে তেতিয়া আমি তেওঁৰ উদ্ধৃতিৰ অনুপ্ৰেৰণাৰ মৰ্মাৰ্থ উপলব্ধি কৰিছোঁ৷

 

হনুমানজীৰ অৰ্থ আত্মত্যাগী সেৱা, হনুমানজীৰ উৎসৰ্গা আৰু নিষ্ঠাই তেওঁক আত্মত্যাগী বলৈ উৎসাহ জগাইছিল৷ যেতিয়া তেওঁ সাগৰৰ ওপৰেৰে যাত্ৰা কৰিছিল তেতিয়া মৈনাক পৰ্বতে তেওঁক ক্ষন্তেক বিশ্ৰাম বলৈ আহ্বান জনাইছিল কিন্তু লক্ষ্য প্ৰাপ্তিৰ পূৰ্বে হনুমানজীয়ে বিশ্ৰামৰ কথা চিন্তা কৰা নাছিল৷

 

ভাৰত ৰত্ন টি ৰাজাগোপালচাৰীয়ে হনুমানজীৰ এই আত্মত্যাগী সেৱাৰ বিষয়ে লিখিছিল৷ যেতিয়া হনুমানজী মাতা সীতাক সাক্ষাৎ কৰি ঘূৰি আহিছিল তেতিয়া তেওঁ ভগৱান ৰামক দেৱী মাতৃৰ কল্যাণৰ বিষয়ে সংবাদ দিছিল৷ তেতিয়া ৰামজীয়ে কৈছিল, ‘‘হনুমানে যি কাৰ্য কৰি দেখুৱালে সেয়া বিশ্বৰ কোনেও কল্পনা কৰা নাছিল যে সাগৰ পাৰ হৈ ৰাৱণৰ দ্বাৰা সুৰক্ষিত লংকাত প্ৰৱেশ কৰি এই কাৰ্য সমাধা কৰিব পাৰিব৷ তেওঁৰ ৰজাই ন্যস্ত কৰা এই কৰ্ম সম্পাদনৰ জৰিয়তে তেওঁ আশাতীতভাৱে সকলোৰে প্ৰত্যাশা পূৰণ কৰিছে৷’’

 

ৰামজীয়ে কৈছিল যে হনুমানজীয়ে যি কৰিলে সেয়া কোনেও আশা কৰা নাছিল৷ হনুমানজীয়ে অতিক্ৰম কৰা কঠিন সাগৰখনৰ কথা কোনেও চিন্তা কৰিব পৰা নাছিল৷

 

আৰু ভাতৃ তথা ভগ্নীসকল, সেইবাবে আমিসকলোৰে সৈতে, সকলোৰে বিকাশ আদৰ্শৰ পথত খোজ দিছোঁহক৷

 

দাৰিদ্ৰতকৈও দাৰিদ্ৰতম লোকৰ জন ধন আঁচনিৰ জৰিয়তে বেংকিং ব্যৱস্থাৰ সৈতে সংযোজিত কৰি আজি আমি দুখীয়াৰ বাবে প্ৰণালীৰ বিকাশৰ পথত আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ৷ আৰু তাত বীমাৰ সুবিধাও প্ৰদান কৰা হৈছে৷ কৃষকসকলে ইয়াৰ সুবিধা প্ৰাপ্ত কৰিছে৷ কৃষকসকলক ন্যূনতম মূল্যত শস্য বীমা প্ৰদান কৰা হৈছে৷ আমি কন্যা সন্তানৰ শিক্ষা আৰু সুৰক্ষা প্ৰদানৰ বাবে বেটি বচাও, বেটি পঢ়াও আঁতনি সমগ্ৰ ৰাষ্ট্ৰতে প্ৰণয়ন কৰিছোঁ৷ গৰ্ভৱতী মহিলাক বিত্তীয় সাহায্য প্ৰদানৰ বাবে ৰাষ্ট্ৰজুৰি আঁচনি প্ৰণয়ন কৰা হৈছে৷ পঞ্চাশ মিলিয়ন পৰিয়ালৰ মাতৃসকল যিয়ে ইমান দিনে খাদ্য ৰন্ধাৰ বাবে মাটিৰ চৌকা ব্যৱহাৰ কৰি আছিল আৰু এদিনত তেওঁলোকে চাৰিশটা চিগাৰেটৰ সমান ধোঁৱা উশাহত গ্ৰহণ কৰিবলগীয়া হৈছিল, তেওঁলোকক সুস্বাস্থ্য আৰু শুশ্ৰূষা প্ৰদানৰ অৰ্থে আমি ৫০ মিলিয়ন পৰিয়ালক গেছ সংযোগ দিয়াৰ সংকল্প লো আৰু ইতিমধ্যে ১৫ মিলিয়ন গেছ সংযোগ দিয়া হৈছে৷

 

নিপীড়িত, অৱহেলিত তথা বঞ্চিতসকলক প্ৰদান কৰা সেৱাই আমাক এটা সূত্ৰ প্ৰদান কৰিছে, ‘‘মানৱ সেৱাই ভগৱান সেৱা৷’’ দেশৰ দলিত যুৱ সমাজক ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়াৰ জৰিয়তে সৱলীকৰণ কৰা হৈছে৷ ব্যয়সাধ্য হাৰত ক্ষুদ্ৰ ব্যৱসায়ীসকলক মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদান কৰা হৈছে৷ দৰিদ্ৰ লোকক সৱলীকৰণ কৰিহে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰি৷ যেতিয়া দুখীয়া লোক শক্তিশালী হয় তেতিয়া তেওঁ স্বয়ং দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হয়৷ আৰু তেওঁ দৰিদ্ৰতাৰ পৰা পোৱা স্বাধীনতা উপভোগ কৰে আৰু নতুন শক্তিৰ সৈতে আগুৱাই যায়৷

 

ৰামায়ণত ভগৱান ৰাম আৰু ভৰতৰ মাজত শাসনৰ সমস্যা সম্পৰ্কে কিছু আলোচনা হৈছিল৷ তেতিয়া ভগৱান ৰামে ভৰতক কৈছিলঃ

 

कच्चिद् अर्थम् विनिश्चित्य लघु मूलम् महा उदयम् |

क्षिप्रम् आरभसे कर्तुम् दीर्घयसि राघव ||

ইয়াৰ অৰ্থ লঃ ৰামে ভৰতক এনেকুৱা আঁচনি প্ৰণয়ন কৰিবলৈ কৈছিল যে যিবোৰৰ দ্বাৰা সৰ্বাধিক সংখ্যক লোক কম ব্যয়ত উপকৃত হয়৷ তেওঁ ভৰতক এনে আঁচনি প্ৰণয়নত বিলম্ব নকৰিবলৈও কৈছিল৷

आयः ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः |

अपात्रेषु ते कच्चित् कोशो गग्च्छति राघव ||

ভগৱানে ৰামে ভৰতক এয়াও নিৰ্দেশ দিছিল যে এই কথা সদায়েই মনত ৰাখিব লাগে যে উপাৰ্জন সদায়েই যাতে ব্যয়তকৈ বেছি লাগে৷ তেওঁ লগতে এয়াও কৈছিল যে সামৰ্থৱান সকলে ৰাজকোষৰ সুবিধা পোৱা উচিত নহয়৷

সামৰ্থৱান লোকৰ পৰা ৰাজহুৱা ধন সঞ্চয় কৰাটোও সুশাসনৰ এটা সংস্কৃতি৷ আপোনালোকে দেখিছে যে আমি হিতাধিকাৰীসকলক লাভৰ প্ৰত্যক্ষ সুবিধা প্ৰদানৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাইছোঁ৷ ভুৱা ৰেচন কাৰ্ড, ভুৱা গেছ সংযোগ, ভুৱা শিক্ষক, অন্য সুবিধা আদায় কৰি থকা ভুৱা লোক আদিক বাতিল কৰাৰ যোগেদি এই চৰকাৰে এইসমূহ পদক্ষেপ অভিযানভিত্তিত গ্ৰহণ কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল, আজি পাঁচবিধ লোৰে নিৰ্মিত ভাৰত মাতাৰ মূৰ্তি ভাৰত মাতা সদনত স্থাপন কৰি জনসাধাৰণলৈ উচৰ্গা কৰা হৈছে৷ ভাৰত মাতাৰ এই প্ৰতীকৰ প্ৰতি জনসাধাৰণৰ নিষ্ঠা সঁচাকৈয়ে মংগলজনক৷ যিসকল লোক ইয়াৰ সৈতে জড়িত হৈছে, যিসকল লোকে এই পৱিত্ৰ কৰ্মৰ প্ৰতি নিজকে উৎসৰ্গিত কৰিছে তেওঁলোকক মই মূৰ দোৱাইছোঁ৷

বন্ধুসকল, বিবেকানন্দ মেমৰিয়েলৰ কাষত স্থাপন কৰা সন্ত থিৰুৱাল্লুৱাৰ মূৰ্তিটো মই মূৰ দোৱাইছোঁ৷ সন্ত থিৰুৱাল্লুৱাৰৰ শিকনি আজিও প্ৰাসংগিক৷ যুৱ সমাজৰ বাবে তেওঁ এইদৰে বাৰ্তা প্ৰেৰণ কৰিছিল, ‘‘এই বালিয়া ভূমিত তোমালেকে যিমানে সন্ধান কৰিবা, সিমানেই তলত বসন্ত প্ৰাপ্তি কৰিবা; যিমানেই শিকিবা সিমানেই জ্ঞানৰ তৰংগিনীৰ স্ৰোত ব৷’’

ইয়াৰ অৰ্থ লঃ যিমানেই তুলি বালিয়া ভূমি খনন কৰিবা, এদিন তুমি নিশ্চয় পানী পাবাই৷ ঠিক সেইদৰে যিমানে তুমি শিকিবা, এদিন তুমি নিশ্চিতভাৱে জ্ঞানৰ সন্ধান পাবাই৷

আজি যুৱ দিৱসৰ দিনা দেশৰ সমগ্ৰ যুৱ সমাজক মই আহ্বান কৰিছোঁ যে কেতিয়াও শিক্ষাৰ প্ৰক্ৰিয়াক স্তব্ধ নিদিব৷ কেতিয়াও নিজৰ অন্তৰৰ বিদ্যাৰ্থীজনৰ মৃত্যু বলৈ নিদিব৷ যিমানেই আপুনি শিকিব সিমানেই আপুনি নিজৰ আধ্যাত্মিক শক্তি, দক্ষতা বিকশিত কৰিব পাৰিব৷

কিছুমান মানুহে বুজাত ভুল কৰে যে আধ্যাত্মিক শক্তিৰ অৰ্থ কি? তেওঁলোকে ইয়াক ধৰ্মীয় দৃষ্টিৰে চায়৷ কিন্তু আধ্যাত্মিক শক্তি ধৰ্মৰ ঊৰ্ধত৷ প্ৰত্যক্ষভাৱে মানৱ মূল্য আৰু স্বৰ্গীয় শক্তিৰ সৈতে জড়িত৷ আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, এই ভূমিৰ এজন মহান সন্তান ডঃ এপিজে আব্দুল কালামে কৈছিলঃ

‘‘মোৰ বাবে আধ্যাত্মিকতা ভগৱান আৰু স্বৰ্গীয়তাৰ সৈতে সংলগ্ন হোৱাৰ এটা পথ৷ আমাৰ আধ্যাত্মিক জীৱনৰ সৈতে জড়িত থাকি আমি ভূমিৰ সংস্পৰ্শত থাকোঁ আৰু ইয়ে সদায়েই আমাক জীৱনৰ মূল্য আৰু গুৰুত্বপূৰ্ণ মূল্য যেনে সাধুতা, ওচৰ চুবুৰীয়াৰ প্ৰতি সদ্ভাৱ আৰু বহুটো গুৰুত্বপূৰ্ণ দিশ সোঁৱৰাই থাকে যিয়ে কৰ্মক্ষেত্ৰক ধনাত্মক পৰিৱেশ প্ৰদান কৰে৷’’

মই সুখী যে বিবেকানন্দ কেন্দ্ৰই বহু দশকজুৰি এই দিশত কাম কৰি আছে৷ আজি বিবেকানন্দ কেন্দ্ৰৰ ২০০ত কৈও অধিক শাখা আছে আৰু এই কেন্দ্ৰই দেশৰ ৮০০টাত কৈও অধিক স্থানত প্ৰকল্প প্ৰণয়ন কৰি আছে৷ নিৰৱচ্ছিন্নভাৱে স্বাস্থ্য, শিক্ষা, গ্ৰামীণ ভাৰত আৰু সংস্কৃতিৰ দিশত কাম কৰি আছে৷

পাটনাৰ পৰা ৰ্ট ব্লেয়াৰলৈ, কাৰ্বি আংলঙৰ পৰা অনন্তনাগলৈ, ৰামেশ্বৰমৰ পৰা ৰাজকোটলৈ ইয়াৰ উপস্থিতি বিদ্যমান৷ মই বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বিবেকানন্দ কেন্দ্ৰৰ কামৰ শলাগ লৈছোঁ৷ একনাথজীৰ সময়চোৱাত অৰুণাচলত বহুতো আৱাসিক বিদ্যালয় খোলা হৈছিল৷ আজি উত্তৰ পূৰ্বাঞ্চলত বিবেকানন্দ কেন্দ্ৰ ৫০টাত কৈও অধিক স্থানত বিভিন্ন সামাজিক কৰ্মৰ সৈতে সংবদ্ধ হৈছে৷

অসংখ্য শিক্ষাৰ্থী, আইআইটিৰ শিক্ষাৰ্থী, চিকিৎসক আৰু পেছাদাৰীসকলে বিবেকানন্দ কেন্দ্ৰত স্বেচ্ছাসেৱী হিচাপে কাম কৰি আছে৷ এই কামৰ বাবে তেওঁলোকক কোনো বেতন প্ৰদান কৰা নহয় আৰু এই সকলোবোৰ কাম কৰ্তব্যবোধ হিচাপে কৰা হয়৷ মই বিশ্বাস কৰোঁ যে সমাজলৈ সেৱা প্ৰদান কৰা এই স্বেচ্ছাসেৱীসকল আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস পাৰে৷ তেওঁলোকে এক সাধাৰণ জীৱন-যাপন কৰিও সমাজৰ বাবে আদৰ্শস্বৰূপ পাৰে৷ তেওঁলোকে দেশৰ যুৱ সমাজক পথ প্ৰদৰ্শন কৰিব পাৰে৷

আজি বিবেকানন্দ কেন্দ্ৰৰ সৈতে জড়িত লোকসকলে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ মই আশাবাদী যে কেন্দ্ৰই এই একেটা ধাৰাতা ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও নিৰৱচ্ছিন্নভাৱে বিবেকানন্দৰ সৃষ্টি কৰি যাব৷

আজি প্ৰতিজন ব্যক্তিয়েই যিয়ে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ কৰ্তব্য পালন কৰিছে, তেওঁ এজন বিবেকানন্দ৷ প্ৰতিজন ব্যক্তিয়েই যিয়ে নিপীড়িত, বঞ্চিত আৰু শোষিতৰ হকে কাম কৰিছে তেওঁ এজন বিবেকানন্দ৷ প্ৰতিজন ব্যক্তিয়েই যিয়ে তেওঁৰ শক্তি-সামৰ্থ, বিচাৰধাৰা, উদ্ভাৱন সমাজৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিছে, তেওঁ এজন বিবেকানন্দ৷

আপোনালোকে সংবদ্ধ হৈ থকা এই অভিযানটো মানৱতা, আমাৰ সমাজ, আমাৰ দেশৰ বাবে এক তপস্যাস্বৰূপ৷ মই আশা কৰোঁ যে আপোনালোকে একে অনুভৱেৰে দেশৰ প্ৰতি এই সেৱা আগবঢ়াই যাব৷

পুনৰবাৰ মই বিবেকানন্দজীৰ জন্মবাৰ্ষিকী উপলক্ষে, এই যুৱ দিৱস উপলক্ষে আপোনালোকক শুভ কামনা জনাইছোঁ৷ মই বাপুক জয় শ্ৰী ৰাম জনাইছোঁ, এইখিনিতে মই পৰমেশ্বৰমজী আৰু অন্যৰ প্ৰতি মূৰ দোৱাই সামৰণি মাৰিব খুজিছোঁ৷ আৰু মই বিশ্বাস কৰোঁ যে যিদৰে মোক কন্যাকুমাৰীলৈ নিমন্ত্ৰণ কৰা হৈছে, এয়া যেন মোৰ ঘৰৰ দৰে, চাওঁ, আগলৈ কেতিয়াকৈ ইয়ালৈ আহিবলৈ মই সুযোগ পাওঁ৷ মই ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমণ কৰি ফুৰোঁ, আৰু মই আশাবাদী যে এই ভ্ৰমণৰ মাজতে কেতিয়াবা ইয়ালৈ আহিবলৈ সুযোগ পাম৷ মই নিশ্চিতভাৱে এই ভূমিৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আহিম, আপোনালোকৰ সৈতে সময় কটাম৷ মই দুঃখিত যে আজি সোঁশৰীৰে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলোঁ৷ ইয়াত দিল্লীত শীত আৰু তাত গৰম৷ এই দুটাৰ মাজত আমি নতুন শক্তি, নতুন উদ্দীপনাৰে আগুৱাম৷ এই অনুভৱৰ সৈতে এই পৱিত্ৰ উপলক্ষত আপোনালোক সকলোলৈ মই মোৰ শুভ কামনা যাছিলোঁ৷ ধন্যবাদ৷

***

 

AKT/AK/KT/RSB/AK/MANN



(Release ID: 1538541) Visitor Counter : 125


Read this release in: English , Tamil